আগন্তুক বিধানসভা নিৰ্বাচনত গেৰুৱা দলক পৰাস্ত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত তেওঁৰ দিল্লীস্থ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত বিৰোধী দলনেতা ৰাহুল গান্ধীকে ধৰি দলৰ সাংগঠনিক দায়িত্বত থকা সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু অসমৰ তত্ত্ববধায়ক জীতেন্দ্ৰ সিঙেও অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট আৰু দলীয় শক্তি বৃদ্ধিৰ ওপৰত আলোকপাত কৰাই আছিল এই উচ্চস্তৰীয় আলোচনাৰ মূল উদ্দেশ্য সদ্য নিয়োজিত নিৰ্বাচনী পৰ্যবেক্ষক ডি কে শিৱকুমাৰ, ভূপেশ বাঘেল আৰু বন্ধু তীৰ্কিয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰা নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। বৈঠকত প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ, বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ ৰকিবুল হুছেইনো উপস্থিত থাকে। পাছত সাংবাদিকৰ আগত ভূপেশ বাঘেলে সদৰী কৰে যে অহা ২১ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অসমৰ প্ৰতিটো প্ৰান্ততে আঞ্চলিক পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ সৈতে ৰণনীতি প্ৰস্তুত কৰাৰ বাবে কেইবাখনো বৈঠক অনুষ্ঠিত কৰা হ’ব। পৰ্যবেক্ষকসকলৰ মতে, ২০২৬ চনত অসমৰ পৰা বিজেপিৰ উৎখাত নিশ্চিত আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা আলোচনাৰ পাছতেই এই ৰণনীতিয়ে এক স্পষ্ট ৰূপ ল’ব। ইফালে, গৌৰৱ গগৈয়েও দাবী কৰে যে অসমৰ ৰাইজে ‘দুৰ্নীতিগ্ৰস্ত’ বিজেপি চৰকাৰক বিদায় দিবলৈ সংকল্পবদ্ধ হৈছে। অৱশ্যে, আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমৰ শেহতীয়া বিতৰ্ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতৃত্বই ৰহস্যজনক নীৰৱতা অৱলম্বন কৰাহে পৰিলক্ষিত হয়।
অসম নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতঃ দিল্লীত খাৰ্গে-ৰাহুলৰ উপস্থিতিত কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠক
