যিকোনো মূহুৰ্তত খানা নৈত জাহ যাব পাৰে খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ পূব দিশৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথটো বিগত কেইটামান দিন ধৰি হৈ নেৰানেপেৰা বৰষুণৰ বাবে কেবা ঠাইতো ফাট মেলিছে। আনকি ১৯ এপ্ৰিলৰ দিনা গোটেই নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত দীপ নগৰত পথচোৱাৰ দাঁতিত থকা কমল দাস নামৰ লোকজনৰ এটা শৌচাগাৰ খানা নৈৰ গৰা খহনীয়াৰ কবলত পৰি খহি পৰাৰ লগতে সমাজকৰ্মী মুকুণ্ড মহন্তৰ ঘৰৰ সন্মুখৰ পৰা খানামুখ ৰাজহুৱা  ৰাজহুৱা শ্মশানৰ সমীপলৈ প্ৰায় ৩০০ মিটাৰ পথৰ অংশৰ আধামান খানা নৈত বহি গৈ খহি যোৱাৰ ফলত পথচোৱা সংকুচিত হৈ পৰিছে।

এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন লোকসকলে ব্যক্ত কৰা অনুসৰি তৎকালে যদি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে পথচোৱাৰ অৱশিষ্ট অংশখিনীও খানা নৈত জাহ যোৱাটো নিশ্চিত। উল্লেখ্য যে ২০২৩-২৪ চনত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ উদ্যোগত খানামুখৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ সমীপৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথৰ খানামুখ ৰাজহুৱা শ্মশানলৈ লোক নিৰ্মাণ পথ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ ফালৰ পৰা পুৰ্বৰ মাটিৰ পথটো পেভাৰ ব্লকৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল।

বিভাগে এটা বছৰ পূৰ্বে পথটো নিৰ্মাণ কৰি উলিওৱাত ৰাইজৰ এটা বহুদিনীয়া অভাৱ পূৰণ হৈছিল। কিন্তু নতুন পথটো তেনেকৈ বহি যোৱাৰ লগতে খানা নৈৰ খহনীয়াৰ কবলত পৰাত ৰাইজ স্বাভাৱিকতে শংকিত হৈ পৰিছে। যাৰ বাবে ৰাইজে বিভাগক পথচোৱাৰ মেৰামতি কাৰ্য আৰম্ভ কৰিবলৈ দাবী জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *