Dipshikha

2933 Posts
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

৮ মাৰ্চৰ পৰা যান বাহনৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী জনতাৰ নামত উৎসৰ্গা কৰিছিল দলঙখন ৷ এই দলংখনৰ ফলত এতিয়াৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰাৰ সময় ৪৫-৬০ মিনিটৰ পৰা ৭-১০ মিনিটলৈ হ্ৰাস পাইছে ৷
Read More
প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

ইৰাণৰ শাসকীয় ধৰ্মগুৰুসকলে দেওবাৰে আমেৰিকা আৰু ইজৰাইলৰ ভাবুকিক আওকাণ কৰি প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে । ইৰাণৰ প্ৰেছ টিভিয়ে এক্সত পোষ্ট কৰি এই কথা প্ৰকাশ কৰিছে । পোষ্টটোত কোৱা হৈছে, “ইৰাণৰ বিশেষজ্ঞ বিধানসভাই আয়াতুল্লাহ ছায়েদ মোজতাবা খামেইনীক ইছলামিক ৰিপাব্লিকৰ নতুন নেতা হিচাপে নিযুক্তি দিছে ।"মুজতাবা আলী খামেইনী আয়াতুল্লাহ আলী খামেইনীৰ দ্বিতীয় পুত্ৰ । খবৰ অনুসৰি ইৰাণৰ বিশেষজ্ঞ বিধানসভাই ইৰাণীসকলক ঐক্য বজাই ৰাখিবলৈ আৰু মুজতাবা খামেইনীৰ সৈতে থিয় দিবলৈ আহ্বান জনাইছে ।
Read More
দাম বৃদ্ধি পালে এল পি জি ছিলিণ্ডাৰৰ মূল্য

দাম বৃদ্ধি পালে এল পি জি ছিলিণ্ডাৰৰ মূল্য

পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে । বিশেষকৈ শক্তি খণ্ডত প্ৰভাৱ স্পষ্ট হৈ পৰিছে । তাৰ মাজতে দেশত ৰন্ধন গেছৰ মূল্য বৃদ্ধি পালে । ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও ১১৪.৫ টকা বৃদ্ধি পাইছে । ভাৰতীয় তেল নিগমৰ ৱেবছাইটৰ তথ্য অনুসৰি ৭ মাৰ্চৰ পৰা এই মূল্যবৃদ্ধি কাৰ্যকৰী হৈছে ।১১ মাহৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে । যোৱা বছৰৰ এপ্ৰিল মাহত অন্তিমবাৰৰ বাবে ৫০ টকা বৃদ্ধি পাইছিল । মুম্বাইত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ নতুন মূল্য এতিয়া ৯১২.৫০ টকা । পূৰ্বে ৮৫২.৫০ টকা আছিল । কলকাতাত ৮৭৯…
Read More
অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা

অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা

অচিৰে আৰম্ভ হ’ব উত্তৰাখণ্ডৰ বিখ্যাত চাৰিধাম যাত্ৰা ৷ এই যাত্ৰা আৰম্ভ হোৱাৰ দিন নিচেই চমু চাপিছে ৷ শুকুৰবাৰৰ পৰা উত্তৰাখণ্ড পৰ্যটন ব’ৰ্ডে চাৰিধাম যাত্ৰাৰ বাবে অনলাইন পঞ্জীয়ন মুকলি কৰিছে । আনহাতে, ১৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব অফলাইন পঞ্জীয়ন । বিশ্ববিখ্যাত চাৰিধাম যাত্ৰা ২০২৬ ৰ বাবে অনলাইন পঞ্জীয়ন আৰম্ভ হোৱাৰ লগে লগে ভক্তসকল উৎসাহী হৈ পৰিছে । এই সেৱা মুকলিৰ প্ৰথমটো দিনতে যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ দৰ্শনৰ বাবে মুঠ ১,২৩,৭৮৮ গৰাকী তীৰ্থযাত্ৰীয়ে পঞ্জীয়ন কৰে ।
Read More
১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব

১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব

এতিয়াৰে পৰা ১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু লাখ লাখ একাউণ্ট ব্লক কৰা হৈছে।
Read More
বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ

বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ

মিত্ৰতা নহ’লগৈ ! বিৰোধীত অকলশৰীয়া হ’ল অখিল গগৈ ৷ ১০ মাৰ্চত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰে আলোচনাৰ সম্ভাৱনা অখিল গগৈৰ ৷এইবাৰৰ সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰো ষ্টাৰ কেম্পেনাৰ হোৱাৰ অত্যুৎসাহী স্বপ্ন ভংগ হ’ল অখিল গগৈৰ ৷ শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যমযোগে অখিল গগৈৰ ঘোষণা — 'শেষ চেষ্টাও ব্যৰ্থ' ৷ ৰাজ্যৰ বিৰোধী মিত্ৰজোঁটৰ পৰা অৱশেষত একাশৰীয়া হ’ল অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল ৷ কংগ্ৰেছৰ পিছুৱাই নি থকা মিত্ৰতাৰ নীতিৰ জালত পৰি ধৰাশায়ী হ’ল অখিল গগৈ ৷
Read More
পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৰে পদত্যাগ

পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৰে পদত্যাগ

সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৰে পদত্যাগ ।বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে পদত্যাগৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, ২০২২ চনৰ ১৭ নৱেম্বৰৰ পৰা চি ভি আনন্দ বসুৱে পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰি আহিছিল ।
Read More
এক উপকাৰী খাদ্য

এক উপকাৰী খাদ্য

কাঠফুলা (Mushroom) এবিধ অত্যন্ত পুষ্টিকৰ আৰু উপকাৰী ভেঁকুৰজাতীয় খাদ্য, যি ভিটামিন (B-complex), খনিজ পদাৰ্থ (পটাছিয়াম, চেলেনিয়াম, জিংক), আৰু ফাইবাৰৰ সমৃদ্ধ উৎস। ই কেন্সাৰৰ আশংকা কমায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, তেজৰ চেনি নিয়ন্ত্ৰণ কৰে, আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে। ইয়াৰ উচ্চ আঁহযুক্ত গুণে ওজন কমোৱাতো সহায় কৰে। কাঠফুলাৰ প্ৰধান উপকাৰিতা:---- পুষ্টিৰ ভাণ্ডাৰ: কাঠফুলাত প্ৰচুৰ পৰিমাণে আইৰন, কপাৰ, পটাছিয়াম, আৰু ভিটামিন বি কমপ্লেক্স থাকে, যিবোৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।কেন্সাৰ প্ৰতিৰোধ: কিছুমান গৱেষণাত পোৱা গৈছে যে কাঠফুলাই শৰীৰত কেন্সাৰ কোষৰ বৃদ্ধি হ্ৰাস কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ইয়াৰ সেৱনে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।মগজুৰ স্বাস্থ্য: কাঠফুলাত থকা উপাদানে মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু…
Read More
পুনৰ বিমান দুৰ্ঘটনা

পুনৰ বিমান দুৰ্ঘটনা

কাৰ্বি আংলং জিলাত সংঘটিত হোৱা ছুখয় - ৩০ এম কে আই (Sukhoi Su-30MKI) যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুেনাৰ দুজন পাইলটৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে । বায়ু সেনাই প্ৰকাশ কৰা তথ্য় অনুসৰি, স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পুৰভেশ দূৰ্গকাৰ এই দুৰ্ঘটনাটোত মৃত্যু হৈছে ৷বৃহস্পতিবাৰে সন্ধিয়া যোৰহাটৰ পৰা উৰা মৰা যুদ্ধ বিমানখনত দুজন পাইলট আছিল ৷ পাইলট স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পুৰভেশ দূৰ্গকাৰৰ মৃত্যু ৷
Read More
হিমন্ত বিশ্ব শৰ্মাই নিজৰ লাখ টকীয়া ঘড়ী উপহাৰ দিলে ভাগিনক

হিমন্ত বিশ্ব শৰ্মাই নিজৰ লাখ টকীয়া ঘড়ী উপহাৰ দিলে ভাগিনক

বিজেপিৰ 'জন আশীৰ্বাদ যাত্ৰা'ৰ সোমাবাৰে আছিল তৃতীয় দিন । গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোক নেতৃত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে এই যাত্ৰা কৰাৰ সময়তেই আগুৰি ধৰিলে ভাগিনসকলে । মামাক লগ পাবলৈ পুৱাৰে পৰাই অপেক্ষা কৰি আছিল ভাগিনসকলে ।দীৰ্ঘসময় মামাৰ বাবে অপেক্ষা কৰি থকা ভাগিনসকলে চিঞৰি উঠিল ' মামা, মামা' বুলি । মামায়ো ভাগিনৰ মৰম উপেক্ষা কৰিব নোৱাৰি বাহনৰ পৰাই হাত জোকাৰিলে । ভাগিনসকলে বাহনখনৰ ওচৰৰ পৰা মুখ্যমন্ত্ৰীৰ সৈতে হাত মিলালে । তাৰ মাজতেই এজন ভাগিনে ক'লে, "মামা, আপোনাৰ ঘড়ীটো ভাল লাগিছে ।"মামায়ো মৰমৰ ভাগিনক হাতৰ ঘড়ীটো সোলোকাই দিলে উপহাৰ ।…
Read More