আধুনিক ঘৰসমূহক প্ৰযুক্তিয়ে ক্ৰমান্বয়ে নতুন ৰূপ দিয়াৰ সময়তে ৯০% নগৰীয়া ভাৰতীয়সকলে প্ৰযুক্তি-ভিত্তিক সুৰক্ষাক বিলাসিতাৰ পৰিৱৰ্তে এক প্ৰয়োজনীয়তা বুলি বিশ্বাস কৰে। হংস ৰিচাৰ্চে চলোৱা ‘চিকিউৰ বাই ডিজাইন ষ্টাডী ২০২৬’ত এই তথ্য প্ৰকাশ পাইছে। এই ফলাফলে সুৰক্ষিত ঘৰৰ প্ৰতি গ্ৰাহকৰ বৰ্ধিত চাহিদাক স্পষ্ট কৰাৰ লগতে ঘৰ নিৰ্মাণৰ পৰিকল্পনা আৰু নিৰ্মাণৰ পৰ্যায়তেই সুৰক্ষা ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাক উনুকিয়াই দিছে।
গড্ৰেজ এণ্টাৰপ্ৰাইজেছ গ্ৰুপৰ ছিকিউৰিটি ছল্যুচনছ ব্যৱসায়ে ‘হোম ছেফটি মান্থ’ৰ অংশ হিচাপে প্ৰকাশ কৰা এই অধ্যয়নত দেখা গৈছে যে ১৩% উত্তৰদাতাই নিজৰ ঘৰত অসুৰক্ষিত অনুভৱ কৰে, আনহাতে আন ৭% লোকে নিজৰ সুৰক্ষাৰ বিষয়ে নিশ্চিত নহয়। অধ্যয়নটোত লগতে প্ৰকাশ পাইছে যে পৰিয়ালৰ লোক ঘৰৰ বাহিৰত থকা সময়ত ৬৫% লোকে চুৰি বা ডকাইতিৰ আশংকা কৰে, আনহাতে ৬০% লোকে শিশুসকল ঘৰত অকলে থকাটোক লৈ চিন্তিত হৈ থাকে। ইফালে, ৫২% লোকে প্ৰযুক্তি-ভিত্তিক সুৰক্ষা সেৱা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অধিক আগ্ৰহ প্ৰকাশ কৰিছে।
গড্ৰেজে চিকিউৰ বাই ডিজাইন শীৰ্ষক পদক্ষেপ মুকলি কৰি বিল্ডাৰ, ডেভেলপাৰ, স্থপতিবিদ আৰু ডিজাইনাৰসকলক আৱাসিক গৃহসমূহ দখল দিয়াৰ পিছৰ প্ৰয়োজনীয়তা হিচাপে এৰি নিদি বৰঞ্চ পৰিকল্পনা, নিৰ্দিষ্টকৰণ আৰু হস্তান্তৰৰ সময়তেই সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে। গডৰেজ এণ্টাৰপ্ৰাইজেছ গ্ৰুপৰ ছিকিউৰিটি ছল্যুচনছৰ ব্যৱসায়িক মুৰব্বী পুষ্কৰ গোখলেই কয় যে, সুৰক্ষাক ব্যয় হিচাপে গণ্য নকৰি এক সহায়ক শক্তি হিচাপে চোৱা উচিত।
গুৱাহাটী মহানগৰীত এই অধ্যয়নৰ ফলাফলে চহৰখনৰ বৰ্ধিত আৱাসিক ৰিয়েল ইষ্টেট বজাৰখনত প্ৰভাৱ পেলাব পাৰে, য’ত সম্প্ৰসাৰিত এপাৰ্টমেণ্ট কমপ্লেক্স আৰু পৰিৱৰ্তিত নগৰীয়া জীৱনশৈলীয়ে সংহত সুৰক্ষা ব্যৱস্থাৰ চাহিদা বৃদ্ধি কৰিছে। বিশেষকৈ সুৰক্ষা আৰু সুবিধাক অগ্ৰাধিকাৰ দিয়া পৰিয়ালসমূহক আকৰ্ষণ কৰিব বিচৰা ডেভেলপাৰসকলৰ বাবে প্ৰযুক্তি-নিৰ্ভৰ সুৰক্ষা সমাধানসমূহ আগতীয়াকৈ অন্তৰ্ভুক্ত কৰাটো এক গুৰুত্বপূৰ্ণ বিবেচ্য বিষয় হৈ পৰিব পাৰে।
এই পদক্ষেপটো ১৫ নৱেম্বৰত পালন কৰা গড্ৰেজৰ বাৰ্ষিক হোম ছেফটি ডে’ৰ আধাৰত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে সুৰক্ষাক আধুনিক গৃহ নিৰ্মাণ শৈলীৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলা।
৯০% নগৰীয়া ভাৰতীয়ৰ বাবে প্ৰযুক্তি-নিৰ্ভৰ ঘৰুৱা সুৰক্ষা এতিয়া প্ৰয়োজনীয়তা হৈ পৰিছে: গড্ৰেজৰ অধ্যয়নত প্ৰকাশ
