Dipshikha

2347 Posts
বিধানসভা নিৰ্বাচনক লৈ সাজু সকলো

বিধানসভা নিৰ্বাচনক লৈ সাজু সকলো

ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী। ইয়াৰ মাজতে এ আই ইউ ডি এফৰ পৰা নিলম্বন হৈছে এজনৰ পাছত আনজন বিধায়ক। শেহতীয়াকৈ দলটোৱে বৰাকৰ এজন বিধায়কক দলৰ পৰা নিলম্বন কৰে।২ ডিচেম্বৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত দলটোৱে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বাছিৰ আহমেদে স্বাক্ষৰিত এখন পত্ৰ জাৰি কৰে য’ত নেতাগৰাকীক নিলম্বনৰ কথা উল্লেখ থাকে। অভিযোগ অনুসৰি নেতাগৰাকী দল বিৰোধী আৰু বিতৰ্কিত কাৰ্যাকলাপত লিপ্ত আছিল।উল্লেখ্য যে, কেইদিনমান পূৰ্বে আন এগৰাকী বিধায়কক এ আই ইউ ডি এফে দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল। দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত…
Read More
পুনৰ নতুন ভাইৰাছৰ বিভীষিকা

পুনৰ নতুন ভাইৰাছৰ বিভীষিকা

বিশ্বৰ পৰা কোৰোনাই বিদায় নলওঁতেই পুনৰ এক নতুন ভাইৰাছে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছে কেইবাখনো দেশত। এই ভাইৰাছৰ কৱললৈ আহি এতিয়ালৈকে মৃত্যু হৈছে ১৫গৰাকীকৈ লোক। ভাইৰাছবিধৰ ভয়াৱহতাৰ উমান পায়ে ১৭খন দেশত ৰেড এৰ্লাট জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।ঘানাত, মাৰবৰ্গ ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে আৰু প্ৰাদুৰ্ভাৱ বিয়পোৱাৰ ভয়ত ৯৮ জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে। এই ভয়ানক সংক্ৰামক ৰোগৰ ফলত জ্বৰ, পেশীৰ বিষ, ডায়েৰিয়া, বমি আৰু কিছুমান ক্ষেত্ৰত অত্যাধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হ’ব পাৰে। এতিয়ালৈকে এই ৰোগত শ শ লোকৰ মৃত্যু হৈছে, যাৰ বেছিভাগেই আফ্ৰিকাত আছিল।ঘানাত, মাৰবৰ্গ ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে আৰু প্ৰাদুৰ্ভাৱ বিয়পোৱাৰ ভয়ত ৯৮ জন লোকক কোৱাৰেণ্টাইন…
Read More
ৰহাত চোৰাং সৰবৰাহকাৰীক আটক

ৰহাত চোৰাং সৰবৰাহকাৰীক আটক

ৰহাত অব্যাহত আছে পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ চোৰাং সৰবৰাহ। ট্ৰাকসহ ৭টা ড্ৰামত থকা প্ৰায় ১৪০০ লিঃ পেট্ৰ'লজাত সামগ্ৰী জব্দ। ৰহা আৰক্ষীৰ জালত ৩টাকৈ চোৰাং ব্যৱসায়ী। মণিপুৰটোপৰ পৰা পুনৰ জব্দ পেট্ৰ'লিয়ামজাত সামগ্ৰীখিনি। আটক বটদ্ৰৱাৰ বৰি বজাৰৰ তফিজুল ইছলাম, মণিপুৰটোপৰ ৰছিদুল হক আৰু মাৰফুল আলী। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Read More
ঘোচ লৈ নিলম্বন হ’ল আৰক্ষী বিষয়া

ঘোচ লৈ নিলম্বন হ’ল আৰক্ষী বিষয়া

গাড়ীত বহি গণি গণি ঘোচ সংগ্ৰহ কৰা আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধনঞ্জয় ৰাভাক তাৎক্ষানিকভাৱে নিলম্বন। স্থানীয় লোকৰ পৰা প্ৰৱঞ্চনামূলক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ পোৱাৰ পাছতে নিলম্বন কৰা হৈছে ধনঞ্জয় ৰাভাক। সামজিক মাধ্যমত প্ৰকাশ পাইছিল উৎকোচ লোৱা ভিডিঅ'।কেইবাটাও স্থানীয় সংগঠন আৰু স্থানীয় লোকে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ৰাভাৰ ওপৰত ব্যক্তিগত লাভৰ বাবে তেওঁৰ পদবী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।তেওঁলোকে ধুবুৰীৰ আৰক্ষী অধীক্ষক আৰু ডিজিপি জি পি সিঙক পুংখানুপুংখ তদন্ত আৰম্ভ কৰিবলৈ আৰু বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল। ৰাইজৰ হুংকাৰৰ প্ৰতি সঁহাৰি জনাই দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি ধনঞ্জয় ৰভাক তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়।
Read More
পুনৰ অভিলেখ সৃষ্টিৰ বাবে সাজু বিৰাট

পুনৰ অভিলেখ সৃষ্টিৰ বাবে সাজু বিৰাট

পুনৰ অভিলেখ সৃষ্টিৰ বাবে সাজু বিৰাট কোহলী। ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টত ১০২ ৰান সংগ্ৰহ কৰিলেই গঢ়িব অভিলেখ। অষ্ট্ৰেলিয়াৰ এডিলেইড অ'ভেলত সৰ্বাধিক টেষ্ট ৰাণ কৰা অতিথি বেটছমেন হ'ব কোহলী। দ্বিতীয়খন টেষ্টত যদি ১০২ ৰান কৰে, তেন্তে এডিলেইডত কোহলীৰ ৰান হ’ব ৬১১ আৰু তেওঁ ব্রায়ান লাৰাৰ ৬১০ ৰানৰ অভিলেখ ভংগ কৰিব৷ উল্লেখ্য, মহান ছাৰ ভিভিয়ান ৰিচাৰ্ডছৰ ৫৫২ ৰানৰ অভিলেখ অতিক্ৰম কৰিবলৈ তেওঁক আৰু ৪৪ ৰানৰ প্ৰয়োজন।
Read More
ভয়ংকৰ ৰূপত আহিছে ঘূর্ণীবতাহ ‘ফেংগল’

ভয়ংকৰ ৰূপত আহিছে ঘূর্ণীবতাহ ‘ফেংগল’

দ্ৰুত গতিত আহি আছে ঘূৰ্ণীবতাহ 'ফেংগাল'। ঘূৰ্ণীবতাহৰ ফলত তামিলনাডু আৰু পুডুচেৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি তামিলনাডু, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশৰ উপকূলত হ’ব ধাৰাসাৰ বৰষুণ। ফেঞ্জালৰ প্ৰভাৱত পশ্চিমবংগৰ ২৪ পৰগনা আৰু মেদিনীপুৰতো বৰষুণ হোৱাৰ সম্ভাৱনা। ব-দ্বীপ অঞ্চলত নিয়োগ কৰা হৈছে এনডিআৰএফ আৰু ৰাজ্যিক দল।
Read More
৬.৬লাখ ছিম কাৰ্ড বন্ধ

৬.৬লাখ ছিম কাৰ্ড বন্ধ

কেন্দ্ৰই বন্ধ কৰিছে ৬.৬ লাখ ছিম কাৰ্ড। বন্ধ কৰিছে ১.৩২ লাখ IMEI নম্বৰ। দেশত ক্ৰমবৰ্ধিত চাইবাৰ অপৰাধ প্ৰতিৰোধৰ বাবে এই পদক্ষেপ। ৰাজ্যসভাত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বান্দি সঞ্জয় কুমাৰে সদৰী কৰিছে এই তথ্য। বহিঃৰাষ্ট্ৰৰ সন্দেহজনক মোবাইল ফোন বন্ধ কৰাৰ বাবে লৈছে বিশেষ পদক্ষেপ। কেন্দ্ৰ আৰু টেলিকম ছাৰ্ভিচ প্ৰ'ভাইডাৰে লৈছে বিশেষ ব্যৱস্থা। ৯.৯৪ লাখ চাইবাৰ অভিযোগো লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। যথাবিহিত ব্যৱস্থাৰে ৩,৪৩১ কোটি টকা সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰ।
Read More
আজিৰে পৰা গুৱাহাটীত নাথাকিব খাওঁগলি

আজিৰে পৰা গুৱাহাটীত নাথাকিব খাওঁগলি

দীঘলীপুখুৰী পাৰত আজিৰে পৰা নাথাকিব খাওগলি। প্ৰশাসনৰ নিৰ্দেশৰ পাছতেই খাওগলিত উচ্ছেদ GMCৰ। বুলড'জাৰ লগাই এফালৰ পৰা ভাঙিলে খাওগলিৰ দোকান। বিকল্প ব্যৱস্থা নকৰাকৈ GMC-এ উঠাই দিলে খাওগলি। বছৰদিয়েক পূৰ্বে GMC-এ দীঘলীপুখুৰীত স্থাপন কৰিছিল খাওগলি।কালি নিশা ১০.৩০ বজাৰ পৰা গুৱাহাটী পৌৰ নিগম (GMC) য়ে খাওগলিত চলাই বুলড’জাৰৰে উচ্ছেদ অভিযান। জানিব পৰা মতে প্ৰশাসনে খাওগলিৰ প্ৰায় ৭০ খন বিপণী উচ্ছেদ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে প্ৰশাসনে এই ঠাই খালী কৰাৰ বাবে বিপণীসমূহক জাননী জাৰি কৰিছিল। জাননী অনুসৰি ২৬ নৱেম্ববৰৰ নিশা ১০ বজাৰ পূৰ্বে তেওঁলোকে সেই ঠাই খালী কৰিব লাগিছিল। কিন্তু নিৰ্ধাৰিত সময়ত ঠাই খালী নকৰাত প্ৰশাসনে ১০.৩০ বজাত এই অভিযান চলায়।গুৱাহাটীৰ…
Read More
বজৰং পুনিয়াক নিলম্বন

বজৰং পুনিয়াক নিলম্বন

বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিলম্বন কৰিছে ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সী (নাডা)য়ে । চলিত বৰ্ষৰ ২৩ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে এই অস্থায়ী নিলম্বন। যোৱা মাৰ্চ মাহত ৰাষ্ট্ৰীয় দলৰ পৰীক্ষাৰ সময়ত ড’প টেষ্টৰ বাবে নমুনা দিবলৈ অস্বীকাৰ কৰিছিল বজৰং পুনিয়াই।প্ৰথমে ২৩ এপ্ৰিলত টকিঅ’ গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰুগৰাকীক এই অপৰাধৰ বাবে নিলম্বন কৰিছিল । ইয়াৰ পাছত ইউ ডব্লিউ ডব্লিউৱেও তেওঁক নিলম্বন কৰে। পাছত বজৰঙে অস্থায়ী নিলম্বনৰ বিৰুদ্ধে আবেদন জনাইছিল আৰু নাডাৰ অভিযোগৰ জাননী জাৰি নকৰালৈকে নাডাৰ এণ্টি ডিচিপ্লিনেৰী ড’পিং পেনেলে ৩১ মে’ত এই নিলম্বন বাতিল কৰিছিল । তাৰ পিছত ২৩ জুনত নাডাই মল্লযুঁজাৰুগৰাকীক জাননী প্ৰদান কৰে।এই চাৰি বছৰীয়া নিলম্বনৰ সময়ছোৱাত বজৰং…
Read More
ট্রেডিং কেলেংকাৰীৰ অভিযুক্তৰ জামিন লাভ

ট্রেডিং কেলেংকাৰীৰ অভিযুক্তৰ জামিন লাভ

ট্ৰেডিং কেলেংকাৰিৰ ৩ অভিযুক্তৰ জামিন লাভ। জামিন লাভ কৰিলে বিশাল ফুকন, তাৰ্কিক বৰা, স্বপ্ননীল দাসে লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে তিনিওৰে জামিন। কিন্তু জামিন পালেও কাৰাগাৰতে থাকিব লাগিব বিশাল-তাৰ্কিক।এটা গোচৰতহে জামিন লাভ কৰিছে বিশালে। যাৰ বাবে মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল ফুকন। বৰ্তমানো চলি আছে আন দুটা গোচৰ।জে’লতে থাকিব লাগিব চুমি বৰাৰ স্বামী তাৰ্কিক বৰা। তাৰ্কিক বৰাৰ বিৰুদ্ধেও ৰুজু হৈ আছে আৰু দুটা গোচৰ। ডিব্ৰুগড় থানত ৰুজু হোৱা ৩৫২/২৪ গোচৰতহে জামিন লাভ কৰিছে বিশাল আৰু তাৰ্কিকে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব বিশাল আৰু তাৰ্কিক। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৮৫/২৪ ডিব্ৰুগড়ৰ দুলীয়াজান থানাৰ ১৯৮/২৪ গোচৰ কেইটাত জামিন পোৱা…
Read More