কাজিৰঙাৰ ৰঙাজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই শোকাৱহ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। X-ত ৰাষ্ট্ৰপতিয়ে লিখিছে, ‘‘অসমৰ কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যুৰ খবৰ অত্যন্ত দুখজনক। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।’’
ৰঙাজানৰ দুৰ্ঘটনাত শোক প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ
