Dipshikha

2947 Posts
আজি ভাৰতীয় নৌ সেনা দিৱস

আজি ভাৰতীয় নৌ সেনা দিৱস

প্ৰতি বছৰে ৪ ডিচেম্বৰত পালন কৰা হয় ভাৰতীয় নৌ সেনা দিৱস। এই দিৱসত স্মৰণ কৰা হয় ভাৰতীয় নৌ সেনাৰ শ্বহীদ বীৰসকলক। উল্লেখ্য যে, ১৯৭১চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় নৌ সেনা বিজয়ী হোৱাৰ আনন্দত পালন কৰা হয় নৌ সেনা দিৱস।ইতিহাস অনুসৰি ১৬১২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় নৌসেনা প্ৰতিষ্ঠা কৰিছিল।
Read More
শতমূল স্বাস্থ্যৰ উপকাৰিতা

শতমূল স্বাস্থ্যৰ উপকাৰিতা

শতমূল হৈছে স্বাস্থ্যৰ পক্ষে এবিধ লাভদায়ক আয়ুৰ্বেদিক ঔষধ যিয়ে পুৰুষ আৰু মহিলা দুয়োৰে উপকাৰিতা সাধন কৰে । বিশেষজ্ঞসকলৰ মতে, ইয়াৰ নিয়মীয়া সেৱনে স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰ সাধন কৰিব পাৰে, কিন্তু ইয়াৰ সেৱনৰ লগত জড়িত সাৱধানতা আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথাবোৰ মনত ৰখাটো অতি প্ৰয়োজনীয় ।-শতমূল ব্যৱহাৰ কৰি বিভিন্ন শাৰীৰিক আৰু মানসিক উপকাৰ লাভ কৰিব পাৰি ৷ ই শৰীৰৰ হৰম’ন স্বাস্থ্য সুষম কৰি ৰখাত উপকাৰী আৰু ইয়াৰ এন্টিঅক্সিডেন্ট গুণে শৰীৰক ক্ষতিকাৰক উপাদানৰ পৰা ৰক্ষা কৰে ৷ বিশেষকৈ মহিলাৰ বাবে শতমূল সেৱন উপকাৰী কাৰণ ই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই পুৰুষৰ বাবেও উপকাৰী আৰু তেওঁলোকৰ প্ৰজনন স্বাস্থ্যৰ…
Read More
আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস

আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস

আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস। এই বিশেষ দিনটোতে ৰাজ্যৰ সকলো জনগোষ্ঠীকে সামৰি বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ অসমলৈ অহাৰ স্মৃতিত ৰাজ্যখনে ‘অসম দিৱস’ উদযাপন কৰাৰ সময়তে তেওঁ এই মন্তব্য প্ৰকাশ কৰে।এক্স হেণ্ডেলত দিয়া এটা পোষ্টত তেওঁ কয়, “আজিৰ দিনটোতে স্বৰ্গদেউ চাওলুং সুকাফা অসমলৈ আহি বৰ অসমৰ ভেঁটি স্থাপন কৰিছিল। আমি অসম দিৱস পালন কৰাৰ লগতে আমি প্ৰতিশ্ৰুতি দিছো যে, তেওঁ কল্পনা কৰা ধৰণে গৌৰৱান্বিত, শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ’ব।”
Read More
ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত

ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত

ডিমা হাছাওক আৰক্ষী আৰু উগ্ৰপন্থী সংগঠনৰ মাজত হোৱা সংঘৰ্ষত এজন নিহত হয়। এই নিহতজন মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক নামৰ সংগঠনটোৰ সদস্য আছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।তথ্য অনুসৰি, জিলাখনৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত প্ৰত্যন্ত জিনামভেলিত সোমবাৰ (১ ডিচেম্বৰ) য়ে নিশা প্ৰায় ১১ মান বজাত অসম আৰক্ষীৰ কমাণ্ড বেটেলিয়ন আৰু মাৰ পিপলচ কোনভেচন ডেমক্ৰেটিক চুমুকৈ এইচপিচি (ডি) উগ্ৰপন্থী সংগঠনৰ মাজত গুলীয়াগুলী চলে।জানিব পৰা মতে নিহত কেডাৰ মোদী মাৰ ওৰফে মেমো জিনামভেলিৰ বৰো আৰ্কাপ গাঁৱৰ বাসিন্দা। এই ঘটনাৰ পাছতে মোদীৰ মাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে।
Read More
ভোটাৰ তালিকাৰ পৰা জুবিনৰ নাম কৰ্তন নকৰি এইদৰে লিখিলে BLO য়ে…

ভোটাৰ তালিকাৰ পৰা জুবিনৰ নাম কৰ্তন নকৰি এইদৰে লিখিলে BLO য়ে…

সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ পৰিয়ালৰ তথ্য সংগ্ৰহৰ বাবে গৈছিল BLO।জুবিন গাৰ্গ যে আমাৰ মাজত নাই মানি ল’ব নোৱাৰিলেও, সেয়াই সত্য । নিজৰ দায়িত্ব পালন কৰি BLO তফিজ উদ্দিনে ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ ওপৰত লিখিলে এইদৰে, “চিৰদিন অমৰ হৈ থাকক,আত্মাই চিৰশান্তি লাভ কৰক।” BLO গৰাকীক ধন্যবাদ জনাই এই কথা সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে জুবিনৰ ভগ্নী পামি বৰঠাকুৰে।
Read More
ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত শ্ৰীলংকা

ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত শ্ৰীলংকা

ঘূৰ্ণীবতাহ 'দিত্বাহ'ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ঘূৰ্ণীবতাহ 'দিত্বাহ'ৰ ফলত দেশখন প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত পৰে । ফলস্বৰূপে বানে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় ।চৰকাৰে বিদ্যালয় আৰু কাৰ্যালয় বন্ধ কৰাৰ লগতে বিভিন্ন পৰীক্ষা স্থগিত ৰাখিছে । শনিবাৰে সামাজিক মাধ্যমত প্ৰকাশ পোৱা পোষ্টত দেখা গৈছে যে নিশাৰ ভিতৰতে খহনীয়াৰ কবলত পৰা কেইবাটাও অঞ্চলৰ সৈতে কৰ্তৃপক্ষই এতিয়াও যোগাযোগ কৰিব পৰা নাই ।শ্ৰীলংকাত আবদ্ধ হৈ থকা সকলো ভাৰতীয় যাত্ৰীয়ে তেওঁলোকৰ সবিশেষ পঞ্জীয়ন কৰিবলৈও এটা সুকীয়া পোষ্টত এটা লিংক প্ৰদান কৰে…
Read More
আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল

আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল

আজিৰ পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল, চমুকৈ BTCৰ শীতকালীন অধিৱেশন। পুনৰবাৰ BTC প্ৰধান হিচাপে হাগ্ৰামা মহিলাৰীৰ এয়া প্ৰথমখন অধিৱেশন। এই অধিৱেশনৰ আজি প্ৰথম দিনটোত অসম চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে BTC ৰ তত্বধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু চৰণ বড়ো উপস্থিত আছে। তদুপৰি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, বিত্ত বিভাগৰ সচিব সহ ৩৯টা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত BTCৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব।BTCত ভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এনে প্ৰশাসনিক পদক্ষেপে বিটিএডিৰ বৈচিত্ৰময় সামাজিক স্থিতি পৰিষদ গঠনত প্ৰতিফলিত হ’ব বুলি আশা কৰা হৈছে।বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ এই শীতকালীন অধিৱেশনৰ সময়তে হাগ্ৰামা…
Read More
সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে

সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে

সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে। বিগত সময়ছোৱাত বাংলাদেশী নাগৰিকৰ ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশৰ চেষ্টাৰ এনে বহুকেইটা ঘটনা পোহৰলৈ আহিছে। বিশেষকৈ অসমৰ সীমাৰে অনুপ্ৰৱেশৰ চেষ্টা কৰি বহু বাংলাদেশী নাগৰিক নিৰাপত্তা বাহিনীৰ হাতত ধৰা পৰিছে। অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰি আহিছে। কালি নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ নিজা ফেচবুক একাউণ্ট যোগে বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা প্ৰতিহত কৰাৰ তথ্য সদৰী কৰিছে।ফেচবুক পোষ্টটোত তেওঁ উল্লেখ কৰা মতে শ্ৰীভূমি জিলাত আৰক্ষীয়ে ১১ গৰাকী অনুপ্ৰৱেশকাৰীক ধৰা পেলাইছে আৰু নিজ দেশলৈ ঘূৰাই পঠাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুপ্ৰৱেশকাৰীসকলক নমতা আলহী আখ্যা দিছে। শনিবাৰে নিশা আৰক্ষীয়ে…
Read More
ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী

ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী

অধিক ভয়ংকৰ হোৱা দিশে আগবাঢ়িছে পৰিস্থিতি। ইয়াক হয়তো মৃত্যুদূত বুলি ক’লেও ভুল নহ’ব। ইতিমধ্যে ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী । শ্ৰীলংকাত মিনিটৰ পিছত মিনিট বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ঘূৰ্ণীবতাহ ‘দিটৱাহ’ৰ বাবে ১৫৩ জন লোকৰ মৃত্যু হৈছে। ১৭৬ জন লোক সন্ধানহীন হোৱা তথ্য। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে শ্ৰীলংকা চৰকাৰে।এই দুৰ্যোগত আপোন ঘৰটো হেৰুৱালে কলম্বোৰ পৰা ২০ কিলোমিটাৰ নিলগৰ মালৱানা অঞ্চলৰ বাসিন্দা মল্লিকা কুমাৰীয়ে। শুকুৰবাৰে অহা ঘূৰ্ণীবতাহৰ ফলত কেলানী নদীৰ পানীয়ে উটুৱাই লৈ যায় তেওঁৰ বাসগৃহ। তিনিটা সন্তানক লৈ নিজৰ জীৱন ৰক্ষাৰ বাবে পথলৈ ৰাওনা হয় তেওঁ। কিন্তু সকলো বাট-পথ পানীৰে উপচি পৰিছিল। কেৱল…
Read More
আপুনি জানেনে ৰঙালাওৰ গুটি স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?

আপুনি জানেনে ৰঙালাওৰ গুটি স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বিশেষজ্ঞসকলে ফলমূল আৰু শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে ৷ বিশেষজ্ঞসকলৰ মতে বিভিন্ন শাক-পাচলিৰ পৰা আৰম্ভ কৰি শুকান ফল-মূললৈকে সকলো বস্তুৱেই শৰীৰৰ বাবে উপকাৰী ৷ ইয়াৰ উপৰিও বহুতো শাক-পাচলি বা ফলৰ গুটি আমাৰ শৰীৰৰ বাবেও উপকাৰী ৷ একে সময়তে বহুতো শাক-পাচলি আছে যাৰ গুটি আমি পেলাই দিওঁ, কাৰণ বহুতে নাজানে যে গুটিত থকা পুষ্টিকৰ উপাদান স্বাস্থ্যৰ বাবে কিমান উপকাৰী ৷আপুনি জানেনে ৰঙালাওৰ গুটি স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?ৰঙালাওৰ গুটি সৰু যদিও স্বাস্থ্য উপকাৰিতাৰ ক্ষেত্ৰত অতি শক্তিশালী ৷ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ এই বীজ হাড়ৰ শক্তি গঢ়ি তোলা, বিষৰ পৰা উপশম পোৱা আৰু সুস্থ হজম শক্তি বৃদ্ধিৰ বাবে প্ৰকৃতিৰ…
Read More