19
Aug
অসম চৰকাৰে ডিমা হাচাও জিলাত ৩,০০০ বিঘা মাটি আবণ্টন দিয়া বুলি দাবী কৰি প্ৰচাৰিত বাতৰিৰ বিৰুদ্ধে সোমবাৰে আদানী গ্ৰুপে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।আহমেদাবাদৰ পৰা সংবাদ মাধ্যমৰ বিবৃতিত আদানী গ্ৰুপে স্পষ্ট কৰি দিয়ে যে মহাবল চিমেণ্টৰ সৈতে আদানী গ্ৰুপৰ কোনো মালিকীস্বত্ব, সংযোগ বা সম্পৰ্ক নাই। সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক তথ্য ভাগ-বতৰা কৰাৰ পূৰ্বে তথ্য পৰীক্ষা কৰিবলৈ আহ্বান জনাই মুখপাত্ৰগৰাকীয়ে কয় যে, ‘এই প্ৰতিবেদন আৰু উল্লেখিত তথ্যসমূহ ভিত্তিহীন, মিছা আৰু বিভ্ৰান্তিকৰ। আদানি নামটো মহাবল চিমেণ্টৰ সৈতে সংযোগ কৰাটো বিভ্ৰান্তিকৰ।বিবৃতিটো পঢ়ক :"এইটো আমাৰ দৃষ্টিগোচৰ হৈছে যে আদালতৰ শুনানিৰ আঁত ধৰি কিছুমান বাতৰি, সামাজিক মাধ্যম পোষ্ট আৰু ক্লিপ প্ৰচাৰ বা ভাইৰেল হৈছে, য'ত…
