ভয়ংকৰ নিবনুৱা সমস্যা আৰু ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থাৰ বাবেই ভাৰত বৰ্তমান এক অৰ্থনৈতিক বিপৰ্যয়ৰ মুখামুখি হৈছে। – এই মন্তব্য লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। দুদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত থকা কংগ্ৰেছ নেতাগৰাকীয়ে মঙলবাৰে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত নৰেন্দ্ৰ মোদী চৰকাৰক এইদৰে সমালোচনাৰ লক্ষ্য কৰি লয়। এসময়ত প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত গভীৰ আস্থা স্থাপন কৰা মধ্যবিত্ত পৰিয়ালসমূহৰ সন্তানেই এতিয়া নিজৰ ভৱিষ্যৎ অন্ধকাৰ দেখি দেশত প্ৰতিবাদমুখৰ হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে।
‘দ্য নিউয়ৰ্ক টাইমছ’ৰ সাংবাদিক লিডিয়া পলগ্ৰীণৰ সৈতে হোৱা এঘণ্টীয়া বাৰ্তালাপত দেশত চলি থকা ছাত্ৰ আন্দোলন আৰু যুৱপ্ৰজন্মৰ উদ্বেগ সন্দৰ্ভত মত ব্যক্ত কৰে বিৰোধী দলপতিগৰাকীয়ে। দিল্লীত প্ৰতিবাদত নামি পৰা গৰিষ্ঠসংখ্যক শিক্ষিত যুৱক-যুৱতীয়েই মোদীক শাসনলৈ অনা মধ্যবিত্ত শ্ৰেণীৰ সন্তান বুলি উল্লেখ কৰি গান্ধীয়ে কয় যে সংবাদ মাধ্যমে এই বাস্তৱ সত্যক এৰাই চলিলেও দেশৰ নিবনুৱা সমস্যা আৰু শিক্ষা ব্যৱস্থাৰ সংকটক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আজিৰ তাৰিখত আই আই টি বা আই আই এমৰ দৰে শীৰ্ষ প্ৰতিষ্ঠানত অধ্যয়ন কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিলেও সংস্থাপন নোপোৱাৰ ফলত ভাৰতত বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ মূল্যক লৈয়েই প্রতিদিনে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে বুলি তেওঁ আক্ষেপ প্রকাশ কৰে।
ভাৰতৰ এই পৰিস্থিতিক গোলকীয় অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা পৃথক কৰি চাব নোৱাৰি বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয় যে কেৱল ভাৰতেই নহয়, আমেৰিকা বা ফ্ৰান্সৰ দৰে দেশেও বৰ্তমান সাধাৰণ শ্ৰমিক শ্ৰেণীক কৰ্মসংস্থাপন প্ৰদান কৰাত ব্যৰ্থ হৈছে। ইফালে ভাৰতত সম্পদ আৰু ক্ষমতা কেৱল মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত হোৱাৰ অভিযোগ তুলি নেতাগৰাকীয়ে পুনৰবাৰ উদ্যোগপতি গৌতম আদানী আৰু মুকেশ আম্বানীক লক্ষ্য কৰি লয়। দেশত ব্যক্তিগত খণ্ডৰ নতুন বিনিয়োগ কিয় হোৱা নাই আৰু কেৱল আদানী-আম্বানীৰ ব্যৱসায়হে কিয় বৃদ্ধি পাইছে বুলি প্ৰশ্ন উত্থাপন কৰি দুজন মাত্ৰ ব্যৱসায়ীয়ে সমগ্ৰ দেশৰ অৰ্থনৈতিক আন্তঃগাঁথনি নিয়ন্ত্ৰণ কৰিলে উৎপাদন খণ্ডৰ বিকাশ সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে, বিগত কেইবাবছৰো ধৰি ৰাহুল গান্ধীয়ে এই দুই উদ্যোগপতিৰ স্বাৰ্থত মোদী চৰকাৰে দেশৰ অৰ্থনীতি পৰিচালনা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। ২০২৩ চনত হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গোটৰ বিৰুদ্ধে শ্বেয়াৰ বজাৰৰ কেলেংকাৰিৰ অভিযোগ অনাৰ পিছত গান্ধীয়ে এই আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছিল। আনহাতে ২০২৪ চনৰ নৱেম্বৰত উৎকোচ কেলেংকাৰি সন্দৰ্ভত আমেৰিকাত গৌতম আদানীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল যদিও ট্ৰাম্প প্ৰশাসনৰ অধীনত ন্যায় বিভাগে গোচৰটো প্ৰত্যাহাৰৰ পদক্ষেপ লোৱাত যোৱা আগষ্ট মাহত আদালতে এই অভিযোগ খাৰিজ কৰিছিল। ইফালে আমেৰিকা ভ্ৰমণৰত ৰাহুল গান্ধীয়ে বুধবাৰে চিকাগো বিশ্ববিদ্যালয়ত ভাষণ প্ৰদান কৰাৰ কথা আছে।
