Dipshikha

2384 Posts
আকৌ আহিছে ক’ভিড-১৯

আকৌ আহিছে ক’ভিড-১৯

বিগত কেইবা সপ্তাহত ছিংগাপুৰ আৰু হংকঙত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্য়া । এই খবৰ বিয়পি পৰাৰ পিছতেই সতৰ্ক হৈছে ভাৰত । সোমবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰিছে যে দেশত বৰ্তমান ক'ভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে । ছিংগাপুৰ আৰু হংকঙত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ বাতৰি লাভ কৰা পিছতেই ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC), ইমাৰ্জেঞ্চী মেডিকেল ৰিলিফ (EMR) বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা কোষ, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু কেন্দ্রীয় চৰকাৰী চিকিৎসালয়ৰ বিশেষজ্ঞসকলে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকখন স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ (DGHS)ৰ সভাপতিত্বত অনুষ্ঠিত হয় ।মুম্বাইত কৰ’না ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাইছে, যাৰ বাবে চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ।…
Read More
অসম আৰক্ষীৰ বৃহৎ সাফল্য

অসম আৰক্ষীৰ বৃহৎ সাফল্য

যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। মহানগৰ আৰক্ষী আৰু যোৰাবাট আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। আটক এটা ড্ৰাগছ সৰবৰাহকাৰী। শিলচৰৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছৰ পৰা জব্দ হয় ৩৫ পেকেট নিষিদ্ধ হে'ৰ‌ইন। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো কাছাৰৰ চাইবুল হুছেইন লস্কৰ। ড্ৰাগছখিনি মূল্য প্ৰায় কেইবাকোটি টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জব্দকৃত নৈশ বাছখনৰ নম্বৰ AS01 LC 9264। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Read More
আপোনাৰো গাহৰি মাংস প্রিয় নেকি

আপোনাৰো গাহৰি মাংস প্রিয় নেকি

আকৌ ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ । শুকুৰবাৰে বৰপেটা জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ (ASF)ৰ প্ৰাদুৰ্ভাৱৰ ফলত গাহৰি আৰু গাহৰিৰ মাংস বিক্ৰী নিষিদ্ধ কৰে প্ৰশাসনে।আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ প্ৰাদুৰ্ভাৱৰ পাছতে এই সিদ্ধান্ত প্ৰশাসনৰ ।সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ গহিয়া গাঁৱত দেখা গৈছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ।
Read More
পাকিস্তানৰ পিছতেই চীন আৰু তুৰ্কীৰ বিৰুদ্ধে কঠোৰ ভাৰত

পাকিস্তানৰ পিছতেই চীন আৰু তুৰ্কীৰ বিৰুদ্ধে কঠোৰ ভাৰত

পাকিস্তানৰ পিছত ভাৰতে এতিয়া চীন আৰু তুৰ্কীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে। ড্ৰেগনৰ মাউথপিছ গ্ল’বেল টাইমছ আৰু তুৰ্কীৰ সম্প্ৰচাৰক টিআৰটি ৱৰ্ল্ডৰ এক্স একাউণ্ট ব্লক কৰিছে ভাৰতে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত চৰকাৰে দুয়োটা একাউণ্ট ব্লক কৰিছে।গ্ল’বেল টাইমছ আৰু টিআৰটি ৱৰ্ল্ডে ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি চলাইছিল, তাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।চীনৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল ভাৰতে । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল।ইয়াৰ উপৰিও কূটনৈতিক সম্পৰ্কৰ লগতে পাকিস্তানীৰ ভিছা বাতিল কৰা হৈছিল। এই সকলোবোৰ কাৰ্যৰ অন্তত ভাৰতে পাকিস্তান আৰু পিঅ’কেৰ ৯টা স্থানত আক্ৰমণ কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰে।
Read More
অসম আৰক্ষীৰ বৃহৎ সাফল্য

অসম আৰক্ষীৰ বৃহৎ সাফল্য

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ চিণ্ডিকেট। লামডিঙত সঘনাই সংঘটিত হৈ আহিছে গৰুচুৰি কাণ্ড। দুদিন পূৰ্বে লামডিং খিষ্টিয়ান বস্তিত চুৰি হৈছিল দুজনী গাইগৰু।স্বপন মালি নামৰ লোকজনৰ গোহালিৰ পৰা চুৰি হৈছিল গৰুলামডিং আৰক্ষী থানত এজেহাৰ দাখিল কৰিছে লোকজনে।বৰ্তমানেও উদ্ধাৰ হোৱা নাই চুৰি হোৱা গৰুৰ।৩ গৰু চোৰক সন্দেহ কৰিছে গৰুৰ মালিকে।
Read More
আপোনাৰো প্রিয় নেকি তৰমুজ

আপোনাৰো প্রিয় নেকি তৰমুজ

গ্ৰীষ্মকালত তৰমুজ খোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন-এ, চি, লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে। এই ৰসাল ফলবিধে শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে পেটৰ সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। তদুপৰি, তৰমুজ খালে ভোক হ্ৰাস হয়, যিয়ে ওজন কমোৱাত সহায় কৰে।তৰমুজে শৰীৰক শীতল কৰাৰ লগতে এই ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ৯২ শতাংশ পানীৰে ভৰা তৰমুজ গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ সেয়ে গৰমৰ দিনত তৰমুজৰ এটুকুৰা মুখত পৰিলে মানুহৰ দেহ-মন শাঁত পৰি যায় ৷ সেয়ে আজি ইয়াৰ স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়ে জানো আহক-তৰমুজত যথেষ্ট পানী থাকে। সেয়েহে তৰমুজ খালে শৰীৰৰ পৰা পানীৰ…
Read More
পুনৰ আৰম্ভ ৩২টাকৈ বিমান বন্দৰ

পুনৰ আৰম্ভ ৩২টাকৈ বিমান বন্দৰ

৩২টা বিমান বন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ বাবে ৰেফাৰেন্স জাননী জাৰি কৰা হৈছিল যদিও এই বিমানবন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ।সোমবাৰে পুৱা ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষই এয়াৰমেনলৈ জাৰি কৰা জাননী অনুসৰি, এতিয়া ৩২টা বিমান বন্দৰৰ আটাইকেইটা মুকলি কৰা হৈছে। আম্বালা, অমৃতসৰ, ভূজ, বিকানেৰ, চণ্ডীগড়, হিন্দন, জয়ছলমেৰ, জম্মু, জামনগৰ, যোধপুৰ, লেহ, লুধিয়ানা, মুন্দ্ৰা, পোৰবন্দৰ, ৰাজকোট (হিৰাচৰ), শিমলা আৰু শ্ৰীনগৰ আদি ডাঙৰ চহৰৰ বিমান বন্দৰসমূহ যোৱা ৭ মে’ৰ পৰা বন্ধ হৈ থকাৰ বাবে বিমান সংস্থাসমূহে শ শ বিমান সেৱা বাতিল কৰিবলগীয়া হৈছিল। অস্থায়ীভাৱে বন্ধ কৰাৰ বাবে ৰেফাৰেন্স জাননী জাৰি কৰা হৈছিল যদিও এই বিমান বন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ…
Read More
BSF জোৱানৰ সফলতা

BSF জোৱানৰ সফলতা

ফেৰোজপুৰ চেক্টৰত নিশা ভাৰত পাকিস্তান সীমান্ত অতিক্ৰম কৰাৰ সময়ত এটা সন্দেহজনক পাকিস্তানী গুপ্তচৰ ব'ৰ্ডাৰ ছিকিউৰিটী ফৰ্চ চমুকৈ BSF ৰ জোৱানৰ গুলীত নিহত হৈছে। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ উক্ত চোৰাংচোৱাটো সীমান্ত পাৰ হৈ ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰি সীমান্তৰ কাইটিয়া বেৰৰ ফালে আগবাঢ়ি আছিল।ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ সময়ত এটা সন্দেহজনক পাকিস্তানী গুপ্তচৰ ব'ৰ্ডাৰ ছিকিউৰিটী ফৰ্চ চমুকৈ BSF ৰ জোৱানৰ গুলীত নিহত হৈছে। আজি পুৱা সেই চোৰাংচোৱাৰ মৃতদেহ স্থানীয় আৰক্ষীৰ হাতলৈ হস্তান্তৰ কৰা হৈছে।
Read More
গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত

গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত

গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত। দেওবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত এই নিৰ্দেশনা প্ৰদান কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গৃহহীন গৰু সুৰক্ষা কেন্দ্ৰসমূহক স্বাৱলম্বী কৰি তোলাৰ বাবে উচিত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী অট্টালিকাত গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব লাগে। পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক এই নিৰ্দেশনা প্ৰদান কৰে।
Read More
পাকিস্তানৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত

পাকিস্তানৰ বিৰুদ্ধে পুনৰ কঠোৰ সিদ্ধান্ত

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ প্ৰবাহ কৰ্তন কৰিছে আৰু ঝিলাম নদীৰ কিষাণগংগা মথাউৰিতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে বুলি দেওবাৰে সূত্ৰই প্ৰকাশ কৰিছে ।খবৰ অনুসৰি ভাৰতে চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ সোঁত হ্ৰাস কৰাৰ লগতে ঝেলুম নদীৰ কিশানগংগা বান্ধ বন্ধ কৰাৰ যো জা চলাই আছে।ভাৰতৰ এই পদক্ষেপৰ পাছতে শংকিত হৈ পৰিছে পাকিস্তান। ইয়াৰ পূৰ্বে পাকিস্তানে সিন্ধু জল চুক্তি বাতিলৰ পদক্ষেপটো যুদ্ধসদৃশ কাৰ্য বুলি অভিহিত কৰিছিল। পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৱে ভাৰতক সকীয়াই দিছিল যে যদি সিন্ধুৰ পানী বন্ধ কৰা হয় তেন্তে “সিন্ধুত পানী নহয়, তেজ…
Read More