Dipshikha

2947 Posts
মুখ্যমন্ত্ৰী লৈ পত্ৰ লিখিলে জুবিনৰ পত্নীয়ে

মুখ্যমন্ত্ৰী লৈ পত্ৰ লিখিলে জুবিনৰ পত্নীয়ে

প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেইটামান পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ ।জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া অধিক জোৰদাৰ কৰাৰ লগতে ন্যায় প্রক্রিয়াটো আদালতত ক্ষীপ্ৰতৰ কৰিবলৈ আবেদন জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ ।
Read More
বাংলাদেশত পুনৰ হিন্দুক হত্যা

বাংলাদেশত পুনৰ হিন্দুক হত্যা

বিগত সময়চোৱাত বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ দেশখনত হিন্দু হত্যাৰ খবৰ আহি পৰিছে। যোৱা ২৪ ঘন্টাত এয়া দ্বিতীয়বাৰৰ বাবে এনে ঘটনা পোহৰলৈ আহিছে।তথ্য অনুসৰি, যোৱা ১৮দিনত দেশখনত ৬ জন হিন্দুক হত্যা কৰা হৈছে। সোমবাৰ (৫ জানুৱাৰী) নিশা নাৰ্চিংডিত গেলামালৰ মালিক ৪০ বছৰীয়া শৰৎ চক্ৰৱৰ্তী মণিক হত্যা কৰাৰ ঘটনা সংঘটিত হয়। ইয়াৰ কিছু সময় পূৰ্বে মণিৰামপুৰত হত্যাৰ বলি হৈছিল হিন্দু সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগী। এই কাণ্ডই এতিয়া দেশখনৰ আইন শৃংখলা আৰু সংখ্যালঘুৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
Read More
পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ। দেশখনৰ চোৰাংচোৱা সংস্থা ISI য়ে এইবাৰ ভাৰতীয় কিশোৰক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ আৰক্ষীয়ে এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে যিয়ে পাকিস্তানক বহু গোপন তথ্য প্ৰদান কৰি আহিছে।শেহতীয়াকৈ পঞ্জাৱৰ পঠানকোটৰ পৰা আৰক্ষীয়ে স্পৰ্শকাতৰ সামৰিক এলেকাত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এজন ১৫ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁক ইতিমধ্যে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ মতে, কিশোৰজনে দীৰ্ঘদিন ধৰি পাকিস্তানক ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি আহিছে। এই সমগ্ৰ দিশ সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
Read More
ৰাজ্যত অধিক হব শীতৰ প্ৰকোপ

ৰাজ্যত অধিক হব শীতৰ প্ৰকোপ

ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য । এয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা ।আগন্তুক ৫ টা দিনত ৰাজ্যত আৰু অধিক হ'ব শীতৰ প্ৰকোপ । উত্তৰ-পূবৰ লগতে সাগৰপৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলত বাঢ়িব এই শীত । শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিলে বিভাগে ।ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD), আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বাভাস অনুসৰি আগন্তুক কেইটামানদিনত উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অংশত শীত আৰু প্ৰধানকৈ শুকান বতৰ অব্যাহত থাকিব । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা কিছু হ্ৰাস পাব আৰু বহু অঞ্চলত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
Read More
ৰাজ্যত পুনৰ চলিল উচ্ছেদ

ৰাজ্যত পুনৰ চলিল উচ্ছেদ

বিগত কিছুমাহ পূৰ্বে ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ চলিছিল চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু টিলাপাৰাত। আদানীৰ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ নামত চলিছিল এই উচ্ছেদ অভিযান। ইতিমধ্যে APDCLক হস্তান্তৰ কৰিছে ৩ হাজাৰ ৫০০ বিঘা ভূমি। পিছে এইবাৰ পুনৰ উচ্ছেদিত এলেকাত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।প্ৰায় ১০০ বিঘা ভূমিত বসবাস কৰা ৯০ টাকৈ পৰিয়ালক প্ৰশাসনে চলালে উচ্ছেদ। জানিব পৰা মতে, প্ৰশাসনে পট্টাভুক্ত ভূমিৰ গৰাকীক ক্ষতিপুৰণ প্ৰদান কৰিছে যদিও ভূমিৰ বিপৰীত ভূমিত প্ৰদান কৰাত পলম হৈছে।
Read More
ভয়ংকৰ বিস্ফোৰণত কঁপিল মণিপুৰ

ভয়ংকৰ বিস্ফোৰণত কঁপিল মণিপুৰ

ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিল মণিপুৰ। ইয়াৰ লগে লগে শান্তিৰ আশা কৰি থকা মণিপুৰবাসীৰ মনত পুনৰ যেন সৰগ ভাগি পৰিল। তথ্য অনুসৰি, ৫ জানুৱাৰীৰ পুৱা ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত তিনিটাকৈ শক্তিশালী আই ই ডি (IED) বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰ-পাজৰৰ অঞ্চল পৰ্যন্ত কঁপি যায়। ইয়াৰ লগে লগে শোৱাপাটীত থকা মানুহসকলৰ মাজত চিঞৰ বাখৰ লাগে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
Read More
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।৫ জানুৱাৰী, সোমবাৰে পুৱতি নিশা ০৪:১৭ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।
Read More
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাঘ মেলাৰ আয়োজন কৰা হৈছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাঘ মেলাৰ আয়োজন কৰা হৈছে

প্ৰতিবছৰৰ দৰে এইবাৰো উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাঘ মেলাৰ আয়োজন কৰা হৈছে । এই মেলাৰ প্ৰথম দিনা পুহ মাহৰ পূৰ্ণিমাৰ শুভ ক্ষণত লাখ লাখ ভক্তৰ আগমন হৈছে । পুৱাৰে পৰা ৬ লাখৰো অধিক ভক্তই ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰে । দিনৰ ভাগতো আৰু অধিক ভক্তৰ আগমনৰ সম্ভাৱনা আছে । এই উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে । মাঘ মেলা কৰ্তৃপক্ষই অনুমান কৰিছে যে ২০ৰ পৰা ৩০ লাখ ভক্তই পুহ মাহৰ পূৰ্ণিমাৰ পৱিত্ৰ স্নানৰ বাবে আহিব । ইয়াৰ লগে লগে ভক্তৰ মাহজোৰা আগমনৰো আৰম্ভ হয় । শনিবাৰে পুৱা ৪ বজাৰ পৰাই পৱিত্ৰ স্নানৰ সময় আৰম্ভ হয় । প্ৰয়াগৰাজৰ সংমণ্ডল আয়ুক্ত সৌম্য…
Read More
কৰ্দৈৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কৰ্দৈৰ উপকাৰী গুণৰ বিষয়ে জানেনে

শাক-পাচলি তথা ফল-মূল আদি খালে ই শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিছুমান ফল আকৌ ঔষধৰ দৰে। শৰীৰত ঔষধৰ দৰে কাম কৰা এনে এবিধ বিশেষ ফল হৈছে অসমীয়াৰ বাৰীবোৰত সহজে উপলব্ধ কৰ্দৈ। বিশেষজ্ঞৰ মতে, এইবিধ ফল অতি পুষ্টিকৰ আৰু স্বাস্থ্যকৰ। ইয়াত থকা ভিটামিন, আঁহ আৰু খনিজ পদাৰ্থই শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰি সুস্থ হৈ থকাত সহায় কৰে।আয়ুৰ্বেদৰ মতে, কৰ্দৈয়ে প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপে কাম কৰে। যিয়ে শৰীৰক ভিতৰৰ পৰা শীতলতা আৰু সতেজতা প্ৰদান কৰে। বৰ্তমান বৰষুণ আৰু আৰ্দ্ৰতাৰ বতৰ চলি আছে, এনে পৰিস্থিতিত কৰ্দৈ খোৱাটোয়ে শৰীৰক পানী যোগান ধৰে আৰু লঘু কৰি ৰাখে। ই আৰ্দ্ৰতা, আৰ্দ্ৰতাৰ ফলত হোৱা ভাগৰ…
Read More
গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে।মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দিছপুৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS 01 DY 5061 নম্বৰৰ এভেঞ্জাৰ বাইক খনে তীব্ৰবেগেৰে আহি খুন্দা মাৰে।লগে লগে ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহী জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালতলৈ প্ৰেৰণ কৰে।
Read More