এণ্টাৰপ্রাইজৰ ৰূপান্তৰ ত্বৰান্বিত কৰিবলৈ পিডব্লিউচি ইণ্ডিয়াৰ সৈতে এআইকেন্দ্ৰিক পদক্ষেপ মুকলি ভি বিজনেছৰ

ভোডাফোন আইডিয়া(ভি)ই নিজৰ সমগ্ৰ কাৰ্যকলাপত এআইকেন্দ্ৰিক ৰূপান্তৰ ত্বৰান্বিত কৰিবলৈ আৰু উদ্যোগসমূহক পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি ব্যৱহাৰ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভি ইনটেলিজেন্স শীৰ্ষক এক কৌশলগত এআই পদক্ষেপ মুকলি কৰিছে।
এই পদক্ষেপটো পিডব্লিউচি ইণ্ডিয়াৰ অংশীদাৰিত্বত স্থাপিত ভি ইনটেলিজেন্স লেবৰ দ্বাৰা পৰিচালিত হ’ব। এই লেবে উদ্যোগসমূহৰ বাবে এআই সেৱাৰ বিকাশ, পৰীক্ষণ আৰু সম্প্ৰসাৰণৰ এক উদ্ভাৱন কেন্দ্ৰ হিচাপে কাম কৰিব। ইয়াৰ লগতে গোলকীয় এআই নেতা, ষ্টাৰ্টআপ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ সৈতে উদ্ভাৱন আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ পিডব্লিউচি ইণ্ডিয়াই মুম্বাইত ভি-ৰ সৈতে একেলগে কাম কৰিব পৰাকৈ এটা সুকীয়া ‘চেণ্টাৰ অৱ এক্সেলেন্স’ দল গঠন কৰিব।
ভি-ৰ চিটিঅ’ জগতবীৰ সিঙে এই বিষয়ে কয় যে, এই পদক্ষেপে গ্ৰাহকৰ সংযোগ, সেৱাৰ অভিজ্ঞতা আৰু ব্যৱসায়িক প্ৰক্ৰিয়াসমূহ উন্নত কৰিবলৈ কোম্পানীটোৰ ডিজিটেল আন্তঃগাঁথনি আৰু গোলকীয় এআই বিশেষজ্ঞতাৰ সুবিধা ল’ব।
আনহাতে, পিডব্লিউচি ইণ্ডিয়াৰ টিএমটি অংশীদাৰ বিনিশ বাৱাই এই বিষয়ে সদৰি কৰি কয় যে, এই অংশীদাৰিত্বই উদ্যোগসমূহক দায়িত্বশীল পদ্ধতিৰে এআই-ৰ সম্ভাৱনাক ব্যৱহাৰিক কাৰ্যক্ষমতালৈ ৰূপান্তৰ কৰাত সহায় কৰিব।
এই লেবে প্ৰধানকৈ তিনিটা স্তম্ভৰ ওপৰত গুৰুত্ব দিব — এজেণ্টিক, এছিষ্টিভ আৰু সাৰ্বভৌম তথা দায়িত্বশীল এআই। এই সকলোবোৰ ব্যৱহাৰিক ক্ষেত্ৰ ভি-ৰ গ্ৰেচী দায়িত্বশীল এআই ফ্ৰেমৱৰ্কৰ দ্বাৰা পৰিচালিত হ’ব।
বিভিন্ন কাৰ্যসূচীসমূহৰ ভিতৰত ইনকিউবেচন প্ৰকল্প, এআই উদ্ভাৱন প্ৰত্যাহ্বান, হেকাথন, পাইলট প্ৰকল্প ৰূপায়ণৰ বাবে এটা এআই ফেক্টৰী, স্বকীয় প্ৰযুক্তিৰ বিকাশ আৰু কৰ্মচাৰীসকলৰ দক্ষতা বৃদ্ধিৰ পদক্ষেপ অন্তৰ্ভুক্ত থাকিব। কোম্পানীটোৰ লক্ষ্য হৈছে ব্যৱসায়সমূহক এআইৰ জৰিয়তে কাৰ্য-কলাপসমূহৰ আধুনিকীকৰণ কৰা, গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰা আৰু বিকাশৰ ন ন সুযোগসমূহ চিনাক্ত কৰাত সহায় কৰা।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *