ভোটগ্ৰহণৰ দিনা ভোটকেন্দ্ৰৰ ভিতৰত প্ৰভাৱিত কৰাৰ অভিযোগ উত্থাপন হৈছে এজেপি প্ৰাৰ্থী কুংকী চৌধুৰীৰ বিৰুদ্ধে, যাৰ বাবে পানবজাৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। অভিযোগত উল্লেখ কৰা হৈছে যে ভোটগ্ৰহণৰ ৪৮ ঘণ্টা আগে বহিৰাগত কৰ্মীয়ে সমষ্টি ত্যাগ কৰাটো প্ৰয়োজন যদিও সন্দীপ যাদৱ নামৰ এজন ৰাজনৈতিক কৰ্মী সেই নিয়ম উলংঘা কৰি অঞ্চলত ৰৈছিল। কুংকী চৌধুৰীয়ে ভোটকেন্দ্ৰত সোমাই ভোটাৰক প্ৰভাৱিত কৰাৰ প্ৰচেষ্টাও কৰিছে বুলি অভিযোগ আনা হৈছে। তেওঁ ভোটকেন্দ্ৰৰ নিষিদ্ধ এলেকাত নিজৰ বাহনসমূহ পাৰ্ক কৰি ৱা, আৰু তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী বিনা অনুমতিত কেন্দ্ৰত প্রবেশ কৰিছে বুলি উল্লেখ কৰা হৈছে। অধিকন্তু, মৌনতাৰ সময়ছোৱাতো তেওঁ ভোটাৰসকলৰ সৈতে মত বিনিময় কৰিছে। এই অভিযোগৰ সমৰ্থনত আৰক্ষীৰ ওচৰত ভিডিঅ’ আৰু ডিজিটেল প্ৰমাণ দাখিল কৰা হৈছে। বৰ্তমান, পানবজাৰ আৰক্ষীয়ী ঘটনাটিৰ তদন্ত কৰি আছে আৰু এই অভিযোগসমূহ মহানগৰীত তীব্ৰ চর্চাৰ বিষয় হৈ পৰিছে। যদিও কুংকী চৌধুৰীৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া মেলোৱা হোৱা নাই।
নিৰ্বাচনী বিধি ভংগৰ অভিযোগত এজেপি প্ৰাৰ্থী কুংকী চৌধুৰীৰ বিৰুদ্ধে গোচৰ; পানবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল
