যোৰহাট আৰু শিলচৰত অত্যাধুনিক ডাটা চেন্টাৰ স্থাপনৰ বাবে অসম চৰকাৰ-এয়াৰটেলৰ বুজাবুজি চুক্তি

অসমক ডিজিটেলভাৱে সবল আৰু প্ৰযুক্তি-চালিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে, অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগ আৰু ভাৰতী এয়াৰটেল লিমিটেডে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাট আৰু শিলচৰত দুটা অত্যাধুনিক ডাটা চেন্টাৰ স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰে।

এই বুজাবুজিৰ চুক্তিখনত তথ্য প্ৰযুক্তি বিভাগৰ আয়ুক্ত আৰু সচিব নন্দিতা দত্ত আৰু ভাৰতী এয়াৰটেল লিমিটেডৰ অসম আৰু উত্তৰ-পূবৰ চাৰ্কল হেড (বাণিজ্যিক) প্ৰিয়ংকা জৈনে স্বাক্ষৰ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসম চৰকাৰ আৰু ভাৰতী এয়াৰটেল লিমিটেডৰ মাজৰ এই দীৰ্ঘম্যাদী অংশীদাৰিত্বই অসমৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত ৰূপান্তৰৰ এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব। তেওঁ অসমৰ ডিজিটেল আন্তঃগাঁথনি উন্নয়নৰ ওপৰত আস্থা ৰখাৰ বাবে ভাৰতী এয়াৰটেলৰ নেতৃত্বক, বিশেষকৈ ভাৰতী এণ্টাৰপ্ৰাইজৰ উপাধ্যক্ষ ৰাজন ভাৰতী মিত্তলক কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে বৰ্তমান যুগত এখন ৰাজ্যৰ প্ৰগতি কেৱল পথ, দলং, ৰেলৱে আৰু বিদ্যুৎ যোগানৰ দৰে ভৌতিক আন্তঃগাঁথনিৰ দ্বাৰা নিৰ্ধাৰিত নহয়। কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং, বিগ ডাটা আৰু ডিজিটেল সেৱাৰ দ্ৰুত অগ্ৰগতিৰ লগে লগে নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত ডিজিটেল আন্তঃগাঁথনিও সমানে অপৰিহাৰ্য হৈ পৰিছে।

ডাটা চেন্টাৰক আধুনিক ডিজিটেল অৰ্থনীতিৰ মেৰুদণ্ড বুলি অভিহিত কৰি তেওঁ কয় যে অসম চৰকাৰে ৰাজ্যখনক কেৱল ডিজিটেল সেৱাৰ উপভোক্তা হিচাপে নহয়, ভাৰতৰ বৰ্ধিত ডিজিটেল অৰ্থনীতিৰ অৱদানকাৰী আৰু সমগ্ৰ উত্তৰ-পূবৰ ডিজিটেল প্ৰৱেশদ্বাৰ হিচাপেও গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

বুজাবুজিৰ চুক্তিখনৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে জনায় যে যোৰহাটত প্ৰস্তাৱিত ১০ মেগাৱাট ক্ষমতাৰ ডাটা চেন্টাৰটো প্ৰায় চাৰি একৰ মাটিত ২০০ কোটি টকাৰ প্ৰাৰম্ভিক বিনিয়োগেৰে স্থাপন কৰা হ’ব। একেদৰে শিলচৰত ১৫ মেগাৱাট ক্ষমতাৰ ডাটা চেন্টাৰটো প্ৰায় পাঁচ একৰ মাটিত ২৫৫ কোটি টকাৰ প্ৰাৰম্ভিক বিনিয়োগেৰে নিৰ্মাণ কৰা হ’ব।

৪৫৫ কোটি টকাৰ মুঠ বিনিয়োগেৰে এই দুটা প্ৰকল্পই প্ৰায় ১৬৪ টা প্ৰত্যক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ লগতে নিৰ্মাণ, অভিযান্ত্ৰিক, সুৰক্ষা, ৰক্ষণাবেক্ষণ আৰু অন্যান্য আনুষংগিক খণ্ডত যথেষ্ট পৰোক্ষ নিযুক্তি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

তেওঁ লগতে জনায় যে অসমত এয়াৰটেলৰ প্ৰথমটো ডাটা চেন্টাৰ, ১৫ মেগাৱাট ক্ষমতাৰ, বৰ্তমান গুৱাহাটীৰ বঙৰাৰ আই টি পাৰ্কত ২৫০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণাধীন হৈ আছে। এই সুবিধাটো ২০২৮ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি নিৰ্ধাৰণ কৰা হৈছে।

তিনিওটা সুবিধা সম্পূৰ্ণ হোৱাৰ পিছত অসমত ভাৰতী এয়াৰটেলৰ মুঠ ডাটা চেন্টাৰৰ ক্ষমতা ৪০ মেগাৱাট হ’ব, যাৰ প্ৰথম পৰ্যায়ৰ মুঠ বিনিয়োগ হ’ব ৭০৫ কোটি টকা। মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে জাগীৰোডৰ অৰ্ধপৰিবাহী (ছেমিকণ্ডাক্টৰ) নিৰ্মাণ সুবিধাৰ সৈতে সংগতি ৰাখি আৰু দুটা অতিৰিক্ত ডাটা চেন্টাৰ স্থাপন কৰা হ’ব।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *