জীৱন বীমাৰ সুলভতা সম্প্ৰসাৰণৰ বাবে টাটা ডিজিটেলৰ সৈতে অংশীদাৰিত্ব এক্সিছ মেক্স লাইফৰ

দেশৰ সৰ্বজনীন আনুগত্য আৰু বিত্তীয় সেৱা এপ টাটা নিউৰ জৰিয়তে জীৱন বীমা সামগ্ৰীৰ সুলভতা সম্প্ৰসাৰণ কৰিবলৈ এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে টাটা ডিজিটেলৰ এটা সহায়ক প্ৰতিষ্ঠান টাটা ফিনটেকৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ অধীনত টাটা নিউৰ গ্ৰাহকসকলে এক্সিছ মেক্স লাইফে আগবঢ়োৱা নিৰ্বাচিত জীৱন বীমা সামগ্ৰীসমূহ অন্বেষণ আৰু ক্ৰয় কৰিবলৈ সক্ষম হ’ব, যাৰ অধীনত সুৰক্ষা পৰিকল্পনা আৰু দীৰ্ঘম্যাদী সঞ্চয় সেৱা-বিকল্পসমূহ অন্তৰ্ভুক্ত। এই সহযোগিতাৰ উদ্দেশ্য হৈছে বিভিন্ন বিত্তীয় আৰু জীৱনশৈলীৰ প্ৰয়োজনত ব্যৱহাৰ কৰা এটা ডিজিটেল প্লেটফৰ্মত বিত্তীয় পৰিকল্পনাৰ বিকল্পসমূহ একত্ৰিত কৰি বীমাৰ সুলভতা সৰল কৰি তোলা।

এক্সিছ  মেক্স লাইফৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুমিত মদনে এই বিষয়ে সদৰি কয় যে, এই অংশীদাৰিত্বই ভাৰতীয়সকলৰ বাবে জীৱন বীমাক অধিক সুলভ আৰু সহজ কৰি তোলাৰ এক উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। সুমিত মদনে লগতে কয় যে, এই পদক্ষেপে ব্যক্তি আৰু পৰিয়ালসমূহক অৱগত বিত্তীয় সিদ্ধান্ত ল’বলৈ আৰু নিজৰ নিজৰ দীৰ্ঘম্যাদী বিত্তীয় নিৰাপত্তা শক্তিশালী কৰিবলৈ উৎসাহিত কৰিব। টাটা ডিজিটেল গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক সজিথ চিৱানন্দনে কয় যে, এই সহযোগিতাই টাটা নিউত উপলব্ধ সুৰক্ষা আৰু সঞ্চয় সেৱাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব। সজিথ চিৱানন্দনে উল্লেখ কৰে যে এই প্লেটফৰ্মে বিত্তীয় সেৱা, পেমেণ্ট, টাটা নিউকাৰ্ড আৰু পুৰস্কাৰসমূহক একত্ৰিত কৰিছে।

এই অংশীদাৰিত্বই বীমাৰ সুলভতা উন্নত কৰিবলৈ আৰু ভাৰতীয় গ্ৰাহকসকলৰ মাজত দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনাক উৎসাহিত কৰিবলৈ কোম্পানীদ্বয়ৰ ডিজিটেল উদ্ভাৱন আৰু প্ৰযুক্তি-চালিত বিতৰণৰ ওপৰত থকা মনোযোগক আলোকপাত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *