ষষ্ঠদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা

ষষ্ঠদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দিন ঘোষণা । ১৪ ডিচেম্বৰ অৰ্থাৎ সোমবাৰে পুৱা ৯.৩০ বজাৰ পৰা অসম বিধানসভাৰ সভাকক্ষত অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ’ব ।ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাৰতীয় সংবিধানৰ ১৭৪ (১) অনুচ্ছেদৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি এই অধিৱেশন আহ্বান কৰিছে । ৭ নৱেম্বৰত ৰাজ্যপালগৰাকীয়ে জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনা অসম বিধানসভা সচিবালয়ে ১০ নৱেম্বৰত আনুষ্ঠানিক অধিসূচনাৰ জৰিয়তে প্ৰকাশ কৰে ।অসম বিধানসভা সচিবালয়ে প্ৰকাশ কৰা অধিসূচনা অনুসৰি ষষ্ঠদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন ১৪ ডিচেম্বৰ সোমবাৰে পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব । অধিৱেশনখন দিছপুৰৰ বিধানসভা চৌহদৰ সভাকক্ষত অনুষ্ঠিত হ’ব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *