ভিডিঅ’ গেম খেলি ১ কোটি টকা উপাৰ্জনৰ সুযোগ; গেমাৰৰ বাবে আমেৰিকান কোম্পানীৰ বিশেষ অফাৰ

গেম খেলক আৰু লাভ কৰক ১ কোটি টকা। এই বিশেষ অফাৰ ঘোষণা কৰিছে আমেৰিকাৰ এটা নতুন ষ্টাৰ্টআপ কোম্পানীয়ে। বহুপ্ৰত্যাশিত ভিডিঅ’ গেম ‘গ্ৰেণ্ড থেফ্ট অটো ছিক্স’ (জিটিএ-৬) খেলাৰ বাবে এজন গেমাৰক ১,২০,০০০ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১.০৬ কোটি টকা পৰ্যন্ত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ‘প্ৰেডিকশ্যন মাৰ্কেট’ কোম্পানী ‘কালশ্বি’য়ে।

কোম্পানীটোৱে গেমটোৰ মূল কাহিনীভাগ খেলিবলৈ, সেই অভিজ্ঞতা পোনপটীয়াকৈ সম্প্ৰচাৰ (লাইভষ্ট্ৰীম) কৰিবলৈ আৰু ইয়াৰ ভাৰ্চুৱেল অৰ্থনীতি অধ্যয়ন কৰিবলৈ এজন নিষ্ঠাবান গেমাৰ নিযুক্তি দিব বিচাৰিছে। গেমটোৰ সম্ভাব্য মুক্তিৰ দিন অৰ্থাৎ বৃহস্পতিবাৰে মাজনিশাৰ পৰা এই বিশেষ কাম আৰম্ভ হ’ব। কেৱল সেয়াই নহয়, নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে ১ লাখৰ পৰা ১.২০ লাখ ডলাৰৰ নিৰ্ধাৰিত প্ৰকল্প মাচুলৰ উপৰি কামটো সফলতাৰে সম্পূৰ্ণ কৰাৰ বিনিময়ত বোনাছ হিচাপে লাভ কৰিব অতিৰিক্ত ১৫,০০০ ডলাৰ (প্ৰায় ১৪ লাখ টকা)।

অৱশ্যে এই দায়িত্ব কেৱল গেম খেলাতে সীমাবদ্ধ নাথাকিব। নিৰ্বাচিত গেমাৰগৰাকীয়ে ইউটিউব বা টুইচত নিজৰ গেমপ্লে’ লাইভষ্ট্ৰীম কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ গেমটোৰ পটভূমি হিচাপে থকা কাল্পনিক মাৰ্কিন প্ৰদেশ ‘লিঅ’নিডা’ অন্বেষণ কৰি গেমটোৰ ভিতৰত ধন উপাৰ্জনৰ আটাইতকৈ লাভজনক উপায়সমূহ চিনাক্ত কৰিব লাগিব। তদুপৰি গেমটোৰ ভাৰ্চুৱেল অৰ্থনীতিৰ ওপৰত সাপ্তাহিক গৱেষণা প্ৰতিবেদনো প্ৰস্তুত কৰিব লাগিব খেলুৱৈগৰাকীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *