Dipshikha

2947 Posts
পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা

পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা

পাকিস্তানত সংঘটিত হৈছে ভয়ংকৰ আত্মঘাতী আক্ৰমণৰ ঘটনা। এই ঘটনাত এতিয়ালৈকে ৩ জন জোৱান নিহত আৰু ৩ জন আক্ৰমণকাৰী আহত হয়। অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত এই আক্ৰমণ হয়। জানিব পৰা মতে, উত্তৰ-পশ্চিম পাকিস্তানৰ পেছাৱাৰ চহৰৰ অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত একাংশ বন্দুকধাৰীয়ে আক্ৰমণ কৰে। সংবাদ সংস্থা ৰয়টাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, এই অঞ্চলটো ফ্ৰন্টিয়াৰ কনষ্টেবুলৰী অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়, য’ত দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণো সংঘটিত হয়।উল্লেখ্য যে, এয়াই প্ৰথম নহয়। পাকিস্তানত প্ৰায়ে এনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ থাকে। পাকিস্তান আৰু বেলুচিস্তান আৰ্মীৰ মাজত দীৰ্ঘদিনীয়া বিদ্ৰোহ চলি আছে। ২০২৪ চনৰ পৰা এতিয়ালৈকে এই বিদ্ৰোহত প্ৰায় ৭০০ ৰো অধিক লোকৰ মৃত্যুৰ হৈছে।
Read More
‘এইবাৰ গণ্ডগোল লাগিব কংগ্ৰেছত’

‘এইবাৰ গণ্ডগোল লাগিব কংগ্ৰেছত’

এইবাৰ কোনকেইটা সমষ্টিত কংগ্ৰেছত গণ্ডগোল হ'ব তাৰো হিচাপে দিলে মুখ্যমন্ত্ৰীয়ে । বুদ্ধিজীৱীকো জনালে প্ৰত্যাহ্বান ।সমাগত অসমৰ বিধানসভা নিৰ্বাচন । শাসক-বিৰোধীয়ে ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । বিশেষকৈ বিজেপিয়ে অসমৰ প্ৰতিটো প্ৰান্ততে সাংগঠনিক কামকাজ কেনেদৰে চলিছে তাৰ পৰ্যালোচনা কৰিছে । একেদৰে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতো ঠায়ে ঠায়ে আৰম্ভ হৈছে । তাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ।আনহাতে এই ক্ষেত্ৰত কংগ্ৰেছক তুলনা কৰি তেওঁ কয়,"কংগ্ৰেছ চাউল-পানী অসমত নাই । একো বাকী নাই । কংগ্ৰেছে ২২ খন আসনত নিৰ্বাচন খেলিব । তাতেই ঘূৰা-ঘুৰি কৰি থাকিব । প্ৰাৰ্থীসকলৰ পৰা পইচা উঠাব । ইতিমধ্যে প্ৰাৰ্থীসকলক ইংগিত দিছে যে ১ কোটি আগধন দিয়ক আৰু ৩…
Read More
শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ইয়াৰ মাজতে শ্ৰীভূমি জিলাত প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।জিলাখনত আৰক্ষীয়ে ধাৰাবাহিকভাৱে আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি, মাত্ৰ এটা সপ্তাহৰ ভিতৰত আৰক্ষীয়ে প্ৰায় ৪ কোটি টকা মূল্যৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।
Read More
নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ খাৱৈত পৰে বাহন

নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ খাৱৈত পৰে বাহন

এক ভয়াৱহ দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ৬ বন্ধুৱে। পথৰ কাষৰ এটা দ খাৱৈত তেওঁলোকে যাত্ৰা কৰা বাহনখন বাগৰি পৰাৰ ফলত কৰুণ মৃত্যু ঘটিছে যুৱককেইজনৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ পুনে-মানগাঁও পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। তাম্হিনী ঘাট টাৰ্ণত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ খাৱৈত পৰে বাহনখন। এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখনৰ ভিতৰতে ছয়জন লোকৰ মৃত্যু হয়। এই শোকাৱহ ঘটনাই এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।যুৱককেইজনৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। আটাইকেইজন যুৱক ব্যক্তিগত বাহনেৰে কংকন অভিমুখে যাত্ৰা কৰিছিল। কিন্তু যাত্ৰাপথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।আজি পুৱা ৭ বজাত আৰক্ষী আৰু…
Read More
দিল্লীত বায়ু মান সূচাংকই ৪০০ৰ ঘৰ অতিক্রম কৰিছে

দিল্লীত বায়ু মান সূচাংকই ৪০০ৰ ঘৰ অতিক্রম কৰিছে

দেশৰ ৰাজধানী নতুন দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ পুনৰ এবাৰ বায়ু প্ৰদূষণৰ চৰম পৰ্যায়ত উপনীত হৈছে। শীতকালি সমাগত হোৱাৰ লগে লগে দিল্লীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে, যাৰ ফলত জনস্বাস্থ্য আৰু দৈনন্দিন জীৱনৰ ওপৰত গভীৰ সংকট নামি আহিছে।শেহতীয়া তথ্য অনুসৰি, দিল্লীৰ কেইবাটাও অঞ্চলত একিউআই (Air Quality Index) অতি শোচনীয় হৈ পৰিছে। আজি দিল্লীত বায়ু মান সূচাংকই ৪০০ৰ ঘৰ অতিক্রম কৰিছে। ফলস্বৰূপে শ্বাস-প্ৰশ্বাসজনিত ৰোগী আৰু শিশুসকলৰ বাবে দিল্লীৰ পৰিৱেশ অত্যন্ত বিপজ্জনক হৈ পৰিছে।২৩ অনুৰ্ধ ক্রিকেটৰ সকলো মেচ স্থানান্তৰৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে। মুম্বাইলৈ স্থানান্তৰিত কৰা হ’ব সকলো মেচ। তাৰোপৰি শিক্ষা প্রতিষ্ঠানসমূহলৈও এই নিৰ্দেশনা প্রেৰণ কৰা হৈছে। সাধাৰণ লোকৰ মাজত উশাহ-নিশাহ লোৱাৰ অসুবিধা, চকু…
Read More
পুনৰ ক্ষোভত হৈ পৰিছে নেপালৰ যুৱ প্ৰজন্ম

পুনৰ ক্ষোভত হৈ পৰিছে নেপালৰ যুৱ প্ৰজন্ম

দুমাহৰ পাছত পুনৰ ক্ষোভত হৈ পৰিছে নেপালৰ যুৱ প্ৰজন্ম।নেপালত পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে Gen-Zৰ প্ৰতিবাদে। Gen-Zৰ তীব্ৰ প্ৰতিবাদৰ ফলত দেশখনৰ শাসন ব্যৱস্থা সলনি হোৱাৰ দুমাহৰ পাছত পুনৰ ক্ষোভিত হৈ পৰিছে দেশখনৰ যুৱ প্ৰজন্ম। বুধবাৰে দেশখনৰ বাৰা জিলাত Gen-Z আৰু CPN-UML দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। এই উত্তেজনাৰ পিছতে আজি পুনৰ ৰাজপথলৈ ওলাই আহিল Gen-Z যুৱক-যুৱতী। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনে দুপৰীয়া ১২:৪৫ বজাৰ পৰা নিশা ৮ বজালৈ সান্ধ্য আইন জাৰি কৰিছে। ইতিপূৰ্বে Gen-Zৰ প্ৰতিবাদৰ ফলস্বৰূপে ক্ষমতা হেৰুৱাইছিল দলটোৱে। আজি দিনৰ ভাগত বহু Gen-Z যুৱকৰ সমাগমৰ পিছতে আৰক্ষীয়ে বল প্ৰয়োগ কৰি তেওঁলোকক ছত্ৰভংগ দিলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আনকি কন্দুৱা…
Read More
পুনৰ মুখ্যমন্ত্ৰী হল নীতিশ কুমাৰ

পুনৰ মুখ্যমন্ত্ৰী হল নীতিশ কুমাৰ

২৫ বছৰৰ ভিতৰত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। বৃহস্পতিবাৰে পাটনাৰ গান্ধী ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপত গ্ৰহণ কৰে নীতিশে। ৰাজ্যপাল আৰিফ মহম্মদ খানে শপত বাক্য পাঠ কৰাই নীতিশ কুমাৰক। শপত গ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি এন ডি এ শাসিত সকলো ৰাজ্যৰ সকলো মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকে। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Read More
এদিনৰ বাবে বজালীৰ অধীক্ষক হল এটি শিশু

এদিনৰ বাবে বজালীৰ অধীক্ষক হল এটি শিশু

এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হয় এটি শিশু। এই সন্দৰ্ভত শিশুটিয়ে মুখ্যমন্ত্ৰীক আবেদন দাখিল কৰিছিল। সেই আবেদনৰ ভিত্তিতে আজি তেওঁক এই বিশেষ দায়িত্ব অৰ্পন কৰা হয়।আজি ২০ নৱেম্বৰ, ২০২৫। সমগ্ৰ দেশত আজি পালন কৰা হৈছে বিশ্ব শিশু দিৱস। প্ৰতিবছৰে এই দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি আজি বজালী আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। বৃহস্পতিবাৰে শিশু দিৱসৰ দিনাই বজালী আৰক্ষী অধীক্ষক হ’ল বজালী ঘটবৰ গাঁৱৰ এজন শিশু।এই শিশুজন বজালী ঘটবৰ গাঁওৰ অংকুৰ বৰুৱাৰ পুত্ৰ নিবিৰ নেচন বৰুৱা বুলি জানিব পৰা গৈছে। তেওঁ ভোটান্ত সাদেৰী ৰূপকোঁৱৰ জাতীয় বিদ্যালয় সপ্তম শ্ৰেণীত অধ্যয়নৰত। এই ছাত্ৰজনে এতিয়া…
Read More
এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কেইজনমান শ্ৰমিকে কয়লা জ্বলাইছিল। কিন্তু তাৰ পাছতে তেওঁলোকৰ মৃত্যু হয়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰা পাংকি থানা এলেকাৰ ডি-৫৮,চাইট নম্বৰ-২ ঔদ্যোগিত এলেকাত।এই ঘটনাৰ পাছতে আৰক্ষীক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাৰ পৰা জ্বলি থকা কয়লা উদ্ধাৰ কৰিছে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে কয়লা জ্বলাইছিল। সেই কয়লাৰ পৰা নিৰ্গত কাৰ্বন মনোক্সাইডৰ বাবে শ্বাসৰুদ্ধ হৈ শ্ৰমিককেইজনে মৃত্যুক সাৱতি লয়। নিহত কেইজন হৈছে অমিত বৰ্মা (৩২), সঞ্জু…
Read More
ঘোষণা হল মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন

ঘোষণা হল মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন

ঘোষণা কৰা হৈছে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দৰে দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিন ৷ বুধবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰা অনুসৰি ১০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ আৰম্ভ হ’ব ৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা সামাজিক মাধ্য়ম এক্সত এটা পোষ্ট প্ৰকাশ কৰি এই পৰীক্ষাসমূহৰ দিন ঘোষণা কৰে ৷ এই পৰীক্ষা দুটাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক সামাজিক মাধ্যমতে শুভেচ্ছাও জ্ঞাপন কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷
Read More