Dipshikha

3305 Posts

লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ

কংগ্ৰেছ হাই কামাণ্ড ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে RD য়ে জাপি দিয়া গোচৰৰ বিৰুদ্ধে লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ।বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কিছু চৰকাৰী সংস্হাই কংগ্ৰেছৰ নেত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্ৰীযুতা ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে গোচৰ জাপি দি উক্ত গোচৰৰ তদন্তৰ অধীনত সোধা পুছাৰ নামত অযথা হাৰা-শাস্তি কৰাৰ কাৰণে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছী কৰ্মী সকলে।সমান্তৰাল কৈ লখিমপুৰ জিলাৰ কংগ্ৰেছ কমিটিয়ে জিলা উপায়ুক্তৰ কাৰ্যায়লৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।"নৰেন্দ্ৰ মোদী গো বেক"।"বিজেপি চৰকাৰ হাই হাই"।"অসম চৰকাৰ গো বেক,"আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি…
Read More

চিৰাঙত চুমা বিতৰ্কত এজন বিজেপি নেতা

চিৰাঙত চুমা বিতৰ্কত এজন বিজেপি নেতাৰ । মোবাইলে মোবাইলে বিয়পি পৰিছে এখন চুমাৰ ফটো ।বিজেপিয়ে নাৰীক দেৱী জ্ঞান কৰা আজি নাৰীক দেৱী জ্ঞান কৰা ফটো এতিয়া সকলোৰে মোবাইলে মোবাইলে বিয়পিছে এখন বিশেষ ফটো যিখন ফটো তোলাপাৰ লগাইছে সমগ্ৰ চিৰাং জিলাত । বিজেপিৰ চিৰাং জিলা সভাপতি ৰিন্টু কুমাৰ দাসে এগৰাকী মহিলাৰ গালত চুমা আকি দিয়া ফটোয়ে লগাইছে তোলপাৰ। বিজেপিৰ উপ-সভানেত্ৰীৰ গালত চুমা দিয়া ফটো এতিয়া সকলোৰে মোবাইলত। এয়াই নেকি বিজেপিৰ নাৰীক দেৱী জ্ঞানৰ নমুনা ।
Read More

ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই

ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই। উল্লেখযোগ্য যে বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী অপহৃত কিশোৰীৰ পিতৃৰ। অপহৃত কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰনকাৰীক গ্ৰেপ্তাৰ কৰাৰ নামত ভুক্তভোগী পৰিয়ালৰ পৰা ১২ হাজাৰ টকা লোৱাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে। কোকিলা মৌলবীপাৰাৰ শ্বফি ভূঞাৰ দশম শ্ৰেণীত অধ্যয়নৰত ১৬ বছৰীয়া কিশোৰীক গাওঁখনৰে শ্বাহ কামালৰ বিবাহিত পুত্ৰ আনোৱাৰ হুছেইনে যোৱা এমাহ আগত অপহৰন কৰি লৈ যায় ।ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়ালে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কোকিলাৰ ভাৰপ্ৰাপ্ত…
Read More

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লিত বিজেপি

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লতা বিজেপিৰ । বিজনী চহৰখনত বিজয় ৰেলিৰে আনন্দ–উল্লাস দলটোৰ স্থানীয় নেতা–কৰ্মীৰবিজেপি নেতৃত্বাধীন শাসকীয় এনডিএ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত হৈ পৰাৰ পিছত আজি বিয়লিৰ ফালে বিজনী স্থিত বিজেপিৰ জিলা কাৰ্য্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আনকি আনন্দত উৎফুল্লিত বিজেপিৰ স্থানীয় কাৰ্য্যকৰ্তা আৰু সমৰ্থকসকলে ‘বন্দে মাতৰম’, ‘ভাৰত মাতা কী জয়’, ‘‘দ্ৰৌপদী মুৰ্মূ জিন্দাবাদ আদি ধ্বনিৰে বিজনী ৰাজপথত এক বিশাল সমদলো উলিয়ায় আজিৰ সেই সমদলটোত বিজেপিৰ স্থানীয় বিভিন্ন বিষয়ববীয়াকৈ ধৰি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয় , উপস্থিত থাকে ।
Read More

বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

চিৰাঙৰ পাণবাৰীত মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম্ ডেভল'পমেণ্ট ছছাইটিৰ প্ৰতিবাদ। উল্লেখযোগ্য যে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ বাবে চৈধ্যটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম ডেভলপ'মেণ্ট ছছাইটিৰ উদ্যোগত বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বিটিচি প্ৰশাসনে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অত্যধিক হাৰত প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তিনি ঘণ্টীয়া গণ প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি প্ৰশাসনে পৰ্যটকৰ বাবে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে।বিটিচি প্ৰশাসনৰ এই বৰ্ধিত মাচুলৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ…
Read More

অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ

কলগাছিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিলৰটাৰীত আজি সংঘটিত হোৱা নাভূত নাশ্ৰুত ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলৰটাৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ আৰু একে গাঁৱৰে এটা সন্তানৰ পিতৃ মহম্মদ আলীৰ লগত আছিল দীৰ্ঘ দিনীয়া পৰকীয়া প্ৰেম। আজি মহম্মদৰ পত্নী ঘৰত নথকাৰ সুযোগত মহম্মদ আলীৰ ঘৰত প্ৰৱেশ কৰি লিপ্ত হয় অবৈধ শাৰীৰিক সম্পৰ্কত। খবৰ পাই মহম্মদৰ পত্নী ঘৰত উপস্থিত হৈ ওচৰ চুবুৰীয়াৰ সহযোগত পৰকীয়া প্ৰেমত লিপ্ত হোৱা মহিলা গৰাকীক মাৰপিট কৰাৰ লগতে যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ খবৰ পাই কলগাছিয়া আৰক্ষীয়ে পৰকীয়া…
Read More

লাহৰীঘাটত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

লাহৰীঘাটত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ বান গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত লাহৰীঘাটত মৰিগাওঁ জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মোখত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকৰ ছয়দফীয়া দাবীসম্বলিত এখন স্মাৰক পত্ৰ স্থানীয় চক্ৰবিষয়াৰ জৰিয়তে মৰিগাওঁ জিলা উপায়ুক্তলৈ প্ৰেৰন কৰে ।
Read More

বাক্সাৰ কৃষি পথাৰত ৰোৱনীৰ ৰূপত কাৰ্যবাহী সদস্য ঘনশ্যাম দাস

বাক্সাৰ কৃষি পথাৰত ৰোৱনীৰ ৰূপত কাৰ্যবাহী সদস্য ঘনশ্যাম দাসবাক্সাৰ এগৰাকী ব্যতিক্ৰমী জনপ্ৰতিনিধি। সাধাৰণ ৰোৱনীৰ সৈতে একাকাৰ হৈ পথাৰত বোকা পানী গচকি কঠিয়া ৰুই আনন্দ অনুভৱ কৰিছে এই গৰাকী জনপ্ৰতিনিধিয়ে। সাধাৰণ জনতাৰ সৈতে একাকাৰ হোৱা এই গৰাকী জনপ্ৰতিনিধি হ'ল বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস। যিসময়ত মন্ত্ৰী-বিধায়কে লোকক দেখুৱাবলৈ কেমেৰাৰ সন্মুখত পথাৰত নামি এক ক্ষনিক নাটকৰ সৃষ্টি কৰে তেনে সময়তে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কোনো ধৰণৰ কৃত্ৰিমতা নৰখাকৈয়ে আন্তৰিকতাৰে পথাৰত নামি বোকাত লুতুৰি পুতুৰি হোৱা দৃশ্যই সকলোকে আনন্দিত কৰি তুলিছে। নিজে কঁঠীয়া ৰোপণৰ পিছতে কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে আজি শ্ৰীলংকাত যি অৰ্থনৈতিক দূৰৱস্থাই দেখা দিছে, সেই দূৰৱস্থা আমাৰ দেশতো…
Read More

নগৰবেৰাত মাছৰ উজান

বানপানী শুকোৱাৰ পাছত বিল-জলাশয়ত উঠিছে মাছ-পুঠিৰ উজান ,হাতে-হাতে জাল-জাকৈ লৈ সকলো ব্যস্ত মাছ মৰাত | নগৰবেৰাৰ বিভিন্ন স্থানত দেখা গৈছে তেনে সমূহীয়া মৎস্য চিকাৰ। নগৰবেৰাৰ প্ৰতিবেশী শিমলীতোলাৰ এটা জলাশয়ৰ ,কেবাশতাধিক পুৰুষ-মহিলা হাতে-হাতে জাল-জাকৈ লৈ পানীত নামিছে মাছ-পুঠি বিচাৰি।নাই দুখ-ভাগৰ ,নাই জিৰণি .লক্ষ্য মাথো বিলৰ মাছেৰে খালৈ ভৰোৱাৰ। ,সকলো ব্যস্ত হয় পৰিছে নিজৰ হিচাপত।উল্লেখযোগ্য যে প্ৰতিবছৰে এই ধৰণে বানপানী শুকোৱা মাত্ৰেই হিলদল ভাঙি সকলো পানীত নামে মাছৰ সন্ধানত।আনন্দমগণ পৰিবেশ ,যেন এয়া কোনো পৰম্পৰাগত বাৎসৰিক উৎৱৰহে দৃশ্য ! কোনোৱে পাইছে খালৈ ভৰাই ,কোনো জনে নামমাত্ৰ ,পিছে পোৱা নোপোৱালৈ কোনো কথা নাই । পাৰস্পৰিক মিলাপ্ৰীতিৰে সকলো আজি উলাহ মগন মৎস্য চিকাৰত , কিয়নো…
Read More

হাজোৰ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী ৬০ বছৰীয়া মহিলা নিৰুদ্দেশ

হাজোৰ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী ৬০ বছৰীয়া মহিলা নিৰুদ্দেশ । হাজো আৰক্ষী থানাত এজাহাৰ দাখিল।কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনস্থ বুল্লুট কোঁৱৰপুৰ গাওঁৰ এগৰাকী মহিলা বিগত দুমাহে নিৰুদ্দেশ হৈ আছে । নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম জিৰাতন বিবি।বয়স ৬০ বছৰ ।প্ৰায় পাঁচ ফুট ওখ।গাৰ বৰণ বগা।হাজোৰ বুল্লুট কোঁৱৰপুৰ নিবাসী সূৰ্য আলীৰ পত্নী তথা আঠোটাকৈ সন্তানৰ মাতৃ জিৰাতন বিবি(৬০ ) বিগত দুমাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাৰ পিছত অঞ্চলজুৰি তীব্র প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে ।ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি মহিলা গৰাকী মানসিক ভাবে সামান্য অসুস্থ আছিল ।মহিলা গৰাকী পূৰ্বেও কেতিয়াবা ঘৰৰ পৰা ওলাই গৈছিল যদিওঁ পুনৰ ঘৰলৈ ঘূৰি আহিছিল । কিন্তু…
Read More