ৰাহুল গান্ধীক ‘অধিক সাংসদ জয়ী হ’বলৈ’ ৭ চৰ্ত কিৰেন ৰিজিজুৰ; মুকলি বিতৰ্কৰ প্ৰত্যাহ্বানক লৈ সৰৱ বিজেপি-কংগ্ৰেছ

কংগ্ৰেছ দলৰ সাংসদৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কি কি পদক্ষেপ গ্ৰহণ কৰা উচিত, সেই সম্পৰ্কত ৭টা চৰ্ত প্ৰকাশ কৰিছে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। সমাজিক মাধ্যম ‘এক্স’ৰ এটা পোষ্টযোগে ৰিজিজুৱে ৰাহুল গান্ধীক সঘনাই কৰা গোপন বিদেশ ভ্ৰমণ পৰিহাৰ কৰি দেশত অধিক সময় অতিবাহিত কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি “ভাৰত বিৰোধী” বুলি অভিহিত কৰা ব্যক্তিসকলক সাক্ষাৎ কৰা আৰু তেওঁলোকৰ এজেণ্ডা প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈও বিজেপি নেতাগৰাকীয়ে আহ্বান জনায়।

প্ৰস্তুত কৰা চৰ্তসমূহৰ ভিতৰত বিজেপি, আৰ এছ এছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি থকা “গভীৰ ঘৃণা” ত্যাগ কৰি বিজেপিক শত্ৰুৰ পৰিৱৰ্তে কেৱল ৰাজনৈতিক প্ৰতিপক্ষ হিচাপে গণ্য কৰিবলৈ ৰিজিজুৱে পৰামৰ্শ আগবঢ়ায়। ভাৰতীয় পৰম্পৰা অনুসৰি জ্যেষ্ঠ নেতাসকলক শ্ৰদ্ধা কৰা আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

সংসদীয় গণতন্ত্ৰৰ গতিশীলতা অক্ষুণ্ণ ৰখাৰ আহ্বান জনাই সংসদক অধিক গুৰুত্বসহকাৰে ল’বলৈ আৰু সাংসদসকলক তৰ্ক-বিতৰ্কত অংশগ্ৰহণৰ সুযোগ দিবলৈও ৰিজিজুৱে ৰাহুল গান্ধীক আহ্বান জনায়। বাকী দুটা চৰ্তত তেওঁ কয়, “ভাৰতৰ সংবিধান আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহক সন্মান জনাওক। লগতে কংগ্ৰেছ দলক এক গণতান্ত্ৰিক দল হিচাপে চলিবলৈ দি বংশানুক্ৰমিক ৰাজনীতি উৎখাত কৰক।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুকলি বিতৰ্কৰ বাবে ৰাহুল গান্ধীয়ে জনোৱা দাবীক কেন্দ্ৰ কৰি শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত তীব্ৰ বাকযুদ্ধ চলি থকাৰ সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ এই মন্তব্য পোহৰলৈ আহিছে।

ইফালে লোকসভাত বিৰোধী দলৰ নেতাসকলে কৰা সদন ত্যাগৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি ৰিজিজুৱে উল্লেখ কৰে, “সংসদ হৈছে তৰ্ক আৰু আলোচনাৰ বাকৰি। কিন্তু যিসকল লোকে গণতন্ত্ৰ আৰু আলোচনাত বিশ্বাস নকৰে, তেওঁলোকেই এতিয়া বিতৰ্কৰ কথা কৈছে।”

আনহাতে, প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ বাবে পুনৰ প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰীগৰাকী দেশৰ প্ৰতি বিশ্বাসঘাটক বুলি তেওঁ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে প্ৰমাণ কৰিব পাৰিব। এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

ৰাহুল গান্ধীৰ প্ৰত্যাহ্বানৰ পিছতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও প্ৰধানমন্ত্ৰীক আগবাঢ়ি আহি ভোট চুৰি আৰু বৈদেশিক সম্পৰ্ককে ধৰি বিভিন্ন বিষয়ত সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ দাবী জনায়। এক্স-ৰ এটা পোষ্টত খাৰ্গেই উল্লেখ কৰে যে ‘ভোট চুৰি’ৰ বিষয়টোট প্ৰধানমন্ত্ৰীৰ ওচৰত কোনো উত্তৰ নাই। গতিকে সংসদলৈ আহি আৰু মুকলি সংবাদমেল অনুষ্ঠিত কৰি ৰাহুল গান্ধীৰ বিতৰ্কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সময় আহি পৰিছে।

ইয়াৰ উপৰি খাৰ্গেই তিনি কোটি ভোটাৰক “অনুপ্ৰৱেশকাৰী” বুলি কৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক লৈও প্ৰশ্ন উত্থাপন কৰে। অবৈধ অনুপ্ৰৱেশকাৰীয়ে দেশত প্ৰৱেশ কৰাৰ পিছতো গৃহ মন্ত্ৰীগৰাকীয়ে কি কৰি আছিল বুলি প্ৰশ্ন তুলি খাৰ্গেই তেওঁৰ অপাৰগতাৰ বাবে পদৰ পৰা পদত্যাগ কৰাৰ দাবী জনায়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *