১২১ কিলোগ্ৰাম সোণ আৰু ২৩৮ কেৰেট হীৰা খচিত অলংকাৰ আগবঢ়ালে চেন্নাইৰ উদ্যোগপতিয়ে। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ উপস্থিতিত সম্পন্ন হ’ল এই বৃহৎ দান।
তিৰুপতিৰ ভগৱান ভেংকটেশ্বৰ মন্দিৰলৈ বিপুল পৰিমাণৰ সোণ আৰু হীৰাৰ অলংকাৰ দান আগবঢ়াই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চেন্নাইৰ বিশিষ্ট উদ্যোগপতি বৰ্ধমান জৈন। উদ্যোগপতিগৰাকীয়ে মন্দিৰলৈ আগবঢ়োৱা এই উপহাৰৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২০৬ কোটি টকা।
জানিব পৰা মতে, বৰ্ধমান জৈনে পত্নী ৰাধিকা জৈনৰ সৈতে তিৰুমালা মন্দিৰত উপস্থিত হৈ এই মূল্যৱান অলংকাৰসমূহ দান কৰে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ উপস্থিতিত সম্পন্ন হয় এই দান কাৰ্যসূচী। ১২১ কিলোগ্ৰাম সোণ আৰু ২৩৮ কেৰেট হীৰা খচিত অলংকাৰৰ এই দানক তিৰুমালা তিৰুপতি দেৱস্থানমৰ অন্যতম বৃহৎ দান হিচাপে বিবেচনা কৰা হৈছে।
কোন এই বৰ্ধমান জৈন?
চেন্নাইৰ বাসিন্দা বৰ্ধমান জৈন স্বাস্থ্য সেৱা প্ৰযুক্তি আৰু আউটছ’ৰ্চিং খণ্ডৰ এগৰাকী পৰিচিত ব্যৱসায়ী। তেওঁ ‘এক্সেছ হেল্থকেয়াৰ’ (Access Healthcare) প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক তথা উপাধ্যক্ষ। ইয়াৰ উপৰি এছিয়া (চেন্নাই) ইঞ্জিনিয়াৰিঙৰ সঞ্চালক হিচাপেও তেওঁ দায়িত্ব পালন কৰি আছে।
তেওঁৰ প্ৰতিষ্ঠানটোৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰতিষ্ঠানক প্ৰযুক্তিগত তথা ব্যৱসায়িক সেৱা আগবঢ়াই আহিছে।
শিক্ষাৰ পৰা ব্যৱসায়লৈ যাত্ৰা
বৰ্ধমান জৈনে চেন্নাইৰ লয়লা কলেজৰ পৰা পৰিসংখ্যা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত আমেৰিকাৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ অষ্টিন কেম্পাছৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।
১৯৯৭ চনত অনুৰাগ জৈনৰ সৈতে মিলি ‘ভিজন হেল্থছ’ৰ্চ’ নামৰ এটা সৰু মেডিকেল বিলিং প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁ ব্যৱসায়িক জীৱনৰ পাতনি মেলে। ২০০৩ চনত পেৰট চিষ্টেমছে প্ৰতিষ্ঠানটো অধিগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত ২০০৯ চনত ডেলে পেৰট চিষ্টেমছ ক্ৰয় কৰে।
সেই সময়ছোৱাত বৰ্ধমান জৈনে ডেল ছাৰ্ভিচেছৰ গ্ল’বেল বিজনেছ প্ৰচেছ আউটছ’ৰ্চিং বিভাগৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় ৯,০০০ কৰ্মচাৰীৰ এটা বৃহৎ দলৰ নেতৃত্ব বহন কৰিছিল তেওঁ।
পৰৱৰ্তী সময়ত ডেলৰ চাকৰি এৰি স্বাস্থ্য সেৱা খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰ অধিক উন্নত কৰাৰ লক্ষ্যৰে তেওঁ প্ৰতিষ্ঠা কৰে ‘এক্সেছ হেল্থকেয়াৰ’। কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মেচিন লাৰ্নিঙৰ সহায়ত স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক সহজ আৰু কাৰ্যক্ষম কৰি তোলাই আছিল তেওঁৰ অন্যতম লক্ষ্য।
বিশ্বৰ স্বাস্থ্য সেৱা খণ্ডত প্ৰতিষ্ঠা
২০২৫ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ ব্যক্তিগত ইকুইটি প্ৰতিষ্ঠান নিউ মাউণ্টেইন কেপিটেলে এক্সেছ হেল্থকেয়াৰৰ বৃহৎ অংশীদাৰিত্ব ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল। সেই সময়ত প্ৰতিষ্ঠানটোৰ আনুমানিক মূল্যাংকন ১.৫ৰ পৰা ২ বিলিয়ন আমেৰিকান ডলাৰ বুলি প্ৰকাশ পাইছিল।
ব্যৱসায়িক সফলতাৰ সমান্তৰালভাৱে বৰ্ধমান জৈন শিক্ষা, ক্ষুধা নিবাৰণ আৰু শিশুৰ চিকিৎসাৰ দৰে বিভিন্ন সমাজসেৱামূলক কামৰ সৈতেও জড়িত।
তিৰুপতি মন্দিৰৰ সৈতে পুৰণি সম্পৰ্ক
তিৰুপতিৰ ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ সৈতে বৰ্ধমান জৈনৰ সম্পৰ্ক পূৰ্বৰে পৰা আছে। ইয়াৰ আগতেও তেওঁ মন্দিৰটোলৈ বৃহৎ পৰিমাণৰ আৰ্থিক অনুদান আগবঢ়াই আহিছে।
এইবাৰ ১২১ কিলোগ্ৰাম সোণ আৰু ২৩৮ কেৰেট হীৰা খচিত প্ৰায় ২০৬ কোটি টকাৰ অলংকাৰ দান আগবঢ়াই পুনৰ সংবাদ শিৰোনামলৈ আহিছে উদ্যোগপতিগৰাকী।
উল্লেখযোগ্য যে, এই বৃহৎ দানে পুনৰ এবাৰ তিৰুপতি মন্দিৰলৈ ভক্ত আৰু দাতাসকলৰ আস্থাৰ বিষয়টোক চৰ্চালৈ আনিছে।
