10
May
ভাৰতৰ সৰ্ববৃহৎ শিক্ষণ প্লেটফৰ্ম আনএকাডেমীয়ে আজি ঘোষণা কৰিছে যে ইউপিএছচিৰ অন্যতম আগশাৰীৰ শিক্ষাবিদ অৱধ ওজাই প্ৰতিষ্ঠানটোত ভাইচ প্ৰেচিডেণ্ট হিচাপে যোগদান কৰিছে। অৱধ ওজাই নতুন দিল্লীৰ ইউপিএছচিৰ আনএকাডেমী কেন্দ্ৰত বিশেষভাৱে শিক্ষা প্ৰদান কৰিব। তেওঁৰ পাঠদান অনলাইন আনএকাডেমী প্লেটফৰ্মতো লাইভ-ষ্ট্ৰীম কৰা হ'ব। তেওঁ আনএকাডেমী কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীক ইতিহাসৰ বিষয়ে শিকাব আৰু অনলাইন আনএকাডেমী প্লেটফৰ্মত ইউপিএছচি শিক্ষাৰ্থীসকলক পৰামৰ্শ প্ৰদান কৰিব। একেৰাহে প্ৰায় দুটা দশক জুৰি শৈক্ষিক অভিজ্ঞতাৰ সৈতে জড়িত অৱধ ওজাই শিক্ষাৰ্থীসকলক তেওঁৰ বিশেষভাবে প্ৰতিষ্ঠিত শিক্ষা পদ্ধতি শিক্ষাৰ্থীক প্ৰদান কৰিব। "আনএকাডেমীত আমাৰ সদায়ে সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে আমাৰ শিক্ষাৰ্থীক আটাইতকৈ ব্যতিক্ৰমী শিক্ষাবিদসকলৰ শিক্ষাৰে শিক্ষা প্ৰদান কৰা। আমি নিজ নিজ ক্ষেত্ৰত প্ৰভাৱশালী পদক্ষেপ লোৱা শিক্ষাবিদসকলৰ সৈতে…
