Dipshikha

2947 Posts
ভাৰতীয় বায়ুসেনা দিৱস

ভাৰতীয় বায়ুসেনা দিৱস

আজি ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতি বছৰে এই দিৱসটো ৮ অক্টোবৰত পালন কৰা হয়। কিয়নো আজিৰ দিনটোতে দেশৰ অন্যতম সন্মানীয় সশস্ত্ৰ বাহিনী সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। ১৯৩২ চনত প্ৰতিষ্ঠা হোৱা ভাৰতীয় বায়ুসেনাই দেশৰ আকাশমাৰ্গ সুৰক্ষিত কৰাৰ লগতে ভাৰতৰ জাতীয় আৰু মানৱীয় স্বাৰ্থক সকলো ভাবুকিৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই দিনটোত IAF ৰ জোৱানকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়।
Read More
ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল

ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল

ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল। ৩ গৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ ন’বেল। ছুছুমু কিটাগাৱা, ৰিছাৰ্ড ৰকছন, উমৰ এম য়াঘিলৈ এই সন্মান।এইবাৰ একেলগে তিনিগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে এই বঁটা। এইবাৰ জাপান, আমেৰিকা, অষ্ট্ৰেলিয়াৰ বিজ্ঞানীসকলক ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ধাতু-জৈৱিক কাঠামোৰ বিকাশৰ কামৰ বাবে চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক এই পুৰস্কাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
Read More
পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে

পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে

পুনৰ বহু ৰেকৰ্ড গঢ়িলে বৈভৱ সূৰ্যবংশীয়ে। ১৯ বছৰ অনুৰ্ধ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি কেইবাটাও অভিলেখ ভংগ কৰে বৈভৱে। ভাৰতে প্ৰথমখন বহুদিনীয়া মেচত এটা ইনিংছ আৰু ৫৮ ৰাণেৰে জয়লাভ কৰে।এই খেলত ভাৰতৰ বৈভৱ সূৰ্যবংশীয়ে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইমানেই নহয়, তেওঁ বহু ৰেকৰ্ডো ভংগ কৰে।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৈভৱে ৮৬টা বলত ১১৩ ৰান সংগ্ৰহ কৰি ৮টা ছয় আৰু ৯টা চাৰি কোবায়। মাত্ৰ ৭৮টা বলত তেওঁ অৰ্জন কৰিবলৈ সক্ষম হয়। এই শতকটোৱে আছিল যুৱ টেষ্টত অষ্ট্ৰেলিয়াৰ মাটিত এজন বেটছমেনৰ সৰ্বাধিক দ্ৰুত শতক। ইয়াৰোপৰি বৈভৱে ৬ কোবাই অভিলেখ গঢ়ে।
Read More
আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ

আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ

আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ। গাজা শান্তি আলোচনাৰ ওপৰত আমেৰিকাক সমৰ্থন নকৰে বুলি কয় পাকিস্তানে। দেশখনৰ এই সিদ্ধান্তৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে।বৈদেশিক মন্ত্ৰী ইছহাক দাৰে মঙলবাৰে কয় যে, এই পৰিকল্পনা ৮ খন মুছলিম দেশে দাখিল কৰা প্ৰস্তাৱৰ পৰা পৃথক। তেওঁৰ মতে, ট্ৰাম্পৰ পৰিকল্পনাত যুদ্ধবিৰতি, মানৱীয় সাহায্য প্ৰদান, বলপূৰ্বক স্থানচ্যুতিৰ অন্ত পেলোৱা আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাই। যাৰ বাবে এই চুক্তিত পাকিস্তানে সমৰ্থন নকৰে।উল্লেখ্য যে, ২৯ ছেপ্টেম্বৰত হোৱাইট হাউচত সংবাদমেল সম্বোধন কৰি এই শান্তি পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে। সেই সময়ত তেওঁ দাবী কৰিছিল যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু অসীম মুনিৰে এই পৰিকল্পনাত ১০০ শতাংশ সমৰ্থন…
Read More
টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন

টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন

টীয়কত ভয়ংকৰ দুৰ্ঘটনাতপতিত ভগামুখ আৰক্ষীৰ বাহন। ৫ জন আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাজী নদীত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যন্দ্ৰ মালাকাৰৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। উপ পৰিদৰ্শক মৰমী নাথ, স্থানীয় ব্যক্তি পৱন গগৈ, এজন কামণ্ড আৰু দুজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।
Read More
পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ

পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ

পূজাৰ বতৰত অসমবাসীৰ বাবে সুখবৰ । অৱশেষত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীৱ-জন্তুৰ বাধাহীন চলাচল সুনিশ্চিত কৰিবলৈ ৩৪.৪৫ কিলোমিটাৰ এলিভেটেড কৰিড'ৰৰ বাবে বিত্তীয় অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ৷ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে কলিয়াবৰ-নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ ৮৫ কিলোমিটাৰ সম্প্ৰসাৰণত ।অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ 'NH-715'ৰ কালিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণৰ বাবে বুধবাৰে অনুমোদন জনাইছে । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে নিৰ্মাণ হ'বলগীয়া ৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ প্ৰকল্পৰো অনুমোদন দিছে । এই প্ৰকল্পই অসমৰ সংযোগ ব্যৱস্থাত এক নতুন মাত্ৰা যোগ কৰিব আৰু মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ এক নতুন নজিৰ স্থাপন…
Read More
আজি তৃতীয় তথা চূড়ান্ত মেচখনত অৱতীৰ্ণ হ’ব ভাৰত আৰু পাকিস্তান

আজি তৃতীয় তথা চূড়ান্ত মেচখনত অৱতীৰ্ণ হ’ব ভাৰত আৰু পাকিস্তান

এছিয়া কাপ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিযোগিতাৰ সূচী অনুসাৰে ভাৰত আৰু পাকিস্তান তিনিবাৰ মুখামুখি হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছিল। ইতিমধ্যে দুয়োটা দলেই চলিত প্ৰতিযোগিতাত দুবাৰ পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হৈছে। এতিয়া সম্ভাৱনাৰ দৰেই আজি তৃতীয় তথা চূড়ান্ত মেচখনত অৱতীৰ্ণ হ’ব দল দুটা।দুই চুবুৰীয়া ক্ৰিকেট শক্তি ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব এই খিতাপ যুঁজত। সাধাৰণতেই ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট মেচ বুলিলে সমগ্ৰ ক্ৰিকেট বিশ্বত এক বিশেষ উন্মাদনা দেখা যায়। দুয়ো দেশৰ ক্ৰিকেট অনুৰাগীসকলক এই মেচৰ উন্মাদনাই বাৰুকৈয়ে স্পৰ্শ কৰে।
Read More
প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়

প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়

প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয়। কন্যাসকল ঈশ্বৰৰ বহুমূলীয়া উপহাৰ, জন্মৰ লগে লগে প্ৰতিখন ঘৰতে আনন্দ কঢ়িয়াই আনে। সেয়ে পৰিয়ালত সকলোৰে প্ৰিয় বুলি গণ্য কৰা হয়। দুটা পৰিয়াললৈ গৌৰৱ কঢ়িয়াই অনা কন্যাৰ বাবে প্ৰশংসাই যথেষ্ট হ’ব নোৱাৰে।ৰাষ্ট্ৰসংঘই ২০১২ চনৰ ১১ অক্টোবৰত ছোৱালীক সন্মান জনোৱা আৰু মানুহক তেওঁলোকৰ গুৰুত্ব বুজিবলৈ উদ্যোগ লৈ কন্যাৰ বাবে এটা দিন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰসংঘৰ এই পদক্ষেপৰ পিছত সমগ্ৰ বিশ্বতে কন্যা দিৱস পালন কৰা হয়। ভাৰতত প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ অন্তিম দেওবাৰে এই দিৱস পালন কৰা হ
Read More
তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা

তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা

তামিলনাডুৰ কাৰুৰত TVK ৰ মৰব্বীৰ বিজয়ৰ ৰেলীত পদপিষ্টৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰী ষ্টেলিনৰ তথ্য অনুসৰি, এই ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৫১ জন লোকক আই চি ইউত চিকিৎসাধীন হৈ আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। ইফালে, অঘটন সংঘটিত হোৱাৰ লগে লগে নিশা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ক্ষতিপূৰণৰ কথাও ঘোষণা কৰে।প্ৰত্যক্ষদৰ্শীৰ মতে, বিজয়ৰ ৰেলী আনকি আৰম্ভ হোৱাৰ আগতেই এক বৃহৎ জনসমাগম হৈছিল। ইয়াৰ পিছতো কেইবা ঘণ্টা পলম হোৱাৰ পিছতো বিজয় নিজেই ৰেলীত ভাষণ দিবলৈ উপস্থিত হয়। এই সময়ছোৱাত মানুহে মঞ্চৰ কাষ চাপিবলৈ ধৰিলে।…
Read More
জুবিন গাৰ্গৰ জীৱনভিত্তিক ছবি নিৰ্মাণ হ’ব বলিউদত

জুবিন গাৰ্গৰ জীৱনভিত্তিক ছবি নিৰ্মাণ হ’ব বলিউদত

জুবিন গাৰ্গৰ জীৱনভিত্তিক ছবি নিৰ্মাণ হব বলিউদত। এই ঘোষণা কৰিলে বলিউদৰ বিশিষ্ট প্ৰযোজিকা একতা কাপুৰে। নেটফ্লিক্স আৰু বালাজী টেলিফিল্মছৰ সহযোগত নিৰ্মাণ হ'ব এই ছবিখন। ২০২৬ৰ পৰা চবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হোৱাৰ কথা ঘোষণা।ছবিখনৰ প্ৰযোজিকাৰ দায়িত্বত থাকিব একতা কাপুৰ।ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যৰ বাবে এটা দল আহিব অসমলৈ।জুবিনৰ পৰিয়াল আৰু ঘনিষ্ঠৰ সৈতে পৰ্যায়ক্ৰমে আলোচনাত মিলিত হ'ব দলটো।
Read More