08
Dec
আগন্তুক বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ লক্ষ্য দৃঢ় কৰি নিজৰ কেৰিয়াৰৰ অন্যতম ব্যস্ত প্ৰতিযোগিতামূলক চক্ৰৰ বাবে প্ৰস্তুতি চলাইছে পেৰা বেডমিণ্টন তাৰকা মানসী যোশীয়ে। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ এচিষ্টিভ টেক কনফাৰেন্সত ভাষণ দি মানসী যোশীয়ে কয় যে ২০১৯ চনত লাভ কৰা খিতাপটো পুনৰ লাভ কৰাটো শীৰ্ষ অগ্ৰাধিকাৰ হৈয়েই আছে, আহি থকা ২০২৬ চনৰ ছিজনলৈ পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছে। বিশ্ব চেম্পিয়নশ্বিপলৈ আনুষ্ঠানিকভাৱে বাছনি পত্ৰ লাভ কৰা যোশীয়ে নিশ্চিত কৰিছে যে তেওঁ একক, দ্বৈত আৰু মিক্সড ডাবলছ তিনিওটা শাখাতে যোগ্যতা অৰ্জন কৰিছে; এই কৃতিত্বক গৌৰৱৰ বিষয় বুলি অভিহিত কৰে মানসী যোশীয়ে। মানসীৰ শেহতীয়া প্ৰদৰ্শনৰ ভিতৰত অন্যতম হৈছে জাপান, অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়াৰ প্ৰতিযোগিতাসমূহৰ পদক। তেওঁ স্বীকাৰ কৰে…
