ডিমা হাচাওত নিৰ্মীয়মাণ দলং খহি পৰিল; ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণ ব্যাহত

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মাণ অৱস্থাত থকা এখন দলং হঠাতে খহি পৰাৰ ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰে ডিমা হাচাও জিলাত। দেওবাৰে বিয়লি হাৰাংগাজাও থানাৰ অন্তৰ্গত দলাই চুঙা অঞ্চলত সংঘটিত এই দুৰ্ঘটনাই উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ সুৰক্ষা আৰু নিৰ্মাণ কাৰ্যৰ গুণগত মানক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। এই ঘটনাত এজন শ্ৰমিক সামান্য পৰিমাণে আহত হোৱা বুলি জানিব পৰা গৈছে।

নিৰ্ম্বংলো-হাৰাংগাজাও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকাৰ সময়তে দলংখনৰ এটা অংশ হঠাতে ভাঙি পৰে। ডি আৰ এ নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ তত্ত্বাৱধানত দলংখনৰ কাম চলি আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে কংক্ৰিটৰ বৃহৎ গাঁথনিটো খহি পৰে, যাৰ ফলত এজন শ্ৰমিক আহত হয়। আহত শ্ৰমিকজনক লগে লগে স্থানীয়ভাৱে চিকিৎসা প্ৰদান কৰা হৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসন আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দুৰ্গম ভূখণ্ডৰ বাবে পূৰ্বৰে পৰা যাতায়তৰ সমস্যাত ভোগা ডিমা হাচাওবাসীৰ বাবে এই পথছোৱা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল যদিও নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবেই এই অঘটন ঘটা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। প্ৰশাসনে ইতিমধ্যে ঘটনাৰ এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *