Dipshikha

2936 Posts
এক উপকাৰী খাদ্য

এক উপকাৰী খাদ্য

কাঠফুলা (Mushroom) এবিধ অত্যন্ত পুষ্টিকৰ আৰু উপকাৰী ভেঁকুৰজাতীয় খাদ্য, যি ভিটামিন (B-complex), খনিজ পদাৰ্থ (পটাছিয়াম, চেলেনিয়াম, জিংক), আৰু ফাইবাৰৰ সমৃদ্ধ উৎস। ই কেন্সাৰৰ আশংকা কমায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, তেজৰ চেনি নিয়ন্ত্ৰণ কৰে, আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে। ইয়াৰ উচ্চ আঁহযুক্ত গুণে ওজন কমোৱাতো সহায় কৰে। কাঠফুলাৰ প্ৰধান উপকাৰিতা:---- পুষ্টিৰ ভাণ্ডাৰ: কাঠফুলাত প্ৰচুৰ পৰিমাণে আইৰন, কপাৰ, পটাছিয়াম, আৰু ভিটামিন বি কমপ্লেক্স থাকে, যিবোৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।কেন্সাৰ প্ৰতিৰোধ: কিছুমান গৱেষণাত পোৱা গৈছে যে কাঠফুলাই শৰীৰত কেন্সাৰ কোষৰ বৃদ্ধি হ্ৰাস কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াৰ সেৱনে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।মগজুৰ স্বাস্থ্য: কাঠফুলাত থকা উপাদানে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু…
Read More
পুনৰ বিমান দুৰ্ঘটনা

পুনৰ বিমান দুৰ্ঘটনা

কাৰ্বি আংলং জিলাত সংঘটিত হোৱা ছুখয় - ৩০ এম কে আই (Sukhoi Su-30MKI) যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুেনাৰ দুজন পাইলটৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে । বায়ু সেনাই প্ৰকাশ কৰা তথ্য় অনুসৰি, স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পুৰভেশ দূৰ্গকাৰ এই দুৰ্ঘটনাটোত মৃত্যু হৈছে ৷বৃহস্পতিবাৰে সন্ধিয়া যোৰহাটৰ পৰা উৰা মৰা যুদ্ধ বিমানখনত দুজন পাইলট আছিল ৷ পাইলট স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পুৰভেশ দূৰ্গকাৰৰ মৃত্যু ৷
Read More
হিমন্ত বিশ্ব শৰ্মাই নিজৰ লাখ টকীয়া ঘড়ী উপহাৰ দিলে ভাগিনক

হিমন্ত বিশ্ব শৰ্মাই নিজৰ লাখ টকীয়া ঘড়ী উপহাৰ দিলে ভাগিনক

বিজেপিৰ 'জন আশীৰ্বাদ যাত্ৰা'ৰ সোমাবাৰে আছিল তৃতীয় দিন । গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোক নেতৃত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে এই যাত্ৰা কৰাৰ সময়তেই আগুৰি ধৰিলে ভাগিনসকলে । মামাক লগ পাবলৈ পুৱাৰে পৰাই অপেক্ষা কৰি আছিল ভাগিনসকলে ।দীৰ্ঘসময় মামাৰ বাবে অপেক্ষা কৰি থকা ভাগিনসকলে চিঞৰি উঠিল ' মামা, মামা' বুলি । মামায়ো ভাগিনৰ মৰম উপেক্ষা কৰিব নোৱাৰি বাহনৰ পৰাই হাত জোকাৰিলে । ভাগিনসকলে বাহনখনৰ ওচৰৰ পৰা মুখ্যমন্ত্ৰীৰ সৈতে হাত মিলালে । তাৰ মাজতেই এজন ভাগিনে ক'লে, "মামা, আপোনাৰ ঘড়ীটো ভাল লাগিছে ।"মামায়ো মৰমৰ ভাগিনক হাতৰ ঘড়ীটো সোলোকাই দিলে উপহাৰ ।…
Read More
ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল।দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক।যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ।সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ।
Read More
চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ

চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ। দুখন ড্ৰ’নেৰে এই আক্ৰমণ সংঘটিত কৰাৰ লগতে দূতাবাসত অগ্নিকাণ্ড সংঘটিত হৈছে বুলিও জানিব পৰা গৈছে। এই আক্ৰমণৰ পাছতে ড’নাল্ড ট্ৰাম্পেও সকিয়নী প্ৰদান কৰিছে। ট্ৰাম্পে আমেৰিকাৰ দূতাবাসত হোৱা আক্ৰমণৰ প্ৰতিশোধ লোৱা হ’ব বুলি হুংকাৰ প্ৰদান ।কৰিছে।ড্রোণ আক্রমণত থিতাতে মৃত্যু কেইবাজনো আমেৰিকান সেনাৰ।ৰিয়াধস্থিত দূতাবাসত পুৱতি নিশা ভয়ংকৰ ড্ৰোণ আক্রমণ।আক্ৰমণৰ শীঘ্ৰেই প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ডনাল্ড ট্রাম্পৰ। আমেৰিকান দূতাবাস পুৱতি নিশা ছাৰখাৰ কৰি দিলে ইৰানে বহু আমেৰিকান সেনাৰ প্ৰাণ হানি।
Read More
ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ

ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু।ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ।মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন।তেল পৰিবাহী জাহাজৰ নাবিকৰূপে কৰ্মৰত আছিল।আক্রমণত চূর্ণ-বিচূর্ণ MKD VYOM নামৰ জাহাজখন।
Read More
অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ । ভেতলাপালেম গাঁৱৰ গোদাবৰী খালৰ সমীপত থকা সূৰ্যশ্ৰী আতচবাজী কাৰখানাত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় । দিনৰ প্ৰায় ২ বজাত এই বিস্ফোৰণ হয় । এই বিস্ফোৰণৰ ফলত প্ৰায় ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও কেইবাজনো লোক আহত হয় । গুৰুতৰভাৱে আহত ৮ জন লোকক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, ৬ জনক কাকিনাড়াৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ।স্থানীয় ৰাইজৰ মতে বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড শব্দৰ ফলত ওচৰৰে গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাদত ফাট মেলাৰ বিপৰীতে বিস্ফোৰণৰ শব্দ ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত শুনা গৈছিল । বিস্ফোৰণৰ ফলত ধোঁৱাই সমগ্ৰ অঞ্চল আৱৰি ধৰে…
Read More
পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা

পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা

ইৰাণৰ বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে ডুবাইৰ পামছ জুমেইৰা অঞ্চলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে অতি তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয় জৰুৰীকালীন উদ্ধাৰ অভিযানকাৰী দলসমূহ ৷নাগৰিক, বাসিন্দা আৰু পৰ্যটকৰ সুৰক্ষা সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ লগত কোনো আপোচ কৰিব নোৱাৰি । মন্ত্ৰালয়ে লগতে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰে ৷ আবুধাবি আৰু ডুবাইৰ কেইবাটাও অঞ্চলত ধ্বংসাৱশেষ পৰি ৰয় ।
Read More
ইৰাণৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত

ইৰাণৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক দেখিবলৈ পোৱা গৈছে। আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰৰ নিশ্চয়তা অহাৰ লগে লগে দিল্লীত থকা ইৰাণৰ দূতাবাসে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰে।ইফালে, দেওবাৰে পুুৱাই জম্মু-কাশ্মীৰত একাংশ লোকে উলিয়াই শোক সমদল। এই সমদলত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। কেইবাজনো অংশগ্ৰহণকাৰীয়ে আমেৰিকা আৰু ইজৰাইলে নিৰীহ লোকক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ হাজাৰজন খামেইনীৰ আকৌ জন্ম হ'ব বুলি উল্লেখ কৰে।
Read More
এক মহৌষধ

এক মহৌষধ

শিলিখা (Haritaki) আয়ুৰ্বেদত এক মহৌষধি হিচাপে পৰিচিতযিয়ে হজমী শক্তি বৃদ্ধিকোষ্ঠকাঠিন্য দূৰৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C আৰু এণ্টিঅক্সিডেন্ট থাকেযি কাহচৰ্দিদাঁতৰ বিষ আৰু ছালৰ সমস্যা উপশম কৰে। ইয়াৰ নিয়মিত সেৱনে তেজ পৰিষ্কাৰ কৰে আৰু হৃদযন্ত্ৰ সবল কৰে।শিলিখাৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ:হজমী শক্তি বৃদ্ধি: শিলিখাই পেটৰ সমস্যা যেনে গেছঅম্বল আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত অসাধাৰণ কাম কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: প্ৰচুৰ ভিটামিন C আৰু এণ্টিঅক্সিডেন্ট থকাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।ডি-টক্সিফিকেচন: ই শৰীৰৰ বিষাক্ত পদাৰ্থ (Toxins) বাহিৰ কৰি লিভাৰ আৰু তেজ পৰিষ্কাৰ ৰখাত সহায় কৰে।কাহ আৰু চৰ্দিৰ নিৰাময়: চৰ্দিকাহএজমা…
Read More