ডিমা হাছাওৰ শিক্ষা বিভাগত স্থায়ী বিষয়াৰ অভাৱ; চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ দাবী সমৰজিৎ হাফলংবাৰৰ

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদসমূহত স্থায়ী বিষয়াৰ দীৰ্ঘদিনীয়া অনুপস্থিতিয়ে জটিলতাৰ সৃষ্টি কৰিছে ডিমা হাছাও জিলাৰ শৈক্ষিক ক্ষেত্ৰখনত। এই সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰে হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে। জিলাখনৰ শিক্ষা বিভাগত শীঘ্ৰে পূৰ্ণাংগ পৰ্যায়ৰ স্থায়ী বিষয়া নিযুক্তি দিয়াৰ বাবেও প্ৰাক্তন বিধায়কগৰাকীয়ে চৰকাৰক আহ্বান জনায়।

এক বিবৃতিযোগে এই দাবী উত্থাপন কৰি হাফলংবাৰে উল্লেখ কৰে যে ২০২৬ চনৰ মে’ মাহৰ পৰাই ভাৰপ্ৰাপ্ত বা অতিৰিক্ত দায়িত্বত থকা বিষয়াই জিলাখনৰ শিক্ষা বিভাগৰ একাধিক গুৰুত্বপূৰ্ণ পদ চলাই আছে। ইয়াৰ ভিতৰত অতিৰিক্ত শিক্ষা সঞ্চালক (পাৰ্বত্য) আৰু ডিমা হাছাও জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দৰে শীৰ্ষ পদো অন্তৰ্ভুক্ত হৈ আছে। স্থায়ী বিষয়া নথকাৰ এনে ব্যৱস্থাই জিলাখনত গুৰুতৰ প্ৰশাসনিক জটিলতাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত শিক্ষানুষ্ঠানসমূহৰ কাম-কাজ, চৰকাৰী কামৰ সময়মতে নিষ্পত্তি, চৰকাৰী আঁচনিৰ ৰূপায়ণকে ধৰি জিলাখনৰ সামগ্ৰিক বিদ্যালয় শিক্ষা ব্যৱস্থাটোতে বিৰূপ প্ৰভাৱ পৰাৰ অভিযোগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

এই প্ৰশাসনিক শূন্যতা দূৰ কৰাৰ স্বাৰ্থতে প্ৰাক্তন বিধায়কগৰাকীয়ে কাছাৰ জিলা চক্ৰৰ বিদ্যালয়সমূহৰ বৰ্তমানৰ পৰিদৰ্শক মিথুন জহৰীক তাৎক্ষণিকভাৱে দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ দাবী জনায়। হাফলংবাৰে সদৰী কৰা মতে প্ৰায় এমাহ পূৰ্বেই বিষয়াগৰাকীক ডিমা হাছাওলৈ বদলি কৰা হৈছিল যদিও বৰ্তমানলৈকে নতুন কাৰ্যভাৰ গ্ৰহণৰ বাবে তেওঁক কাছাৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হোৱা নাই। মন্ত্ৰী কৃষ্ণেন্দু পালৰ পৰামৰ্শ অনুসৰিয়েই কাছাৰৰ জিলা আয়ুক্তই জহৰীক অব্যাহতি দিয়াত বিলম্ব ঘটোৱা বুলি বিবৃতিটোত গুৰুতৰ অভিযোগ তোলে প্ৰাক্তন বিধায়কগৰাকীয়ে। এই বিলম্ব সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচৰাৰ লগতে বদলিৰ নিৰ্দেশনাটো শীঘ্ৰে কাৰ্যকৰী কৰিবলৈও তেওঁ চৰকাৰক আহ্বান জনায়।

বদলিৰ নিৰ্দেশ ওলোৱা এইগৰাকী বিষয়া মিথুন জহৰী হৈছে ডিমা হাছাওৰ দিয়ুংব্ৰাৰ স্থায়ী বাসিন্দা। সেয়েহে জিলাখনৰ ভৌগোলিক পৰিস্থিতি আৰু শৈক্ষিক প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিষয়াগৰাকীৰ সম্যক জ্ঞান থকা বুলি উল্লেখ কৰে হাফলংবাৰে। তেওঁৰ নিযুক্তিয়ে জিলাখনৰ শৈক্ষিক প্ৰশাসনত থকা আসোঁৱাহসমূহ দূৰ কৰাত সহায় কৰিব বুলিও প্ৰাক্তন বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। এই গুৰুত্বপূৰ্ণ বিষয়টো অসম চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰিবলৈ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য আৰু জিলাখনৰ ছাত্ৰ সংগঠনসমূহক আহ্বান জনায় হাফলংবাৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *