শিশু দিৱসত ৰাণীৰ বেলগুৰীত ছাত্ৰ-ছাত্ৰীৰে গছপুলি ৰোপণ

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো আজি দেশজুৰি শিশু দিৱস হিচাপে পালন কৰা হয়। আনহাতে শিশু দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী অঞ্চলৰ পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰি অহা দুটাকৈ অগ্ৰণী সংগঠনৰ ক্ৰমে – বায়োভাৰচিটি মেনেজমেণ্ট কমিটি আৰু মধ্যন্তিকাই আজি ৰাণীৰ বেলগুৰীস্থিত ‘ফাৰ্ম দ্য ইকো ৰিজৰ্ট’ চৌহদত ছাত্ৰ – ছাত্ৰীৰ সহযোগত গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কাৰ্যসূচীত ৰাণী নাল্লাপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক চন্দন শৰ্মাৰ নেতৃত্বত ৩০ গৰাকীৰো অধিক ছাত্ৰ – ছাত্ৰী আৰু মৈৰাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফণীধৰ ৰাভাৰ নেতৃত্বত ১২ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে এটি মেহগণি গছৰ পুলি ৰোপণ কৰি গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট পৰিবেশবিদ আৰু বায়োডাইভাৰচিটি মেনেজমেণ্ট কমিটিৰ সভাপতি অপূৰ্ব গোস্বামীয়ে। কাৰ্যসূচীত পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰি অহা দেৱজিৎ কলিতা, ৰবীন দৈমাৰী, ৰমেশ বড়ো, মনোৰঞ্জন দাস বড়ো, প্ৰাণেশ্বৰ ৰাভা, ফাৰ্ম দ্য ইকো ৰিজৰ্টৰ পৰিচালন সঞ্চালক ৰতন সিনহাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে ৪০ গৰাকীৰো অধিক ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত ৰিজৰ্ট চৌহদত বিভিন্ন থলুৱা প্ৰজাতিৰ বহু গছপুলি ৰোপণ কৰা হয়। আনহাতে কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ – ছাত্ৰীৰ মাজত পেঞ্চিল, কলম আৰু ছবি অঁকা কাৰ্যত ব্যৱহৃত সঁজুলি বিতৰণ কৰা হয়।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *