Dipshikha

3305 Posts

মুছলপুৰত দুৰ্নীতি নিবাৰক বিভাগৰ অভিযান বাক্সা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ

মুছলপুৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ বাক্সা জিলা স্বাস্থ্য বিভাগৰ মুছলপুৰস্থ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অভিযান ৷ কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ ৷ নিলীমা ভূঞা নামৰ অৱসৰী নাৰ্চ এগৰাকীৰ পেঞ্চনৰ কাম কৰাৰ বাবদ ৫০০০ টকা দাবী কৰিছিল বিপিন কলিতাই ৷ নাৰ্চগৰাকীয়ে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে ৷ সেইমতে আজি মুছলপুৰস্থ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নাৰ্চগৰাকীয়ে টকাখিনি দিয়াৰ পাছতে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ দলে বিপিন কলিতাক হাতে লোটে ধৰা পেলায় ৷ আজি উক্ত দলটোৱে কাৰ্যালয়ত প্ৰায় চাৰিঘন্টা ধৰি বিপিন কলিতাক জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷ পাছত মুছলপুৰ অসামৰিক…
Read More

বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত পাণবাৰী-পাতিলাদহা পথৰ বাল্লিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত পাণবাৰী-পাতিলাদহা পথৰ বাল্লিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন ব্যৱসায়ী থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ভাবে আহত হয়। শ্বাহেবুল আলী নামৰ মুৰ্গী ব্যৱসায়ীটোৱে AS 19D 4532 নম্বৰৰ YAMAHA বাইকখনেৰে পানবাৰী পৰা সৰভোগ অভিমুখে গৈ থকা অৱস্থাত পাতিলাদহাৰ পৰা আহি থকা AS 26B 4782 নম্বৰৰ মফেড খনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় শ্বাহেবুল আলি(৫২) নামৰ মুৰ্গী ব্যৱসায়ীজন। মৃত শ্বাহেবুলৰ ঘৰ ডেকাৰগুৰী (টেঙা গাওঁ) বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় বিজনীৰ ১ নং বিষ্ণুপুৰ নিবাসী তথা পাণ ব্যৱসায়ী জৱেশ মণ্ডল (৩০) নামৰ লোকজন। আহত লোক জনক ততাতৈয়াকৈ…
Read More

বাক্সাৰ ছামঠাইবাৰীৰ হাকোৱা নদীত উদ্ধাৰ হোৱা অৰ্ধ গলিত মৃতদেহ চিনাক্ত

বাক্সা জিলাৰ লাবদাংগুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত ছামঠাইবাৰীৰ হাকোৱা নদীত পানীত উপঙি থকা অৱস্থাত অচিনাক্ত এটি গলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷স্থানীয় ৰাইজে হাকোৱা নদীত পানীত এটি মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লাবদাংগুৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মুছলপুৰলৈ প্ৰেৰণ কৰাৰ পিছত যোৱা নিশা পৰিয়ালৰ লোকে মৃতদেহটো বৰপেটা জিলাৰ ভেটুমাৰী টুপৰ আবুবক্কৰ ছিদ্দিক বুলি চিনাক্ত কৰে ৷আজি মৃতদেহটো ঘৰলৈ অনাৰ পিছত পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠে ৷ ইপিনে বাক্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানে ঘটনাটো এক উচিত তদন্তৰ দাবী জনাইছে ৷
Read More

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাত ৰাইজে পাতিলে ভেকুলীৰ বিয়া

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ লখিমপুৰৰ নাওবৈচাত ৰাইজে পাতিলে ভেকুলীৰ বিয়াআয়তিৰ উৰুলিৰে উদুলি মুদুলি বিয়া ঘৰৰ পদুলি ৷ দৰা ঘৰীয়া সাজু হৈছে ন কইনাক আদৰিবলৈ ৷ ইফালে কইনা ঘৰীয়াৰ গাত নাই তত ৷ আইহঁতৰ মুখত বিয়া নাম ৷ কোনোৱে যদি পানী তুলিবলৈ গৈছে, আনফালে আকৌ পৰম্পৰাগত ৰীতি-নীতিৰে দৰা-কইনাক গা ধুৱাবলৈ সাজু হৈছে আনসকল মহিলা ৷বৰষুণৰ অভাৱত এতিয়া কৃষক ৰাইজে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । বৰষুণ নোহোৱাৰ ফলতে আহাৰৰ বতৰতো পথাৰত মেলিছে ছিৰাল ফাঁট । বৰষুণৰ অভাৱত পথাৰত চন পৰি ৰৈছে বহু হাজাৰ কৃষিভূমি । যাৰ ফলত এই ভৰ আহাৰৰ সময়ত কৃষকসকলে পথাৰত ব্যস্ত হোৱাৰ পৰিৱৰ্তে ছিৰাল ফাঁট মেলা…
Read More

চকুমুদা কুলিৰ ভাও ৰূপত গোৰেশ্বৰ বন বিভাগ

বাইহাটা চাৰিআলি-ৰামগাঁও- নাগ্ৰিজুলি গড়কাপ্টানী পথত বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম। নিশা হ'লে গোৰেশ্বৰ নাগ্ৰিজুলি পথত চলে অবৈধ ডাম্পাৰৰ দৌৰাত্মক ।এই দূৰ্নীতিৰ বিৰুদ্ধে কোনো কানসাৰ নাই বিভাগীয় পক্ষৰ। উল্লেখযোগ্য যে অতিষ্ঠ হৈ স্থানীয় ৰাইজ তথা দল সংগঠন, বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিককো বাধা প্ৰদান স্বহীদ আলী নামৰ দালালজনে।অন কেমেৰাত ভাবুকি প্রদান কৰিলে ডাম্পাৰৰ দালালে। এজন মহাপুৰুষ নাম স্বহীদ আলী। পেচাত পিছে এজন বন বিভাগৰ ব্যক্তিগত ড্ৰাইভাৰ। পিছে এতিয়া স্বহীদ আলীৰ নেতৃত্বে চলিছে বন বিভাগৰ সন্মুখেৰে চালান বিহিন শ-শ ডাম্পাৰ। সাংবাদিকক ভাবুকি প্ৰদান কৰি AS25F1045 নম্বৰৰ এল্ট গাড়ীৰে পলায়ন কৰে স্বহীদ আলীয়ে ।। ইপিনে চকুমুদা কুলিৰ ভাও ৰূপত গোৰেশ্বৰ বন বিভাগৰ বিষয়া অনুপ…
Read More

অসমত বাসকৰা সকলো সম্প্ৰদায়ে প্ৰকৃত অসমীয়া : এবিএমছু

অসমত গৰীয়া, মৰীয়া আদি সম্প্ৰদায়ৰ ব্যক্তি সকলক নতুনকৈ খিলঞ্জীয়া বুলি পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই । অসমত বাসকৰা সকলো সম্প্ৰদায়ে প্ৰকৃত অসমীয়া : এবিএমছু । অসমত বাসকৰা সকলো মুছলমানে প্ৰকৃত অসমীয়া । নতুনকৈ গৰীয়া, মৰীয়া আদিকৰি মুছলমান সম্প্ৰদায়ৰ ব্যক্তি সকলক খিলঞ্জীয়া বুলি পৰিচয় দিয়াৰ কোনো প্ৰয়োজন নাই । বাক্সা জিলাৰ শিমলাবাৰীত অনুষ্ঠিত হোৱা এবিএমছুৰ সাধাৰণ সভাৰ অন্তত সাংবাদিকৰ আগত এনেদৰে গুৰুত্বপূৰ্ণ মন্ত্যব্য প্ৰকাশ কৰে এবিএমছুৰ সভাপতি মফিদুল ইছলামে । সভাপতি গৰাকীয়ে কয় যে এই সকল সম্প্ৰদায়ৰ লোক পুৰ্বৰ পৰা অসমীয়া তথা খিলঞ্জীয়া ব্যক্তি । এই ক্ষেত্ৰত চৰকাৰে কোনো সাংবিধানিক ভাবে কাম কৰা নাই । অকল ৰাজ্য চৰকাৰে নিজাববীয়াকৈ এটা নটিফিকেচন…
Read More

পকীঘৰ, চাকৰিয়াল, চাৰি চকীয়া গাড়ী থকাৰ পিছতো পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

পকী ঘৰ, চাকৰিয়াল, চাৰি চকীয়া গাড়ী থকাৰ পিছতো পালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ।এই অভিযোগ কাঠ মিষ্ট্ৰী কাম কৰি বহু কষ্টৰে পকী ঘৰ নিৰ্মাণ কৰি তালিকাত নাম থাকিও চৰকাৰী গৃহৰ পৰা বঞ্চিত হিতাধিকাৰীৰ। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত থুৰিবাৰী ভিচিডিচিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ উত্থাপন কৰিছে শ্ৰমিকৰ কাম কৰি বহু কষ্টৰে পকী ঘৰ নিৰ্মাণ কৰি তালিকাত নাম থাকিও চৰকাৰী গৃহৰ পৰা বঞ্চিত ব্যক্তি তথা ভিচিডিচিটোৰ অন্তৰ্গত ফুলকুমাৰী নিবাসী চতালু সূত্ৰধৰে। ভিচিডিচিটোৰ অন্তৰ্গত কেবাজনো হিতাধিকাৰীয়ে পকী ঘৰ, পৰিয়ালত চৰকাৰী চাকৰি, চাৰি চকীয়া গাড়ী থকাৰ পিছতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা বুলি অভিযোগ…
Read More

জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু।

জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু।মাতৃয়ে কান্দি কান্দি সহায়ৰ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক ।উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ মানিকপুৰৰ আৰক্ষী চকীৰ অন্তৰ্গত বাশবাৰীৰ নিত্তা চান্দ্ৰা দাসৰ পুত্ৰ সৌৰভ দাস(৩)জটিল ৰোগত আক্ৰান্ত দুই বছৰীয়া ফুল কুমলীয়া শিশু। আৰ্থিক ভাবে দুৰ্বল পৰিয়ালৰ লোক যাৰ ভাবে উন্নত চিকিৎসা কৰিব পৰা নাই শিশুটোৰ।বানপানীয়ে যথেষ্ট ক্ষতি কৰিছে পৰিয়ালটোৰ। আপোনাৰ অলপ সহায়ত হাঁহি বিৰিঙিব পাৰে এটা ফুলকুমলীয়া শিশুৰ ।অসমৰ মূখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক লৈ মাকে কান্দি কান্দি সহায়ৰ আহ্বান কৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেতিয়া হ'লেA/C No=30712417853IFSC=SBIN0009145A/C Holder name nitta chandra dasPHONE PE NO 9957417276 আৰু যদি পৰিয়ালৰ লোকৰ লগত যোগাযোগ…
Read More

নলবাৰীত ৰে’লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়

নলবাৰীত ৰে'লৰ পৰা পৰি এগৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়।আঘাতপ্রাপ্ত শ্ৰমিক গৰাকী চিৰাং জিলাৰ মোহিতচান্দ আলী বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে ৰে'ল লাইনৰ কাম কৰিবলৈ প্ৰায় ২০ জনীয়া এটা শ্ৰমিকৰ দল পাতিলাদহৰ পৰা আগ্যাথৰীলৈ চিফুং যাত্ৰীবাহী ৰে'লত গৈ আছিল। নলবাৰী ৰে'ল ষ্টেচন পোৱাৰ কিছু আগ মুহুর্তত শ্ৰমিক জন ৰে'লৰ পৰা পৰি দুৰ্ঘটনাতত পতিত হয়। দুৰ্ঘটনাতত পতিত হোৱাৰ পিছতেই তেওঁক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত শ্ৰমিক জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
Read More

স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

বটদ্ৰৱাৰ লালুংগাওঁত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।জানিব পৰা মতে শনিবাৰে পাৰিবাৰিক কাজিয়াৰ ফলত স্বামী এমৰাদুল হুছেইনে পত্নী ৰূপচানা খাতুনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ কৰিছে ৰূপচানাৰ পৰিয়ালৰ লোকে। এমৰাদুল ইছলামে মৃত ৰূপচানাক প্ৰায়ে মাৰপিট কৰিছিল আৰু এমৰাদুলৰ প্ৰথমা পত্নীকো অত্যাচাৰ কৰি খেদাই দিছিল বুলি মন্তব্য কৰিছে ৰূপচানাৰ ভগ্নীয়ে।উলেখ্য যে,বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুংগাঁওৰ এমৰাদুল আৰু ধনীয়াভেটিৰ ৰূপচানাৰ তিনিমাহ পূৰ্বে বিয়া হৈছিল।ভুক্তভোগী পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী চকীত এমৰাদুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ৰুজু কৰিছে এটা গোচৰ।আনহাতে স্বামী এমৰাদুল হুছেইনে হত্যাৰ কথা অস্বীকাৰ কৰি কৈছে যে পত্নীয়ে আইৰন ছাৰ্ফ খোৱাৰ ফলত তেওঁৰ মৃত্যু হৈছে।এতিয়া আৰক্ষীৰ তদন্তৰ…
Read More