Dipshikha

2947 Posts
মাত্ৰ ১০ টকা নামমাত্ৰ মূল্যত ১০ একৰ মাটি দিয়া হ’ব

মাত্ৰ ১০ টকা নামমাত্ৰ মূল্যত ১০ একৰ মাটি দিয়া হ’ব

মাত্ৰ ১ টকাৰ টোকেনৰ পৰিমাণৰ বিনিময়ত বিনিয়োগকাৰীয়ে ভূমি প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে।এই আঁচনিখনক “Bihar Industrial Investment Promotion Package 2025” বুলি কোৱা হয়। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে ৰাজ্যখনলৈ বৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণ কৰা আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা। অৱশ্যে মনত ৰাখিব যে এই সুযোগ সীমিত। এই আঁচনিৰ সুবিধা ল’বলৈ বিনিয়োগকাৰীয়ে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব।নিয়ম অনুসৰি যদি কোনো কোম্পানীয়ে ১০০ কোটি টকা বিনিয়োগ কৰি কমেও ১০০০ লোকক নিয়োগ কৰে তেন্তে মাত্ৰ ১০ টকা নামমাত্ৰ মূল্যত ১০ একৰ মাটি দিয়া হ’ব। তদুপৰি যদি বিনিয়োগ ১,০০০ কোটি টকা হয় তেন্তে চৰকাৰে একে নামমাত্ৰ হাৰত ২৫ একৰ মাটি…
Read More
কেইবাজনো লোকৰ বেংক একাউণ্টলৈ বিপুল পৰিমাণৰ ধন প্ৰৱাহিত

কেইবাজনো লোকৰ বেংক একাউণ্টলৈ বিপুল পৰিমাণৰ ধন প্ৰৱাহিত

ডুবাইৰ পৰা তেজপুৰৰ কেইবাজনো লোকৰ বেংক একাউণ্টলৈ বিপুল পৰিমাণৰ ধন প্ৰৱাহিত হোৱাৰ সন্দেহজনক তথ্যানুসন্ধানৰ অংশ স্বৰূপে তেজপুৰ আৰক্ষীয়ে এগৰাকী মহিলাসহ চাৰিজনক লোকক কৰায়ত্ত কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, তেজপুৰৰ বৰঝাৰগাঁও অঞ্চলত চলোৱা এক বিশেষ অভিযানত জুতিকা কলিতা, জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাস নামৰ লোককেইজনক আটক কৰা হয় ।সন্দেহজনক লোককেইজনৰ নিজৰ ঘৰৰ পৰা আৰক্ষীয়ে ৪৪ খন এ টি এম কাৰ্ড, ১৭ টা বেংক পাছবুক, চেকবুক আৰু এজনৰ পাছপ’ৰ্ট উদ্ধাৰ কৰে ।আৰক্ষীয়ে জনোৱা মতে, একেটা পৰিয়ালৰ সদস্য এইসকল লোকৰ একাউণ্টত বিদেশৰ পৰা ধন লেনদেনৰ গোপন তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে তদন্ত তীব্ৰ কৰে আৰু বৃহস্পতিবাৰে নিশা অভিযান চলাই…
Read More
বজাৰত পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য

বজাৰত পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক । ইয়াৰ মাজতেই আকৌ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কণীৰ মূল্য় । দাইল, মিঠাতেল, গাখীৰৰ সমান্তৰালভাৱে কণীৰ দাম বৃদ্ধি হোৱাত মূৰে-কপালে হাত দিছে সাধাৰণ ৰাইজে ।বজাৰত পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য । মহানগৰীৰ বজাৰত খুচুৰা মূল্যত প্ৰতিটো কণী ৮-১০ টকা পৰ্যন্ত বিক্ৰী হৈছে । তাৰ বিপৰীতে প্ৰতিটো কণীৰ প্লেটত ২৩০-২৫০ টকা পৰ্যন্ত বিক্ৰী হোৱা বুলি ব্য়ৱসায়ীসকলে উল্লেখ কৰিছে । ইপিনে, পাইকাৰী বজাৰত কণীৰ মূল্য প্ৰতি কাৰ্টনত (প্ৰতি কাৰ্টনত ৭ প্লেট থাকে) ১৫৫০-১৬০০ টকা পৰ্যন্ত বিক্ৰী হৈছে ।২০২৫ বৰ্ষত প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য ১০০০ টকাৰ পৰা ১৫৭০ টকালৈ বৃদ্ধি ।
Read More
এই গছত ডায়েবেটিছ নিয়ন্ত্ৰণৰ গুণ আছে

এই গছত ডায়েবেটিছ নিয়ন্ত্ৰণৰ গুণ আছে

নেফাফু এবিধ চিৰসেউজীয়া আৰু সপুষ্পক উদ্ভিদ। এইবিধ উদ্ভিদ প্ৰকৃততে ঔষধ। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কাহ, বাতবিষকে ধৰি বিভিন্ন বিষত নেফাফু খোৱাটো খুব উপকাৰী।নেফাফু (Clerodendrum colebrookianum) এক ঔষধি গছ, যা উচ্চ ৰক্তচাপ (hypertension), মধুমেহ (diabetes), কাহ, আৰু বাতবিষ (rheumatism) আদি বিভিন্ন ৰোগৰ উপশমত অত্যন্ত উপকাৰী; ইয়াৰ পাত ভাজি খালে বা ৰস সেৱন কৰিলে বহু ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এছিয়া মহাদেশৰ ভাৰত, ম্যানমাৰ, বাংলাদেশ, মালয়েছিয়া, ইণ্ডোনেছিয়া, থাইলেণ্ড, নেপাল, চীন, ভূটান আদি দেশত এইবিধ উদ্ভিদ গজে। ভাৰতৰ ভিতৰত নেফাফু আটাইতকৈ বেছি উত্তৰ-পূৱতে পোৱা যায়। এই পাতৰ ঠাৰিৰ তলফালে চেনিৰ দৰে পদাৰ্থ দানা বান্ধি থাকে। সেয়ে, এই গছজোপাৰ পাতত ক’লা পৰুৱা ভৰি থাকে। নেফাফু…
Read More
পুটিনক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

পুটিনক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বৃহস্পতিবাৰে ভাৰতত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক শুকুৰবাৰে পুৱা আনুষ্ঠানিক আদৰণি জনোৱা হয় ৰাষ্ট্ৰপতি ভৱনত ৷ পুটিনক আদৰণি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰাষ্ট্ৰপতি ভৱনত পুটিনক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । ৰাছিয়া আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতো পৰিৱেশন কৰা হয় ।উক্ত অনুষ্ঠানত এছ জয়শংকৰ আৰু সৰ্বানন্দ সোণোৱালসহ চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনা, চি ডি এছ জেনেৰেল অনিল চৌহানকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইজনে সিজনৰ দেশৰ বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়ে । ৰাছিয়াৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী…
Read More
আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে

আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে

বহুতে পালেং শাক খাই ভাল পায়। শীতকালত বজাৰ পালেং শাকেৰে ভৰি পৰে। কিন্তু আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে। যদি আপুনি পালেং শাক খাই তেন্তে ইয়াৰ পৰা বিভিন্ন লাভ পাব পাৰে।পালেং শাক পুষ্টিৰে ভৰপূৰ, যিয়ে চকুৰ স্বাস্থ্য ভাল কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হজম শক্তি বঢ়ায়, পেশী শক্তিশালী কৰে আৰু আয়ৰণ যোগান ধৰে। ই ভিটামিন A, C, K, ফলিক এচিড, আয়ৰণ, কেলচিয়াম, ফাইবাৰ আদিৰে সমৃদ্ধ, যিয়ে ৰক্ত সঞ্চালন উন্নত কৰে আৰু কিছুমান ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে, কিন্তু কিডনিৰ পাথৰৰ সমস্যা থকা লোকে ইয়াৰ অক্সালেটৰ বাবে সাৱধান হ'ব লাগে।পালেং শাকৰ উপকাৰ--------চকুৰ স্বাস্থ্য: ইয়াত থকা ভিটামিন A-য়ে চকুৰ দৃষ্টিশক্তি উন্নত…
Read More
প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল’ন

প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল’ন

প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ সংগীতানুষ্ঠানৰ বাবে আহিব পোষ্ট মেল'ন। আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পীজনৰ অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে। যদিও অনুৰাগীসকল টিকত বিচৰাত ব্যস্ত কিন্ত আন একাংশই এনে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে বহু সমালোচনাও কৰিছে সামাজিক মাধ্যমত। অসম চৰকাৰৰ সহযোগত BookMyShow Live ৰ উদ্যোগত এই বিশাল কনচাৰ্ট অনুষ্ঠিত হ’ব। এই সংগীতানুষ্ঠানৰ লক্ষ্য অসমৰ পৰ্যটন, সংস্কৃতি, অৰ্থনীতি আৰু স্থানীয় ব্যৱসায়ক উন্নীত কৰা।এই অনুষ্ঠানত ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শক আহিব বুলি আশা কৰা হৈছে, কিয়নো ভাৰতত এয়া পোষ্ট মেলনৰ প্ৰথমটো solo headline concert হ’ব। পোষ্ট মেলনৰ হিট গীতসমূহ অনুষ্ঠানত শুনিবলৈ আশা কৰি আছে অনুৰাগীসকল। এগৰাকী ৰেপাৰ, গায়ক আৰু গীতিকাৰ যিয়ে হিপ-হপ, পপ, ৰক আৰু…
Read More
ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল

ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল

ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদিতই মাটিত ভাগৰি ভাগৰি কান্দোনৰ ৰোল। ৩৫ বছৰৰ পৰা বসবাস কৰিছিল ভকতগাঁৱৰ চৰকাৰী ভূমিত। আজি প্ৰশাসনে ভাঙি দিলে বাসগৃহ যাৰ কাৰণে মাটিত ভাগৰি ভাগৰি কান্দোনত ভাগি পৰিল উচ্ছেদিত মহিলাই। আমাক মাৰি পেলাওক আমাৰ যাবলৈ জেগা নাই মোৰ মা দেউতা কোনো নাই। লোকৰ ঘৰত কাম কৰি ঘৰখন বনাইছিলোঁ আজি চৰকাৰে উচ্ছেদ কৰিলে যাৰ কাৰণে কান্দোনত ভাগি পৰিল। চৰকাৰক মাটি দিবলৈ কান্দি কান্দি আহ্বান জনালে উচ্ছেদিত মহিলাই।
Read More
আজি মহখেদা উৎসৱ অৰ্থাৎ মহোহো

আজি মহখেদা উৎসৱ অৰ্থাৎ মহোহো

অসমৰ বাৰে-ৰহণীয়া সংস্কৃতিৰ ভিতৰত আঘোণ মাহত পালন কৰা মহোহো অৰ্থাৎ মহখেদা উৎসৱে বিশেষ স্থান দখল কৰি আহিছে। বিশেষকৈ নামনিৰ দিশৰ অসমৰ ঠাইভেদে আঘোণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা মহোহো বা মহখেদা উৎসৱ এক হেঁপাহৰ উৎসৱ৷ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহো-হো গীত বোলে। দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই যায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়। এইটোৱেই এই…
Read More
শ শ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত

শ শ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত

বিগত কেইটামান দিনৰ পৰা ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে শ শ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইয়াৰ পাছতে এতিয়া কৰ্মচাৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।জানিব পৰা মতে, প্ৰায় ৫০০ ৰো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। এইসকলৰ ভিতৰত প্ৰতিবাদ কৰা কৰ্মচাৰীও আছে। শীঘ্ৰেই এই পদৰ বাবে নতুন নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, প্ৰতিবাদকাৰীসকলে প্ৰায় ৩০০০ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, সম-কাম সম-মৰ্যদা, অভাৰ টাইমৰ ভাট্টা, উপযুক্ত মজুৰিকে ধৰি বিভিন্ন দাবী উত্থাপন কৰিছিল। প্ৰতিবাদকাৰীসকলে কৈছিল যে, ১৭ বছৰ ধৰি চাকৰি কৰাৰ পাছতো তেওঁলোকৰ কোনো নিৰাপত্তা নাই। ১০৮ সেৱাক জৰুৰীকালীন সেৱাত অন্তৰ্ভুক্ত কৰিছিল। কিন্তু…
Read More