18
Jul
দেশৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটা মটৰ্ছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ সৈতে অংশীদাৰিত্ব কৰি জেএনভিৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিমূলক পাঠ্যক্ৰম আগবঢ়াইছে। ২০২২ চনত আৰম্ভ হোৱা এই পাঠ্যক্ৰম কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ২৫খন জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰদান কৰা হয়। এই বিশেষ পদক্ষেপৰ অধীনত টাটা মটৰ্ছে জেএনভিত বৃত্তিমূলক দক্ষতাৰ বাবে অটোমোটিভ পাঠ্যক্ৰম (৪০৪ আৰু ৮০৪) আগবঢ়াইছে, যিবোৰ চিবিএছইৰ নিৰ্দেশনা আৰু টাটা মটৰ্ছৰ দলৰ ইনপুট অনুসৰি প্ৰস্তুত কৰা হৈছে। এই পাঠ্যক্ৰমসমূহে বিদ্যালয় চৌহদৰ ভিতৰত হাতে-কামে স্বয়ংচালিত দক্ষতা তথা উদ্যোগৰ পৰিচয় বা বিভিন্ন আনুষংগিক দিশৰ কৌশল প্ৰদান কৰে। টাটা মটৰ্ছে ২৫খন জেএনভি বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় ‘অটোমোটিভ স্কিল…
