আইআইটি মাদ্ৰাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দ্বাৰা মৌচুমী বায়ুৰ আগমনৰ ভৱিষ্যদ্বাণীৰ নতুন পদ্ধতি উদ্ভাৱন

এটা নিৰ্দিষ্ট স্থানত প্ৰকৃততে মৌচুমী বায়ুৰ আগমন কেতিয়া হয়?

আইআইটি মাদ্ৰাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা ‘জলবায়ু-নেটৱৰ্ক’ (climate-network) পদ্ধতি বিকশিত কৰিছে যিয়ে এটা হ্ৰস্বম্যাদী স্থানীয় বৰষুণ আৰু বৃহৎ পৰিসৰৰ ধাৰাবাহিক মৌচুমী প্ৰণালীৰ আগমনৰ মাজত পাৰ্থক্য চিনাক্ত কৰিব পাৰে।

৮৪ বছৰৰ বৰষুণৰ তথ্য ব্যৱহাৰ কৰি গৱেষকসকলে বিচাৰি পাইছে যে, জলবায়ু বিজ্ঞানৰ ফালৰ পৰা উত্তৰ-পূব ভাৰতত ১৫ মে’ৰ আশে-পাশে আৰু ভাৰতীয় উপদ্বীপ অঞ্চলত ৯ জুনত মৌচুমীৰ বৃহৎ পৰিসৰৰ আৰম্ভণি ঘটে।

এই অধ্যয়নে ভাৰতৰ বিভিন্ন প্ৰান্তত স্থানীয় বৰষুণৰ আৰম্ভণি কেনেকৈ এক বৃহৎ আৰু আন্তঃসংযোগকাৰী প্ৰণালীত সংগঠিত হয়, তাৰ ওপৰত চকু ৰাখি এটা বস্তুনিষ্ঠ পদ্ধতিৰ সূচনা কৰিছে।

এই দৃষ্টিভংগীয়ে মৌচুমীৰ আগমনৰ পৰম্পৰাগত সংজ্ঞাসমূহৰ পৰিপূৰক হিচাপে কাম কৰিব পাৰে আৰু সম্ভৱতঃ খেতিৰ সময় নিৰ্ধাৰণ, জলসম্পদ ব্যৱস্থাপনা, খাদ্য সুৰক্ষা আৰু বান প্ৰস্তুতিৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে অধিক নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰিব পাৰে।

এই ফলাফলসমূহ আমেৰিকান মেটিঅ’ৰলজিকেল চচাইটিৰ এখন আগশাৰীৰ জাৰ্নেল ‘জাৰ্নেল অৱ ক্লাইমেট’ত প্ৰকাশ পাইছে।

আইআইটি মাদ্ৰাজৰ অধ্যাপক আৰ.আই. সুজিতে গৱেষণাৰ মূল ফলাফলসমূহৰ বিষয়ে ব্যাখ্যা কৰি কয়, “আমাৰ গৱেষণাৰ মূল কথাটো হ’ল যে কোনো এটা স্থানত প্ৰথমবাৰ হোৱা বৰষুণজাক মানেই মৌচুমীৰ আগমন নহয়। ইয়াৰ পৰিৱৰ্তে, আমাৰ অধ্যয়নে মৌচুমীৰ আগমনক এনে এটা বিন্দু হিচাপে সংজ্ঞায়িত কৰিছে যেতিয়া স্থানীয় বৰষুণৰ আৰম্ভণি এক বৃহৎ আন্তঃসংযোগকাৰী বৰষুণৰ প্ৰণালীৰ অংশ হৈ পৰে।”

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এছ.টি. ৰাডাৰ কেন্দ্ৰৰ অধ্যাপক বি.এন. গোস্বামীয়ে কয়, “এই পদ্ধতিটো পৰম্পৰাগত পদ্ধতিসমূহৰ বিকল্প নহয়, বৰঞ্চ পৰিপূৰকহে। ইয়াৰ বিশেষত্ব হ’ল যে ই এটা স্থানীয় পৰ্যবেক্ষণক মৌচুমীৰ বৃহৎ পৰিসৰৰ সংগঠনৰ সৈতে সংযোগ কৰে।”

গৱেষকসকলে জানিবলৈ দিয়ে যে এই নতুন দৃষ্টিভংগীয়ে কৃষকসকলক খেতিৰ বাবে সঠিক সময় দিব আৰু নীতি নিৰ্ধাৰকসকলক খাদ্য সুৰক্ষা আৰু জলসম্পদ ব্যৱস্থাপনাৰ পৰিকল্পনা কৰাত সহায় কৰিব।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *