কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতে গুৱাহাটী মহানগৰীতো আৰক্ষী, প্ৰশাসন সষ্টম হৈ পৰিছে। আজি মহানগৰীৰ জি এছ ৰোডৰ এবিচিত পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই হেলমেট পৰিধান নকৰা, চিট বেল্ট নমৰাকে ধৰি যান-বাহন আইন উলংঘা কৰা গাড়ীৰ চালকক জৰিমনা বিহে। যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই পুৱাৰ ভাগৰ পৰা এবিচি পইন্টত উপস্থিত থাকি যান-বাহনৰ তালাচী অভিযান তদাৰক কৰে। উপ আৰক্ষী আয়ুক্ত বৰাই সংবাদ মাধ্যমৰ আগত কয় যে এনে তালাচী চলোৱা বা জৰিমনা বিহাৰ উদ্দেশ্য ৰাজহ সংগ্ৰহ নহয়। প্ৰকৃততে ৰাইজে যাতে যান-বাহন আইনৰ সন্দৰ্ভত সজাগ হয় তাৰবাবেহে এনে তালাচী অভিযান চলোৱা হৈছে বুলি উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে সদৰী কৰে। তেওঁ যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। মহানগৰীৰ থানা সমূহৰ সন্মুখতো আৰক্ষীয়ে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গাড়ীৰ বেগৰ বিসঙ্গতি আদি কাৰণত কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগে শেহতীয়াভাৱে ৩০ খনকৈ অধিক ট্ৰেভেলাৰ জব্দ কৰিছে।
ইপিনে, আৰক্ষীৰ অভিযানৰ মাজতে ফটাশিল আমবাৰীৰ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত আজি পুৱা এক পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চাৰিচকীয়া গাড়ীয়ে
অটো ৰিক্সাত খুন্দা মৰাৰ ফলত তপন কলিতা নামৰ অট ৰিক্সা চালকজনৰ মৃত্যু হয়। এই ঘটনাত অট ৰিক্সাখনত যাত্ৰী হিচাপে থকা এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হয়।
কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছত গুৱাহাটীত যান-বাহন শাখাৰ অভিযান, জি এছ ৰোডৰ এবিচিত ডিচিপি জয়ন্ত সাৰথি বৰাৰ নেতৃত্বত তালাচী
