আইচিআইচিআই লাইফ ইঞ্চুৰেন্স লিমিটেডে মুকলি কৰিছে ‘আইচিআইচিআই লাইফ গেৰাণ্টিড ইণ্ডেক্স পেঞ্চন’ প্লেন। এই আঁচনিখন হৈছে এক অৱসৰকালীন উপাৰ্জনৰ আঁচনি, য’ত জীৱনজোৰা নিশ্চিত উপাৰ্জনৰ লগতে নিফটি ৫০ টোটেল ৰিটাৰ্ন ইণ্ডেক্সৰ জৰিয়তে বজাৰৰ সৈতে সংযোজিত বিকাশৰ সম্ভাৱনা অন্তৰ্ভুক্ত কৰা হৈছে।
এই বিকল্পৰ অধীনত গ্ৰাহকসকলে ৬০%ৰ পৰা ১০০% পৰ্যন্ত এক নিশ্চিত এন্যুইটি উপাদান বাছনি কৰিব পাৰিব আৰু বাকী থকা অংশটো সূচকাংকৰ সৈতে সংযোগ কৰা হ’ব। ই অৱসৰকালীন উপাৰ্জন বৃদ্ধি কৰাত সহায় কৰাৰ লগতে মুদ্ৰাস্ফীতিৰ চাপ মোকাবিলা কৰাতো সহায় কৰিব।
আঁচনিখনত একক জীৱন আৰু জইণ্ট(যুটীয়া) জীৱন বীমা বিকল্পৰ লগতে ক্ৰয় মূল্য ঘূৰাই পোৱাৰ সুবিধাও প্ৰদান কৰা হৈছে। এনুইটেণ্ট(আঁচনিধাৰক)ৰ মৃত্যু হ’লে, অথবা যুটীয়া জীৱন বীমাৰ বিকল্পৰ অধীনত অন্তিমগৰাকী জীৱিত আঁচনিধাৰকৰ মৃত্যু হ’লে, মনোনীত ব্যক্তিয়ে মুঠ পৰিশোধ কৰা প্ৰিমিয়ামৰ সমপৰিমাণৰ ডেথ বেনিফিট(মৃত্যুৰ পিছৰ সুবিধা) লাভ কৰিব।
আইচিআইচিআই লাইফ ইঞ্চুৰেন্সৰ মুখ্য প্ৰডাক্ট অফিচাৰ বিকাশ গুপ্তাই এই বিষয়ে কয় যে, বৰ্ধিত আয়ুস, ক্ৰমবৰ্ধমান জীৱন ধাৰণৰ ব্যয় আৰু সলনি হোৱা বিত্তীয় অগ্ৰাধিকাৰৰ বাবে উপাৰ্জনৰ স্থিৰতা আৰু বিকাশৰ সম্ভাৱনা থকা অৱসৰকালীন সমাধানৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।
এই বিকল্পত এটা এন্যুইটি এডভান্স সুবিধাও আছে, যাৰ জৰিয়তে গ্ৰাহকসকলে পৰৱৰ্তী পাঁচ বছৰৰ নিশ্চিত এন্যুইটিৰ ৯৯% লৈকে অগ্ৰিম হিচাপে এককালীনভাৱে লাভ কৰিব পাৰিব। এই ধন ৰাশি মাহেকীয়া, ত্ৰৈমাসিক, ৬ মাহত অথবা বাৰ্ষিক ভিত্তিত পৰিশোধ কৰিব পৰা যাব।
ইয়াৰ লগতে গ্ৰাহকসকলে স্বাস্থ্য পৰিচালনা আৰু ৱেলনেচ সেৱাসমূহ লাভ কৰিব পাৰিব। এই নতুন আঁচনিখনে কোম্পানীটোৰ অৱসৰকালীন সেৱাৰ পৰ্টফলিঅ’ক অধিক শক্তিশালী কৰি তুলিছে আৰু দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনাত অধিক নমনীয়তা প্ৰদান কৰিছে।
আইচিআইচিআই লাইফে নিশ্চিত আয়ৰ সুবিধাৰে বজাৰ-সংলগ্ন ৰিটাৰ্নৰ সংমিশ্ৰণৰ বাবে আগবঢ়াইছে সূচীভুক্ত পেঞ্চন পৰিকল্পনা
