24
Sep
জনতাৰ শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই আজি সকলো ম্ৰিয়মান । ছিংগাপুৰত অকাল মৃত্যুক সাবটি লোৱা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুক আজিও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে । সোণাপুৰৰ সেউজীয়াৰ মাজত আপোন শিল্পীগৰাকী বিলীন হোৱাৰ পিচতো তেওঁৰ মৃত্য়ুক লৈ সকলোৱে সৰৱ হৈ পৰিছে ।ছিংগাপুৰৰ সাগৰত সাঁতোৰাৰ ভিডিঅ' সামাজিক মাধ্য়মত প্ৰচাৰ হোৱাৰ পিচত সকলোৱে তেওঁৰ মৃত্য়ুক লৈ কৰিছে সন্দেহ । ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ সহায়ক সিদ্ধাৰ্থ শৰ্মা, অভিমন্যু তালুকদাৰৰ লগতে আন কেইবাজনলৈ অনুৰাগীয়ে টোৱাইছে সন্দেহৰ আঙুলি । সেইবাবে ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাট জিলাৰ কেইবাঠাইতো এইসকলৰ বিৰুদ্ধে তৰা হৈছে গোচৰ । শিল্পী গৰাকীৰ শেষকৃত্য় সম্পন্ন…
