গান্ধী মণ্ডপৰ পৰা পৌৰ নিগমৰ ১০০ দিনীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ শুভাৰম্ভ

গুৱাহাটী মহানগৰীৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৱাহাটী পৌৰ নিগমে আজিৰে পৰা ১০০ দিনীয়া এক অভিযান আৰম্ভ কৰিছে। মহানগৰীৰ গান্ধী মণ্ডপত আজি পুৱা এই ১০০ দিনীয়া পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ শুভাৰম্ভ কৰা হয়। ১০০ দিনীয়া অভিযানৰ প্ৰথমটো কাৰ্যসূচী হিচাপে সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পৌৰ নিগমৰ পাৰিষদসকল আৰু পৌৰ নিগমৰ বিষয়-ববীয়া আৰু কৰ্মচাৰীসকল আজি পুৱা হাতে হাতে ঝাড়ু লৈ গান্ধী মণ্ডপ চৌহদটো পৰিষ্কাৰ কৰে।‌
আজিৰে পৰা আৰম্ভ হোৱা এই পৰিস্কাৰ অভিযানৰ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমৰ আগত কয় যে অহা বছৰৰ ২৩ ফেব্ৰুৱাৰীলৈ চলিব লগা এই ১০০ দিনীয়া পৰিস্কাৰ অভিযানৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা, পথ, পুথিভঁ‌ৰাল , পানী আৰু পোহৰ – এই ৫ টা বিষয়ত গুৰুত্ব দিয়া হৈছে। পৰিস্কাৰ, স্বচ্ছতা অভিযানৰ সমান্তৰালকৈ গুৱাহাটী পৌৰ নিগমে এই ১০০ দিনত মহানগৰীৰ উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব বুলি উল্লেখ কৰি মেয়ৰ শৰণীয়াই কয় যে ১০০ দিনীয়া অভিযানত সামূহিক প্ৰেক্ষাগৃহ, শৌচালয় নিৰ্মাণ, ২১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা-নৰ্দমা, ৩ হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিস্কাৰ, ৩ খনকৈ নতুন বজাৰ নিৰ্মাণ, প্ৰতিটো ৱাৰ্ডৰ একোটাকৈ নামঘৰ পৰিস্কাৰ, মহৎ লোকৰ প্ৰতিমূৰ্তি পৰিস্কাৰ আদি কাম হাতত লোৱা হব বুলি মেয়ৰ শৰণীয়াই জানিবলৈ দিয়ে। তেওঁ পুনৰ কয় যে ১০০ দিনীয়া কাৰ্যসূচীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৬০ টা ৱাৰ্ডত ৬০ টা পুথিভঁৰাল নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰিব। একেদৰে, প্ৰতিটো ৱাৰ্ডতে একোখনকৈ বজাৰ স্থাপনৰ সন্দৰ্ভতো চিন্তা-চৰ্চা কৰা হৈছে।‌ ৱাৰ্ডৰ ২/৩ খনকৈ বিদ্যালয়ৰ শ্ৰেণী কোঠা ডিজিটেলাইছ কৰাৰ বাবে কথা-বতৰা পতা হৈছে। আন কেতবোৰ পদক্ষেপৰ বিষয়ে সদৰী কৰি মেয়ৰ মৃগেন শৰণীয়াই কয় যে অহা ১ জানুৱাৰীৰ পৰা মহানগৰীত পুনৰ স্বচ্ছতা প্ৰতিযোগিতা আৰম্ভ কৰা হ’ব। একেদৰে, স্বচ্ছতা সন্দৰ্ভত সচেতনতা অনাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বচ্ছতা প্ৰৰ্দশনী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অনুৰূপ ধৰণে, বাৰ্ডসমূহত নিচামুক্তি অভিযান, চাফাই কৰ্মচাৰীৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, মহানগৰীৰ ২০ টা স্থানত ভাৰ্টিকেল গাৰ্ডেন স্থাপন, হেঙেৰাবাৰীৰ অটল উদ্যানৰ সমীপত থকা ২ বিঘা মাটিত মহিলাৰ বাবে বজাৰ স্থাপন, গুৱাহাটী পৌৰ নিগমৰ বাবে এক অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি মেয়ৰ শৰণীয়াই জানিবলৈ দিয়ে।

মেয়ৰ শৰণীয়াই পুনৰ কয় যে জাবৰ সংগ্ৰহ কৰা গাড়ীসমূহ নিৰীক্ষণ কৰাৰ বাবে গুৱাহাটীত প্ৰথমবাৰৰ বাবে কামান্ড এণ্ড কন্ট্ৰল চেন্টাৰ এটা স্থাপন কৰা হ’ব। জাবৰ পেলোৱা বিষয়টো নিৰীক্ষণৰ বাবে ৬০ টা ৱাৰ্ডৰ প্ৰতিটো ৱাৰ্ডত ১০-১৫ টাকৈ চি চি টি ভি কেমেৰা স্থাপন কৰা হ’ব। কোনোৱে অ-নিৰ্ধাৰিত স্থানত জাবৰ পেলালে এনে চি চি টি ভি কেমেৰাত সংস্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ জৰিয়তে লগে লগে জাবৰ নেপেলাবলৈ সতৰ্কীকৰণ বাৰ্তা যাব বুলি মেয়ৰ শৰণীয়াই ব্যক্ত কৰে
আনহাতে, অহা ৩ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অনাদায় কৰ সংগ্ৰহ অভিযান চলিব বুলি মেয়ৰ শৰণীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰে। তেওঁ কয় যে যিসকল লোকে কৰ আদায় নিদিয়াকৈ আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *