যিমানেই চমু চাপিছে বিধানসভা নিৰ্বাচনৰ দিন, সিমানেই তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ সংঘাত। অসম বিজেপিৰ অফিচিয়েল এক্স হেণ্ডেলত শেহতীয়াকৈ আপলোড হোৱা এটা বিতৰ্কিত এনিমেটেড ভিডিঅ’ৰ বিৰুদ্ধে আজি দিছপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। কংগ্ৰেছ বিধায়ি্কা শিৱামণি বৰা আৰু দিগন্ত বৰ্মনে দাখিল কৰা এই অভিযোগত উল্লেখ কৰা হৈছে যে এআই প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত উক্ত ভিডিঅ’টোৱে ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পাৰে।
উল্লেখ্য যে, যোৱা ৭ ফেব্ৰুৱাৰীত পোষ্ট কৰা ভিডিঅ’টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা পিষ্টল হাতত লৈ সাংকেতিকভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি থকা দেখুওৱা হৈছিল। ভিডিঅ’টোত ‘নো মাৰ্চি’, ‘পাকিস্তানলৈ কিয় নগ’লা?’ আৰু ‘বাংলাদেশীৰ বাবে কোনো ক্ষমা নাই’ আদিৰ দৰে উচতনিমূলক বাক্য ব্যৱহাৰ কৰা হৈছে বুলি এজাহাৰত উল্লেখ কৰা হৈছে।
বিজেপিয়ে প্ৰকাশ কৰা এই বিতৰ্কিত ভিডিঅ’ক লৈ ইতিমধ্যে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ১২ গৰাকী প্ৰাক্তন আমোলা আৰু শিক্ষাবিদ। তেওঁলোকে মুখ্যমন্ত্ৰীৰ শেহতীয়া ‘মিঞা মুছলমান’ সম্পৰ্কীয় মন্তব্য আৰু নিৰ্বাচনী তালিকাৰ পৰা ভোটাৰ কৰ্তনৰ ভাবুকিক অসাংবিধানিক আখ্যা দি শীৰ্ষ আদালতত আৱেদন জনাইছে।
ইফালে, দিছপুৰত এজাহাৰ দাখিল কৰি বিধায়ক দিগন্ত বৰ্মনে কয় যে গণতন্ত্ৰত এনে হিংসাত্মক আৰু বিভাজনমূলক ভিডিঅ’ কেতিয়াও গ্ৰহণযোগ্য নহয়। জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ পাছত ভিডিঅ’টো ডিলেট কৰা হৈছে যদিও ইয়াৰ অন্তৰালত থকা ষড়যন্ত্ৰৰ তদন্ত হোৱাটো কংগ্ৰেছে বিচাৰিছে।
আনহাতে, উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত উচ্চ সাংবিধানিক পদত থকা ব্যক্তিসকলৰ ৰাজহুৱা ভাষণ নিয়ন্ত্ৰণৰ বাবে স্পষ্ট নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্বাচনৰ ঠিক পূৰ্বে এতিয়া এই এআই ভিডিঅ’ আৰু উচ্চতম ন্যায়ালয়ৰ গোচৰে ৰাজ্যৰ ৰাজনীতিত এক নতুন ধুমুহাৰ সৃষ্টি কৰিছে।
