চৰকাৰী ফাইলত ৰেহাইৰ চহী পৰাৰ দিনাই হস্তগত হ’ল ২০টাকৈ বিলাসী ভিলা। পদমৰ্যাদাৰ অপব্যৱহাৰ কৰি ব্যক্তিগত ৰিজৰ্ট গোষ্ঠীৰ সৈতে গোপন বুজাবুজিৰে বিশাল সম্পত্তি গঢ়াৰ অভিযোগত এতিয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এহাল জ্যেষ্ঠ প্ৰশাসনিক বিষয়া দম্পতী। ৰাজ্য চৰকাৰক বৃহৎ বিত্তীয় লোকচানত পেলোৱাৰ অভিযোগত জ্যেষ্ঠ আই এ এছ বিষয়া শিখৰ আগৰৱালাৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।
দুৰ্নীতি নিবাৰক শাখাৰ এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, ‘অনন্ত’ ব্ৰেণ্ডৰ অধীনত হোটেল আৰু ৰিজৰ্ট পৰিচালনা কৰা গোৱাল ফেশ্বনছ প্ৰাইভেট লিমিটেডৰ সঞ্চালকসকলৰ সৈতে মিলি বৃহৎ দুৰ্নীতিত লিপ্ত হৈছিল উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত এইগৰাকী আমোলা। ৰিজৰ্ট নিৰ্মাণৰ নীতি-নিয়ম শিথিল কৰা, প্ৰয়োজনীয় প্ৰমাণ-পত্ৰ পৰীক্ষা নকৰাকৈ অনুমোদন জনোৱা আৰু চৰকাৰৰ বিশেষ ৰেহাইযুক্ত বিত্তীয় পেকেজ প্ৰদান কৰাৰ বিনিময়ত বিষয়াগৰাকীয়ে নিজৰ আৰু আত্মীয়ৰ নামত এই বিশাল সম্পত্তি হস্তগত কৰে।
প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, যোৱা ২৭ মাৰ্চত ৰাজ্যৰ বিত্ত বিভাগে গোৱাল ফেশ্বনছক বিশেষ ৰেহাইযুক্ত বিত্তীয় পেকেজ অনুমোদন জনোৱাৰ ঠিক সেই একেটা দিনতে এই আমোলাজনে একেলগে ২০টা ভিলাৰ ক্ৰয় পঞ্জীয়ন সম্পন্ন কৰিছিল।
তদন্তকাৰী সংস্থাৰ সূত্ৰই প্ৰকাশ কৰা মতে, আই এ এছ বিষয়া শিখৰ আগৰৱালা আৰু তেওঁৰ আই পি এছ বিষয়া পত্নী প্ৰশাখা মাথুৰে উদয়পুৰৰ বুঝদা ৰিজৰ্টত প্ৰত্যেকেই ১৫ লাখ টকাকৈ ১০টাকৈ ভিলা নিজৰ নামত হস্তগত কৰে। আনহাতে আলৱাৰ জিলাৰ অজবগড় ৰিজৰ্টত এই দম্পতীৰ নামত ১৬.৫ লাখ টকাকৈ ক্ৰয় কৰা হয় আন আঠটা বিলাসী ভিলা।
কেৱল ইমানতে ক্ষান্ত নাথাকি এই আমোলা দম্পতীৰ দুই পুত্ৰৰ নামত উদয়পুৰত ১৫ লাখ টকাকৈ চাৰিটা ভিলা আৰু অন্যান্য আত্মীয়ৰ নামত অজবগড়ত ১৬.৫ লাখ টকাকৈ আন চাৰিটা ভিলা পঞ্জীয়ন কৰা হয়। বজাৰ মূল্যতকৈ অতি নগণ্য মূল্যত এই বিলাসী সম্পত্তিসমূহ হস্তগত কৰা বুলি নিশ্চিত হৈছে তদন্তকাৰী সংস্থা।
দুৰ্নীতি নিবাৰক সংস্থাই সদৰী কৰা মতে, জ্ঞাত আয়ৰ উৎসৰ তুলনাত বিষয়াগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে আয় বহিৰ্ভূত সম্পত্তি আহৰণ কৰিছে নেকি, সেই দিশতো বিশেষ অনুসন্ধান আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে সংস্থাই বাতৰিকাকতৰ প্ৰতিবেদন আৰু উদ্যোগ বিভাগৰ তথ্যভিত্তিক প্ৰতিবেদন পুঙ্খানুপুঙ্খভাৱে পৰীক্ষা কৰে।
ইতিমধ্যে ৰাজ্য চৰকাৰে এই জ্যেষ্ঠ বিষয়াগৰাকীক তাৎক্ষণিকভাৱে পদৰ পৰা অপসাৰণ কৰি নিযুক্তিৰ অপেক্ষাত ৰখাৰ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও পূৰ্বৰ কাৰ্যকালত উদয়পুৰৰ উপায়ুক্ত, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ আৰু উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে দায়িত্ব পালন কৰাৰ সময়তো বিষয়াগৰাকীয়ে পদৰ অপপ্ৰয়োগ কৰিছিল নেকি, সেই সন্দৰ্ভতো সকলো নথি-পত্ৰৰ খতিয়ান লোৱা হৈছে।
