শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২৭ বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে।

ঘোষিত সময়সূচী অনুসৰি, ২০২৭ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা।

সকলো পৰীক্ষা পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

CBSEৰ দশম শ্ৰেণীৰ ৮৩টা আৰু দ্বাদশ শ্ৰেণীৰ ১২১টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰা হৈছে।

পৰীক্ষাৰ সময়সূচী অনুসৰি শিক্ষাৰ্থীসকলে নিজৰ বিষয়সমূহৰ পৰীক্ষাৰ তাৰিখ আৰু সময় জানিব পাৰিব।

ইফালে, শিক্ষাৰ্থী আৰু অভিভাৱকসকলে CBSEৰ আনুষ্ঠানিক ৱেবছাইট cbse.gov.inৰ জৰিয়তে পৰীক্ষাৰ সময়সূচী ডাউনলোড কৰিব পাৰিব।

সেয়েহে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলক নিজৰ পৰীক্ষাৰ সময়সূচী পৰীক্ষা কৰি সেই অনুসৰি প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনোৱা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *