Dipshikha

2947 Posts
দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম

দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম

দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা এই মেগা নিলামত মুঠ ২৭৭ গৰাকী ক্ৰিকেটাৰৰ নিবিদা আগবঢ়োৱা হয়। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা। কেৱল সেয়াই নহয়, তেওঁ লগতে ৱ’মেন প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ হিচাপেও পৰিগণিত হয় দীপ্তি।দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৱ’মেন প্ৰিমিয়াৰ লীগৰ নিলাম। প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণৰ বাবে হোৱা এই মেগা নিলামত মুঠ ২৭৭ গৰাকী ক্ৰিকেটাৰৰ নিবিদা আগবঢ়োৱা হয়। এই নিলামত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ভাৰতীয় তাৰকা দীপ্তি শৰ্মা। কেৱল সেয়াই নহয়, তেওঁ লগতে ৱ’মেন প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ হিচাপেও…
Read More
মনিপুৰত অসম ৰাইফলছৰ এক শিবিৰত সংঘটিত হৈছে এক ভয়াৱহ আক্ৰমণ

মনিপুৰত অসম ৰাইফলছৰ এক শিবিৰত সংঘটিত হৈছে এক ভয়াৱহ আক্ৰমণ

মনিপুৰত অসম ৰাইফলছৰ এক শিবিৰত সংঘটিত হৈছে এক ভয়াৱহ আক্ৰমণ। অচিনাক্ত বিদ্ৰোহী সংগঠনৰ এটা সশস্ত্ৰ দলে অসম ৰাইফলছৰ শিবিৰত এই ভয়ংকৰ আক্ৰমণ চলাইছে। এই আক্ৰমণত চাৰিজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। আহত আটাইকেইজন জোৱানক তাৎক্ষণিকভাৱে হেলিকপ্টাৰ যোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে আহত জোৱানকেইজনৰ ভিতৰত এজন জোৱানৰ অৱস্থা কিছু সংকটজনক। সম্প্ৰতি আটাইকেইজন জোৱান চিকিৎসাধীন হৈ আছে।জানিব পৰা মতে আহত জোৱানকেইজনৰ ভিতৰত এজন জোৱানৰ অৱস্থা কিছু সংকটজনক।
Read More
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন। হাৰিয়ানাৰ নুহ জিলাৰ পৰা গ্ৰেপ্তাৰ হোৱা এইজন যুৱক ৰিজৱান বুলি চিনাক্ত হৈছে। তেওঁ অধিবক্তা হিচাপে কৰ্মৰত।আৰক্ষীৰ তথ্য অনুসৰি, ৰিজৱানে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই (ISI)ৰ সৈতে বিভিন্ন গোপন তথ্য শ্বেয়াৰ কৰিছিল। ইয়াৰ ভিত্তিতে দিল্লীৰ পৰা নিয়া (NIA), চি আই এ, টাৱাডুৰ যৌথ অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
Read More
শ্ৰীলংকাত ঘূৰ্ণীবতাহ দিত্বাহৰ প্ৰলয়ংকৰী প্ৰভাৱ

শ্ৰীলংকাত ঘূৰ্ণীবতাহ দিত্বাহৰ প্ৰলয়ংকৰী প্ৰভাৱ

শ্ৰীলংকাত ঘূৰ্ণীবতাহ দিত্বাহৰ প্ৰলয়ংকৰী প্ৰভাৱ । ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে । আনহাতে ২১ জন লোক নিৰুদ্দেশ হৈ আছে । শুকুৰবাৰে দেশখনত জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগসমূহৰ বাদে বাকীবোৰ বন্ধ ঘোষণা কৰা হৈছে ।প্ৰতিকূল বতৰৰ পৰিস্থিতিত বিগত ৭২ ঘণ্টাৰ ভিতৰত দেশখনত কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে ।দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে জনোৱা মতে, প্ৰতিকূল বতৰৰ ফলত ১২,৩১৩টা পৰিয়ালৰ ৪৩,৯৯১ জন লোক ক্ষতিগ্ৰস্ত হৈছে ।
Read More
লাখ লাখ মহিলাৰ বাবে ভাল খবৰ

লাখ লাখ মহিলাৰ বাবে ভাল খবৰ

ৰাজ্যৰ লাখ লাখ মহিলাই প্ৰতিমাহে লাভ কৰে অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে আন এক ডাঙৰ সিদ্ধান্ত। সেই অনুসৰি এতিয়াৰ পৰা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত লাভ কৰিব সকাহ।প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰতে ২৫০ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব। ইয়াৰ অধীনত ৰাজ্যৰ ২০ লাখ অৰুণোদয় পৰিয়ালে ডাঙৰ সকাহ লাভ কৰিব।ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপক সকলোৱে সাদৰেৰে গ্ৰহণ কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
Read More
হংকঙৰ আবাসিক টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড

হংকঙৰ আবাসিক টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড

হংকঙৰ আৱাসিক টাৱাৰত বিধ্বংসী অগ্নিকাণ্ড। এই ঘটনাত ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ আশংকা। ক্ৰমাৎ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা।হংকঙৰ টাইপো অঞ্চলৰ ৱাং ফুক ক’ৰ্ট নামৰ এটা হাউছিং কমপ্লেক্সত সংঘটিত হয় এই অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত অঞ্চলত আতংকৰ সৃষ্টি হয়। লগে লগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে অগ্নিকাণ্ড ভিডিঅ’ । ভিডিঅ’টোত দেখা গৈছে যে বহু দূৰলৈকে বিস্তৃত হৈ আছে ধোঁৱা আৰু জুইৰ বিশাল শিখা।
Read More
দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক

দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক

দুধৰ্ষ আলফা নেতা আদ্যমান অসমৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ৪ জনকৈ ব্যক্তিক সোধাপোছাৰ বাবে আটক কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে। আৰক্ষী সূত্ৰত প্ৰকাশ কৰা মতে আটক কৰা লোককেইজন হ’ল সাপেখাতীৰ মহেশ্বৰ কেওট,সাপেখাতীৰ ৰহণ পথাৰৰ কনক গগৈ,বৰহাটৰ ৰাহুল মহন আৰু মাহমৰাৰ বলিন বৰুৱা বুলি । আটকাধীন চাৰিওজনকে জিলা আৰক্ষীৰ উচ্চপ্ৰদস্ত বিষয়াই মাৰথান জেৰা চলাই থকা হৈছে।উল্লেখ্য যে, কিছুদিন পূৰ্বে আত্মসমৰ্পণ কৰা (স্বাধীন)ৰ শীৰ্ষ নেতা অৰুণোদয় অসম অসমত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ নেতা অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণৰ কথা স্বীকাৰ কৰিছিল। তেওঁ জানিবলৈ দিয়া মতে, আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ নেতাগৰাকীক দিল্লীলৈ নিয়া নহয়। ইয়াৰ…
Read More
আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত ভয়ংকৰ গুলীচালনা

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত ভয়ংকৰ গুলীচালনা

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত বুধবাৰে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় । হোৱাইট হাউছৰ সমীপতে নিয়োজিত ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ডৰ দুই জোৱানক লক্ষ্য কৰি গুলীচালনা । গুৰুতৰভাৱে আহত জোৱান দুজন । ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত জোৱানকেইজনক । তথ্য অনুসৰি অঞ্চলটোত নিয়োজিত আন জোৱানসকলে গুলীৰ শব্দ শুনি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু গুলীবিদ্ধ বন্দুকধাৰী আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই আক্ৰমণৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে।
Read More
৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ

৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ

মনোৰঞ্জন জগতৰ বাবে আন এক বেয়া খবৰ। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। ইয়াৰ পাছতে এতিয়া বলীউড জগতত শোকৰ ছাঁ পৰিছে।জানিব পৰা মতে, আজি পুৱাৰ ভাগত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, ঘৰৰ বাহিৰত এখন এম্বুলেন্সো দেখা গৈছিল। তাৰ পাছতে অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ আহে। অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া বলীউড জগতৰ লগতে অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে।ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ নাম আছিল ধৰ্ম সিং দেউল। ১৯৩৫ চনৰ ৮ ডিচেম্বৰত জন্ম লাভ কৰা ধৰ্মেন্দ্ৰ পৰৱৰ্তী সময়ত হৈ উঠিছিল এজন অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। ধৰ্মেন্দ্ৰ চিনেমাৰ বাবে পৰিচিত। কিন্তু তেওঁৰ ৰাজনীতিতো আছিল বিশেষ টান। লোকসভা সমষ্টি বিকানেৰৰ পৰা সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল…
Read More
আজি সমগ্ৰ ৰাজ্যই লাচিত দিৱসৰ শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছে এই জাতীয় বীৰজনাক

আজি সমগ্ৰ ৰাজ্যই লাচিত দিৱসৰ শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছে এই জাতীয় বীৰজনাক

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই অহা সহস্ৰ মোগল সেনাক ভেটিবলৈ ৰণক্ষেত্ৰত নামি পৰে লাচিত। আৰু তাৰ পিছতে কাললৈ ইতিহাসৰ বুকুত সোণালী আখৰে লিপিবদ্ধ হয় বীৰত্বৰ সেই মহাগাঁথা। অৱশ্যে শৰাইঘাটৰ ৰণৰ পূৰ্বেই নিজৰ সাহস আৰু বীৰত্বৰ পৰিচয় দিছিল লাচিতে।অসম আৰু অসমীয়াক চিৰদিনলৈ সাহস, ত্যাগ আৰু বীৰত্বৰ পাঠ দিয়া এইগৰাকী জাতীয় বীৰৰ সন্মানাৰ্থে প্ৰতিবছৰে তেওঁৰ জন্মদিন ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত দিৱস পালন কৰি অহা হৈছে। আজি এই শুভক্ষণত অসমীয়া জাতিৰ মহাবীৰজনাক সশ্ৰদ্ধ স্মৰণ। আজি সমগ্ৰ ৰাজ্যই লাচিত দিৱসৰ শুভক্ষণত শ্ৰদ্ধাৰে সুঁৱৰিছে এই জাতীয় বীৰজনাক।
Read More