পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলি বিতৰ্কৰ বাবে প্ৰত্যাহ্বান লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। এই সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মান্তি কৰাবলৈ কয়।
উল্লেখ্য যে, ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন অৰ্থাৎ এছআইআৰ প্ৰক্ৰিয়াক লৈ উত্থাপিত আপত্তি সন্দৰ্ভত এদিন পূৰ্বে গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক সংসদত মুকলি আলোচনাৰ আহ্বান জনাইছিল। কংগ্ৰেছে আনুষ্ঠানিকভাৱে অনুৰোধ জনালে সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰো আশ্বাস দিছিল শ্বাহে।
কিন্তু অমিত শ্বাহৰ এই পৰামৰ্শ প্ৰত্যাখ্যান কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতেহে মুখামুখি বিতৰ্কত বহাৰ স্থিতিত অটল থাকে। সামাজিক মাধ্যমযোগে অমিত শ্বাহক উদ্দেশ্যি কংগ্ৰেছ নেতাগৰাকীয়ে লিখিছে, “মোদী জীক বিভ্ৰান্ত নকৰিব। যিকোনো মঞ্চত আৰু যিকোনো সময়তে মোৰ সৈতে মুকলি বিতৰ্কত বহিবলৈ তেওঁক মান্তি কৰাওক।”
ইফালে, হৰিয়ানাৰ কৰ্নালত এক ৰেলীত ভাষণ দি অমিত শ্বাহে কংগ্ৰেছৰ বিৰুদ্ধে সংসদীয় আলোচনাৰ পৰা আঁতৰি থকাৰ অভিযোগ উত্থাপন কৰে। সংসদেই জনপ্ৰতিনিধিসকলৰ আলোচনাৰ একমাত্ৰ উপযুক্ত মঞ্চ বুলি উল্লেখ কৰি শ্বাহে ৰাহুল গান্ধীক এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে পত্ৰ লিখিবলৈও পৰামৰ্শ দিয়ে।
ইফালে, ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত যোগ্য ভোটাৰৰ নাম কৰ্তন হোৱাৰ আশংকাক লৈ বিৰোধী দলসমূহে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। বিৰোধী দলসমূহে ৰাজপথ আৰু সদন উভয় স্থানতে বিষয়টো উত্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে এই সমগ্ৰ প্ৰক্ৰিয়াক ভুৱা ভোটাৰমুক্ত কৰাৰ এক গঠনমূলক পদক্ষেপ বুলি সমৰ্থন কৰিছে।
