আফগানিস্তানৰ সৈতে দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা খেলাত নিষেধাজ্ঞা আৰোপ স্কটলেণ্ডৰ

তালিবান চৰকাৰৰ অধীনত আফগানিস্তানত মহিলা আৰু কিশোৰীসকলৰ প্ৰতি চলোৱা অন্যায় তথা দমনমূলক নীতিৰ প্ৰতিবাদত ক্ৰিকেট স্কটলেণ্ডে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত অনুসৰি, আই চি চিৰ বিশ্বকাপ বা মূল প্ৰতিযোগিতাসমূহৰ বাহিৰে আফগানিস্তানৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা বা প্ৰীতি মেচত অংশগ্ৰহণ নকৰে স্কটলেণ্ডে। ক্ৰিকেট স্কটলেণ্ডে স্পষ্ট কৰি দিছে যে আই চি চিৰ আনুষ্ঠানিক প্ৰতিযোগিতা আৰু ইয়াৰ পূৰ্ব নিৰ্ধাৰিত ৱাৰ্ম-আপ (প্ৰস্তুতি) মেচৰ বাহিৰে আফগানিস্তানৰ সৈতে কোনো পৃথক শৃংখলা সূচীভুক্ত কৰা নহ’ব। আয়াৰলেণ্ড ভ্ৰমণৰ পূৰ্বে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে স্কটলেণ্ডত প্ৰশিক্ষণ সুবিধা আৰু শিবিৰৰ বাবে আবেদন জনাইছিল।

কিন্তু স্থানৰ অভাৱ আৰু হঠাতে কৰা অনুৰোধৰ দোহাই দি স্কটলেণ্ডে এই আবেদন প্ৰত্যাখ্যান কৰে। স্কটলেণ্ড ক্ৰিকেট ব’ৰ্ডে নিজৰ সকলো চুক্তিবদ্ধ পুৰুষ আৰু মহিলা খেলুৱৈক এই নতুন নীতি সম্পৰ্কে অৱগত কৰিছে। ব’ৰ্ডে স্পষ্ট কৰে যে আই চি চিৰ নিয়ম অনুসৰি খেলিবলগীয়া মেচসমূহত অৱতীৰ্ণ হোৱাৰ অৰ্থ আফগান শাসন ব্যৱস্থাক সমৰ্থন কৰা নহয়। স্কটলেণ্ডৰ ক্ৰিকেটাৰসকলে যদি প্ৰস্তাৱিত আফগানিস্তান প্ৰিমিয়াৰ লিগ ত খেলিব বিচাৰে, তেন্তে ক্ৰিকেট স্কটলেণ্ডৰ পৰা ‘অনাপত্তি প্ৰমাণপত্ৰ’ লাভ কৰিলে অংশগ্ৰহণ কৰিব পাৰিব।

মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু ক্ৰিকেটত মহিলাৰ অধিকাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবেই স্কটলেণ্ডে অন্যান্য ডাঙৰ ক্ৰিকেট ব’ৰ্ডসমূহৰ দৰে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। উল্লেখ্য যে, ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পাছৰ পৰা স্কটলেণ্ড আৰু আফগানিস্তানৰ মাজত কোনো পূৰ্ণাংগ আন্তঃৰাষ্ট্ৰীয় শৃংখলা অনুষ্ঠিত হোৱা নাই। কেৱল বিগত ২০২৪ আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলে ৱাৰ্ম-আপ মেচতহে মুখামুখি হৈছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *