ধুবুৰীত আৰক্ষীৰ অভিযানত ৩৬ গৰাকী সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক!

ধুবুৰীত আৰক্ষীৰ এক অভিযানত ৩৬ গৰাকী সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰাৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ধুবুৰীৰ যোগমায়া ফেৰীঘাটত আৰক্ষীয়ে অভিযান চলাই লোককেইজনক আটক কৰে।

প্ৰাথমিক তথ্য অনুসৰি, আটকাধীন লোককেইজনে চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰি ভাৰতত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তেওঁলোকৰ পৰিচয় আৰু ভাৰতত প্ৰৱেশৰ বৈধ নথি-পত্ৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে, ধৃত আটাইকেইজন বাংলাদেশী নাগৰিক বাংলাদেশৰ ৰাজশাহী জিলাৰ চাপাই নবাবগঞ্জৰ বাসিন্দা । ধুবুৰীৰ পৰা ৰে’লযোগে চেন্নাইলৈ যোৱাৰ উদ্দেশ্যে তেওঁলোকে অনুপ্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰা হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *