উত্তৰ-পূৰ্বাঞ্চলৰ বৃক্কৰ ৰোগীসকলৰ বাবে ৰব’টিক বৃক্ক সংৰোপণ সেৱাৰ প্ৰসাৰ মেদান্তাৰ

মেদান্তা – দ্য মেডিচিটীয়ে কম কষ্টকৰ আৰু ক্ষিপ্ৰ ৰব’টিক চাৰ্জাৰী কাৰ্যসূচীৰ জৰিয়তে উন্নত কিডনী ট্ৰেন্সপ্লাণ্ট সেৱাৰ প্ৰসাৰ ঘটাইছে। এই পদক্ষেপৰ জৰিয়তে গুৱাহাটী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলক গুৰুগ্ৰামৰ চিকিৎসালয়লৈ প্ৰেৰণ আৰু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে। ‘ইণ্ডিয়ান জাৰ্নেল অব নেফ্ৰ’লজী’ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, ভাৰতত ২ লাখতকৈও অধিক লোকৰ বৃক্ক সংৰোপণৰ প্ৰয়োজন বুলি অনুমান কৰা হৈছে, কিন্তু ২০২৩ চনত মাত্ৰ ১৩,৬০০টা মানহে অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। যিহেতু জীৱিত দাতাসকলৰ পৰাই বেছিভাগ সংৰোপণ কৰা হয়, সেয়েহে দাতাৰ বাবে কম কষ্টকৰ অস্ত্ৰোপচাৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

মেদান্তা গুৰুগ্ৰামৰ ইউৰ’লজী, ৰব’টিক চাৰ্জাৰী আৰু কিডনী ট্ৰেন্সপ্লাণ্ট বিভাগৰ অধ্যক্ষ ডাঃ প্ৰসূন ঘোষে এই বিষয়ে কয় যে, ৰব’টিক প্ৰযুক্তিৰ সহায়ত শৰীৰৰ অতি কম অংশ কাটি জটিল অস্ত্ৰোপচাৰসমূহ কৰিব পৰা যায়। ইয়াৰ সাম্ভাৱ্য উপকাৰিতাসমূহৰ ভিতৰত তেজ কমকৈ ওলোৱা, অস্ত্ৰোপচাৰৰ পিছত বিষ কম হোৱা আৰু খৰতকীয়া আৰোগ্য লাভ আদি অন্যতম। এই সমগ্ৰ চিকিত্সা প্ৰক্ৰিয়াত নেফ্ৰ’লজী, এনাস্থেচিয়া, পেথ’লজী, ইনটেনচিভ কেয়াৰ আৰু ট্ৰেন্সপ্লাণ্ট চাৰ্জাৰীৰ বিশেষজ্ঞসকলক লৈ গঠিত এটা বহুমুখী দলে সহযোগিতা আগবঢ়ায়। ট্ৰেন্সপ্লাণ্টৰ পিছত আজীৱন পৰ্যৱেক্ষণ, নিৰ্ধাৰিত ইমিউন’চাপ্ৰেছিভ ঔষধ সেৱন আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা অপৰিহাৰ্য।

গুৱাহাটী তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীৰ মেদান্তা মেডিক্লিনিক বিশেষজ্ঞৰ পৰামৰ্শ আৰু চিকিত্সাৰ এক স্থানীয় যোগাযোগ কেন্দ্ৰ হৈ পৰিছে। ৩১ অক্টোবৰত দিছপুৰৰ বেলতলা-বশিষ্ঠ ৰোডত অৱস্থিত অম্বিকা শ্ৰাইনস্থিত মেদান্তা মেডিক্লিনিক গুৱাহাটীত ডাঃ ঘোষ উপস্থিত থাকিব। আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে +91 8826312002 নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ লগতে মেদান্তাই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা বিশেষ হেল্পলাইন নম্বৰ +91 8904395588 মুকলি কৰিছে, যি পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ অসমীয়া, বঙালী, নাগামিজ, ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *