Dipshikha

2947 Posts
অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত

অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত

অসমত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে নৱেম্বৰত বিধেয়ক আনিব বিধানসভাত । ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।বহুবিবাহ কৰালেই হ’ব ৭ বছৰ জে’ল । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰে বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিব । যাৰ বাবে নৱেম্বৰ মাহত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব বহুবিবাহ-বিৰোধী আইনৰ বাবে বিধেয়ক । ২৫ নৱেম্বৰত বিধানসভাত এই বিধেয়ক উত্থাপন কৰা হ’ব । যদি কোনো ব্যক্তিয়ে প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ যোগেদি বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰে, তেন্তে তেওঁ সাত বছৰ বা ততোধিক কাৰাদণ্ডৰ সন্মুখীন হ’ব ।”
Read More
সন্ত্ৰাসবাদী আখ্যা দিছে ছলমানক

সন্ত্ৰাসবাদী আখ্যা দিছে ছলমানক

অভিনেতা ছলমান খানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। শেহতীয়াকৈ বেলুচিস্তান সন্দৰ্ভত অভিনেতাগৰাকীয়ে কৰা মন্তব্যৰ পাছতে এতিয়া পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদী আখ্যা দিছে ছলমানক।জানিব পৰা মতে, কিছুদিন পূৰ্বে চৌদি আৰৱত অনুষ্ঠিত হোৱা JOY FORUM 2025 নামৰ অনুষ্ঠানটোত উপস্থিত আছিল ছলমান খান। সেই সময়ত তেওঁ বেলুচিস্তান সন্দৰ্ভত দিয়া মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ছলমানে বেলুচিস্তান আৰু পাকিস্তানক পৃথক বুলি অভিহিত কৰিছিল। যাৰ বাবে ক্ষোভিত হৈ পাকিস্তানে এজাহাৰ দাখিল কৰিছে। ছলমানক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ।শেহতীয়াকৈ বেলুচিস্তান সন্দৰ্ভত ছলমানে দিয়া মন্তব্যৰ পাছতে দেশখনে অসন্তুষ্টি প্ৰকাশ কৰি এজাহাৰ দাখিল কৰিছে। এই এহাজাৰ ১৯৯৭ চনৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত ৰুজু কৰা হৈছে।
Read More
মহানগৰীত যান-বাহন চলাচলকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে

মহানগৰীত যান-বাহন চলাচলকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে

ষট পূজাৰ উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। ২৭ আৰু ২৮ অক্টোবৰৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী প্ৰশাসনে।আৰক্ষী উপায়ুক্ত (যান-বাহন) কার্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, এই নির্দেশনা ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ প্রযোজ্য হ'ব।২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ গুৱাহাটী মহানগৰীৰ ভিতৰত কোনো বাণিজ্যিক সামগ্রী বহন কৰা বাহন তথা অন্য কোনো গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে।মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইন্ট, এম জি ৰোডত পূজাৰ সামগ্ৰী আৰু ভক্তক কঢ়িয়াই নিয়া বাহনৰ বাহিৰে অন্য কোনো বাহন চলাচল কৰিব নোৱাৰিব।২৭…
Read More
পঁইতা ভাতৰ অসাধাৰণ স্বাস্থ্য উপকাৰিতা

পঁইতা ভাতৰ অসাধাৰণ স্বাস্থ্য উপকাৰিতা

আমাৰ সমাজত অতীতৰ পৰা প্ৰচলিত এবিধ খাদ্যহৈছে পঁইতা ভাত। বহুতৰে প্ৰিয় এই পঁইতা ভাত। আগদিনা ৰাতি ৰন্ধা আলুৱা বা উখোৱা চাউলৰ ভাত পানী দি তিয়াই থৈ পুৱা পঁইতা ভাত বহুলোকেই খায়। পঁইতা ভাতক বহুতে পন্তা ভাত বুলিও কয়। পঁইতা ভাত সোৱাদ অলপ টেঙা হয়। টেঙা হোৱাৰো এটা বিশেষ কাৰণ আছে।ইয়াত ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে। সেয়ে ইয়াৰ সোৱাদ টেঙা হয়। অসমত বিশেষকৈ ব'হাগ বিহুৰ উৰুকা দিনা পঁইতা ভাতৰ সৈতে আমৰলি পৰুৱাৰ টোপ খোৱাৰ এক বিশেষ নিয়ম আছে আৰু এই নিয়ম অসমৰ প্ৰতিজন অসমীয়াই মানি আহিছে।পঁইতা ভাতৰ অসাধাৰণ স্বাস্থ্য উপকাৰিতাৰ ভিতৰত আছে ইয়াত থকা উন্নত পুষ্টিৰ মান, সহজে হজম…
Read More
ছত্তীশগড়ৰ ধামটাৰীত অনুষ্ঠিত হয় পৰম্পৰাগত দেৱ মড়ই উৎসৱ

ছত্তীশগড়ৰ ধামটাৰীত অনুষ্ঠিত হয় পৰম্পৰাগত দেৱ মড়ই উৎসৱ

ছত্তীশগড়ৰ ধামটাৰীত অনুষ্ঠিত হয় পৰম্পৰাগত দেৱ মড়ই উৎসৱ। আশে-পাশে থকা ৫২ খন গাঁৱৰ দেৱ-দেৱী এই মেলাত অংশগ্ৰহণ কৰে। মেলাৰ সময়ত সহস্ৰাধিক মহিলাই দেৱী অংগাৰমোতী মাতাৰ মন্দিৰত সন্তান প্ৰাপ্তিৰ বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।এই মহিলাসকলৰ গাৰ ওপৰেৰে পাৰ হৈ যায় বাইগা জনগোষ্ঠীয় লোক, ইয়াক পৰণ বোলা হয়।এনে কৰিলে মহিলাসকলে সন্তান গৰ্ভধাৰণত সহায় কৰে বুলি বিশ্বাস কৰা হয়। পৰণ সম্পাদন কৰিবলৈ মহিলাসকলে নেমু, নাৰিকল, অন্যান্য পূজাৰ সামগ্ৰী লৈ তললৈ পেলাই শুই পৰে। প্ৰতি বছৰে বাঢ়িছে পৰণ পৰিবেশন কৰা মহিলাৰ সংখ্যা। যোৱা বছৰ ৩০০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল। এইবাৰ ছত্তীশগড়ৰ লগতে অন্যান্য ৰাজ্যৰ পৰা ১০০০ৰো অধিক মহিলাই পৰণত অংশগ্ৰহণ কৰিবলৈ আহে।
Read More
শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। কিন্তু মু্ক্তিৰ পূৰ্বে বহুকেইটা অভিলেখ গঢ়িবলৈ সাজু হৈছে জুবিন গাৰ্গৰ অন্তিম ছবিখনে।ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰে দিনাৰ পৰাই পুনৰ কান্দিছে অসমবাসীয়ে। কিয়নো বাস্তৱৰ সৈতে ছবিখনৰ সংলাপৰ যথেষ্ঠ মিল দেখিছে অনুৰাগীয়ে। ট্ৰেইলাৰত দেখুওৱাৰ দৰে সাগৰখন সাঁতুৰি পাৰ হ’ব পাৰিম নে বুলি প্ৰশ্ন কৰা জুবিনৰ অন্তিম ঠিকনা সাগৰেই হ’ল!শুকুৰবাৰে ছবিখনৰ অগ্ৰিম টিকট বুকিং আৰম্ভ কৰি দিয়া হয়। কিন্তু টিকট মুকলি কৰাৰ পিছতে গঢ়িলে অভিলেখ। ৰৈ ৰৈ বিনালেৰ ৭৪,০০০তকৈও বেছি ৰেটিং ইতিমধ্যে BookMyShow’ত অনুৰাগীয়ে কৰিছে। ইয়াৰোপৰি প্ৰায় ৩ নবেম্বৰলৈ সকলো টিকট বিক্ৰী হোৱাৰ তথ্য পোৱা গৈছে। অগ্ৰিম টিকট বিক্ৰীৰ পিছতে সকলো ছবিগৃহ ইতিমধ্যে হাউছফুল।…
Read More
আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ

আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ

আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ। ৰাসৰ প্ৰাকক্ষণত হয়তো আপোনাৰ একাউণ্টত সোমাব পাৰে উপহাৰৰ ধন।হয়তো ৰাসৰ আগে আগে মুকলি কৰি দিয়া হ’ব পাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২১ তম কিস্তি। অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই। কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৱেম্বৰৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় চৰকাৰে এই ধন কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰিব পাৰে।অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰী কৃষকসকলে কেইদিনমানৰ ভিতৰতে এই আঁচনিৰ অধীনত ২০০০ টকা লাভ কৰিব পাৰে। অহা ১ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰৰ ভিতৰত এই ধনৰাশি হস্তান্তৰ কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।
Read More
আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে

আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে

পাকিস্তানৰ বাবে মূৰৰ বিষ হৈ পৰা আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ উচ্চতম নেতা মোল্লা হিবাতুল্লাহ আখুণ্ড্জাদাই। ইয়াৰ ফলত পাকিস্তানত জল সংকট হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ উচ্চতম নেতা মোল্লা হিবাতুল্লাহ আখুণ্ড্জাদাই।উল্লেখযোগ্য যে, আফগানিস্তানে যদি এই নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে ইয়াৰ ফলত পাকিস্তানৰ খেতিপথাৰ আৰু জনসাধাৰণৰ বাবে পানীৰ তীব্ৰ নাটনি হ’ব। ভাৰতৰ পানীৰ নিষেধাজ্ঞাই ইতিমধ্যে পাকিস্তানত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
Read More
ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত। কেন্দ্ৰীয় চৰকাৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে ২৩ নৱেম্বৰত অৱসৰ ল’ব। সূত্ৰ অনুসৰি শুকুৰবাৰৰ ভিতৰত চৰকাৰে গাভাইলৈ পত্ৰ প্ৰেৰণ কৰি উত্তৰাধিকাৰীৰ পৰামৰ্শ দিব।১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হিছাৰ জিলাৰ পেটৱাৰ গাঁৱত জন্ম গ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তে। গাঁৱৰ বিদ্যালয়ত অধ্যয়ন কৰি ১৯৮১ চনত হিছাৰৰ চৰকাৰী পি জি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী (এল এল বি) সম্পূৰ্ণ কৰে।সেই বছৰতে তেওঁ হিছাৰৰ জিলা আদালতত আইনী চৰ্চা আৰম্ভ কৰে আৰু ১৯৮৫ চনত চণ্ডীগড়ৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অধিবক্তা…
Read More
আলফা (স্বা)ৰ ৭ জন লিংকমেন আটক

আলফা (স্বা)ৰ ৭ জন লিংকমেন আটক

আলফা (স্বা)ৰ ৭ জন লিংকমেন আটক। ইয়াৰে ৩ জন অসমৰ আৰু বাকী ৪ জন ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে। আটক হোৱা অসমৰ লোককেইজন হ’ল – জিতু মৰাণ, জুলি গগৈ আৰু দিপক গগৈ। ইফালে আটক হৈছে ৪ জন ম্যানমাৰ নাগৰিক। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে তেওঁলোকৰ নাম প্ৰকাশ কৰা নাই। এই লোককেইজন আলফা (স্বা)ৰ সৈতে কেনেকৈ জড়িত সেই সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Read More