03
Dec
স্কোডা অটো ইণ্ডিয়াই ভাৰতত নিজৰ ব্যৱসায়িক অগ্ৰগতি অব্যাহত ৰাখিছে, ভাৰতত প্ৰৱেশৰ পিছৰে পৰা বৰ্তমানলৈকে ৫ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰূপালী জয়ন্তী বৰ্ষত ব্ৰেণ্ডটোৱে ইতিমধ্যে কেইবাটাও মাহেকীয়া, ত্ৰৈমাসিক আৰু বাৰ্ষিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ২০২৫ চনৰ অন্তিম সময়ছোৱাত ব্ৰেণ্ডটোৱে দেশত ৫,৪৯১খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যোৱা বছৰৰ একে মাহৰ তুলনাত ৯০% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড সঞ্চালক আশিস গুপ্তাই এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, "আমাৰ সম্প্ৰসাৰিত নেটৱৰ্ক, আমাৰ মূল্য-চালিত মালিকানাৰ অফাৰ আৰু বিস্তৃত সামগ্ৰী পৰ্টফলিঅ' হৈছে মুখ্য চালিকা শক্তি, যিয়ে আমাৰ ৫ লাখ যুগান্তকাৰী বিক্ৰী আৰু প্ৰতি মাহে আমাৰ নিৰন্তৰ বছৰি…
