03
Jun
এতিয়াও সংকটজনক হৈ আছে ৰাজ্যৰ বানৰ পৰিস্থিতি। এই পৰ্যন্ত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১১ জন হোৱাৰ বিপৰীতে আন দুজন নিৰুদ্দেশ হৈ আছে। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। সামাজিক মাধ্যমযোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে।২ জুনত দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS Assam)-এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ ২২ খনতকৈও অধিক জিলাত ৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত বৰ্তমানলৈকে ৬ জন লোকৰ মৃত্যু হৈছে, ইয়াৰ বিপৰীতে ভূমিস্খলনৰ ফলত মৃত্যুক সাৱতিছে ৫ জন লোকে।ইয়াৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী…