তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত আজি দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে কয় যে, সমাজৰ উত্তৰণত সাংবাদিকসকলৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে। বিশ্লেষণাত্মক আৰু দায়িত্বশীল সাংবাদিকতাই অগ্ৰাধিকাৰ লাভ কৰিলে সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ’ব পাৰিব। ভৱিষ্যতৰ সাংবাদিকতা অধিক প্ৰত্যাহ্বানমূলক হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে সাংবাদিকসকলে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলে সমাজৰ হকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰিব। তেওঁ লগতে সফলতাৰ কাহিনীসমূহ জনসাধাৰণৰ মাজলৈ উলিয়াই অনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয় ‘সাংবাদিকতা: জনমুখী নে দায়িত্বশীল’ শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই কয় যে, বিশ্ব পৰিপ্ৰেক্ষিতত অসমৰ সংবাদ জগতৰ এক সুকীয়া আৰু উন্নত স্থান আছে। এই মৰ্যাদা অক্ষুণ্ণ ৰখাৰ বাবে সংবাদ মাধ্যমৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে সচেতন ভূমিকা পালন কৰিব লাগিব।ভাৰতীয় সাংবাদিকতাৰ ইতিহাসৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে এক বিশেষ দৃষ্টিভংগী আৰু লক্ষ্যৰে আৰম্ভ হোৱা ভাৰতীয় সাংবাদিকতাই পৰৱৰ্তী সময়ত বৃত্তিগত পৰ্যায়ত প্ৰৱেশ কৰে। ভিজন, মিছন, প্ৰফেছন আৰু ক্ৰিয়েছন আদি বিভিন্ন পৰ্যায়ৰ মাজেৰে ভাৰতীয় সংবাদ মাধ্যমে আজি ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখিছে। সাংবাদিকতাৰ ক্ষেত্ৰখনত দ্ৰুত পৰিৱৰ্তন সংঘটিত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্বৰ ভিতৰতে ভাৰতীয় সংবাদপত্ৰৰ এক বিশেষ স্থান আছে।সাংবাদিকসকলে ঘটনাৰ বাহ্যিক দিশৰ পৰিৱৰ্তে বাস্তৱৰ আঁৰত থকা কাহিনীসমূহো উন্মোচন কৰিব লাগিব। তেওঁ মিডিয়া সাক্ষৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাংবাদিকসকলে জনসাধাৰণৰ আৱেগৰ পৰিৱৰ্তে বিবেকক কিমান গুৰুত্ব প্ৰদান কৰিছে, সেই বিষয়েও আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে।
অনুষ্ঠানত বিশিষ্ট সাংবাদিক ভূপেন ভট্টাচাৰ্য আৰু পদ্ম পাটৰে ভাষণ প্ৰদান কৰি সংবাদ মাধ্যমৰ ভূমিকা আৰু দায়িত্বশীল সাংবাদিকতাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ আয়ুক্ত-সচিব কুমাৰ পদ্মপাণি বৰাই। তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰে।
