Dipshikha

2947 Posts
ছত্তীশগড়ৰ সুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মাওবাদীক আটক

ছত্তীশগড়ৰ সুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মাওবাদীক আটক

অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি জিলা আৰু ছত্তীশগড়ৰ সুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মাওবাদীক আটক কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল। এই অভিযানৰ সময়ত নক্সালবাদীয়ে জোৱানসকলৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত নিহত হয় মাওবাদী নেতা হিদিমাৰ।২০২৬ চনৰ ভিতৰত দেশৰ পৰা ৰঙা সন্ত্ৰাস নিৰ্মূল কৰাৰ দৃঢ় সংকল্প লৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সেই অনুসৰিয়েই দেশৰ বুকুত সন্ত্ৰাস সৃষ্টি কৰি অহা মাওবাদীৰ নিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। অন্ধ্ৰ প্ৰদেশ-ছত্তীশগড় সীমান্তৰ সমীপৰ এখন অৰণ্যত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ। এই এনকাউণ্টাৰত শীর্ষ নক্সাল নেতা মদৱী হিদমা আৰু তেওঁৰ পত্নী নিহত হয়।
Read More
আৰাধ্যা বহু সম্পত্তিৰ মালিক

আৰাধ্যা বহু সম্পত্তিৰ মালিক

বচ্চন পৰিয়ালটো অনুৰাগীৰ বাবে সদায় কৌতুহলৰ বিষয় হৈ আহিছে। পৰিয়ালটোৰ ভিতৰুৱা কাহিনীবোৰ জানিবলৈ সকলোৱে ইচ্ছুক। আৰাধ্যা বচ্চনকো এই তালিকাৰ পৰা বাদ দিয়া নাই। জনপ্ৰিয় ষ্টাৰকিডৰ ভিতৰত আৰাধ্যা অন্যতম। আৰাধ্যাৰ বয়স এতিয়া ১৪ বছৰ। ওপজা দিনৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া।পৰিয়াল সূত্ৰে ইতিমধ্যে আৰাধ্যা বহু সম্পত্তিৰ মালিক ৷ কিন্তু জানেনে! এই তাৰকা দম্পতীয়ে নিজৰ কন্যাৰ নামত ডুবাইত এটা বিলাসী ভিলা কিনিছে। বলীউডৰ সূত্ৰই জনোৱা মতে, আৰাধ্যাৰ ভৱিষ্যতৰ কথা ভাবি তেওঁলোকে এই বিনিয়োগ কৰিছে।
Read More
বোমা বিস্ফোৰণৰ পিছত চৰ্চালৈ আহিছিল ফৰিদাবাদৰ আল-ফলাহ বিশ্ববিদ্যালয়

বোমা বিস্ফোৰণৰ পিছত চৰ্চালৈ আহিছিল ফৰিদাবাদৰ আল-ফলাহ বিশ্ববিদ্যালয়

দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ পিছত চৰ্চালৈ আহিছিল ফৰিদাবাদৰ আল-ফলাহ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনৰ চৌহদত এতিয়া অভিযান চলাইছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ED-এ। আজি তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ ওখলা আৰু জামিয়া নগৰ অঞ্চলকে ধৰি ২৫টা স্থানত অভিযান চলায়। ইডিয়ে পুৱা ৫ বজাৰ পৰা আল-ফলাহ বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ ট্ৰাষ্টী আৰু তেওঁলোকৰ সৈতে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানসমূহত তালাচী চলাইছে।ইডিয়ে পুৱা ৫ বজাৰ পৰা আল-ফলাহ বিশ্ববিদ্যালয়ৰ চৌহদ, ইয়াৰ ট্ৰাষ্টী আৰু তেওঁলোকৰ সৈতে জড়িত ব্যক্তি তথা প্ৰতিষ্ঠানসমূহত তালাচী চলাইছে। এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছে।আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ছিদ্দিকীলৈ চমন জাৰি লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ ব্যাপক তদন্তৰে অংশ।…
Read More
চৌদিশে গুঞ্জৰিত হ’ল ‘জয় জুবিনদা’, ‘হেপ্পী বাৰ্থ ডে’ৰ ধ্বনি

চৌদিশে গুঞ্জৰিত হ’ল ‘জয় জুবিনদা’, ‘হেপ্পী বাৰ্থ ডে’ৰ ধ্বনি

আজি ঈশ্বৰপুত্ৰৰ ওপজা দিন ৷ সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ দুখৰ মাজতো অনুৰাগীৰ মাজত উছাহৰ ঢল ৷এক আৱেগিক পৰিৱেশ, শিল্পীগৰাকীৰ অবৰ্তমানত তেওঁৰ আলোকচিত্ৰ সন্মুখত ৰাখি উদযাপন কৰা এই জন্মদিনত অনেকৰ দুচকুত নিগৰিল অশ্ৰুৰ টোপাল । কোনোবাই আলোকচিত্ৰত অৰ্পন কৰিলে গামোচা, কোনোবাই সানি দিলে কেক… তেনেকৈয়ে নিশাই উদযাপিত হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ ওপজাদিন ।ঘড়ীৰ কাটাই নিশাৰ ১২ বজাৰ সংকেত দিয়াৰ লগে লগে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ চৌদিশে গুঞ্জৰিত হ'ল ‘জয় জুবিনদা’, ‘হেপ্পী বাৰ্থ ডে’ৰ ধ্বনি । ইয়াৰ সমান্তৰালকৈ মায়াবিনী শীৰ্ষক গীতৰ সুৰে-সুৰে অনুৰাগীয়ে কাটিলে কেক । প্ৰাণৰ শিল্পীৰ অবৰ্তমানত এয়া প্ৰথমটো ওপজা দিন উদযাপন ।
Read More
গুৱাহাটীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ড

আজি গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ততাতৈয়াকৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে। কিন্তু এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী। ভৰলুমুখৰ ৮ নং গেটত থকা অট্টালিকাত সংঘটিত হয় এই ঘটনাটো।তেওঁলোকে অট্টালিকাৰ তৃতীয় মহলাত ভাড়াতীয়া হিচাপে আছিল। কন্যাৰ জন্মদিন উপলক্ষে পৰিয়ালটোৱে অনুষ্ঠানৰ যো-জা কৰিছিল। তেনেতে হঠাৎ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
Read More
দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত ২১ জন লোকক আটক

দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত ২১ জন লোকক আটক

বিভিন্ন প্লেটফৰ্মত প্ৰচাৰিত আপত্তিজনক পোষ্টৰ খবৰৰ ভিত্তিত কেইবাখনো জিলাত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। এই পৰ্যন্ত দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত সমগ্ৰ ৰাজ্যৰ পৰা ২১ জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, দৰং, গোৱালপাৰা, নলবাৰী, চিৰাং, কামৰূপ, বঙাইগাঁও, হাইলাকান্দি, লখিমপুৰ, বৰপেটা, হোজাই, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, বজালী, ধুবুৰী আদি জিলাৰ পৰা এই লোকসকলক আটক কৰিছে আৰক্ষীয়ে।
Read More
বৰপেটা জিলাত এনকাউণ্টাৰ

বৰপেটা জিলাত এনকাউণ্টাৰ

বৰপেটা জিলাত এনকাউণ্টাৰ । ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী ।জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী ।বৰপেটা আৰক্ষীয়ে উল্লেখ কৰা মত, সেই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ধৃত আনোৱাৰ হুছেইনক লগত লৈ তেওঁৰ ঘৰত থকা ড্ৰাগছ জব্দ কৰিবলৈ ৰাওনা হয় ৷ সেই সময়তে আদবাটতে ধৃত আনোৱাৰ হুছেইনে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায় ।আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় বৰপেটা জিলাৰ মাইলকুছিৰ ৩২ বছৰীয়া আনোৱাৰ হুছেইন ৷ শনিবাৰে নিশা আৰক্ষীৰ হাতৰ পৰা আনোৱাৰ হুছেইনে পলাই যাবলৈ চেষ্টা কৰোতে বৰপেটা আৰক্ষীয়ে চলায় বন্দুক ৷ শনিবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনাটো…
Read More
লণ্ডনত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লণ্ডনত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আজি লণ্ডনত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে লণ্ডনলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী গৰাকী।লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্তু ২০২৭চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। সেই আলোচনা অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাবে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব ।
Read More
২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। ফেচবুক লাইভযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। ফেচবুক লাইভযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

গুৰুজনাৰ অপূৰ্ব সৃষ্টি আপুৰুগীয়া বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিলে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।দিল্লী বিমান বন্দৰৰ পৰা ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয়, "পোন্ধৰশ শতিকাৰ শেষৰফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৰনাৰায়ণৰ অনুৰোধত বৃন্দাবনী বস্ত্র সাজি উলিয়াইছিল । এই বৃন্দাবনী বস্ত্রখন আমাৰ অসমৰ ইতিহাসৰ সভত্যাৰ এক অমূল্য অংগ । আমি বহুতে বৃন্দাবনী বস্ত্রৰ বিষয়ে শুনিছো আৰু পঢ়িছো । ইয়াৰ ছবিও দেখিবলৈ পাইছো । কিন্তু বিগত পাঁচশ বছৰ কালত আমাৰ কোনো এটা প্ৰজন্মই এই বৃন্দাবনী বস্ত্রখন সন্মুখৰ পৰা দেখা নাই । অৱশ্যে যিসকলে কেতিয়াবা লণ্ডন…
Read More
জম্মু-কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ

জম্মু-কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ

শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নওগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত এতিয়ালৈকে কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হয়। ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী মডিউল গোচৰৰ সৈতে জড়িত জব্দকৃত বিস্ফোৰক সামগ্ৰীৰ বাবে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । নিশা প্ৰায় ১১.২০ বজাত বিস্ফোৰণৰ শব্দই চহৰখন কঁপাই তোলে । ফলত বাসিন্দাসকল আতংকিত হৈ পৰে ।আৰক্ষীয়ে জনোৱা মতে, হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা অনা বিস্ফোৰক সামগ্ৰী জোৱানসকলে চম্ভালি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয় । ধৃত চিকিৎসক মুজাম্মিল গনাইৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ হোৱা ৩৬০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰীৰ অংশ এই সামগ্ৰীৰ নমুনা চলিত তদন্তৰ অংশ…
Read More