চহকী জৈৱ-বৈচিত্ৰ্যৰ বাবে বিশ্বজুৰি খ্যাতি থকা অসমৰ প্ৰাকৃতিক পৰিৱেশত সংযোজিত হ’ল আন এক অনন্য মাত্ৰা। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিত বিজ্ঞানীসকলে শেহতীয়াকৈ চিনাক্ত কৰিছে ফুলজাতীয় উদ্ভিদৰ এক নতুন প্ৰজাতি। আন্তঃৰাষ্ট্ৰীয় উদ্ভিদ বিজ্ঞান গৱেষণা পত্ৰিকা ‘ফাইটোটেক্সা’ত যোৱা ২২ অক্টোবৰত প্ৰকাশ পাইছে এই নতুন আৱিষ্কাৰৰ সবিশেষ তথ্য। উদ্ভিদবিজ্ঞান বিশেষজ্ঞ বৰ্ণালী দাস আৰু নমিতা নাথে যুটীয়াভাৱে চলোৱা দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত এই নতুন প্ৰজাতিটোৰ নাম অসমৰ নামেৰে ‘অচবেকিয়া আচামেনছিছ’ ৰখা হৈছে।
গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত মানস ৰাষ্ট্ৰীয় উদ্যানত চলোৱা ধাৰাবাহিক ক্ষেত্ৰভিত্তিক জৰীপৰ সময়ত ঘাঁহনি অঞ্চলত সিঁচৰতি হৈ থকা অৱস্থাত এই উদ্ভিদবিধ প্ৰত্যক্ষ কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০২২ চনৰ ৮ অক্টোবৰত সংগ্ৰহ কৰা হয় প্ৰথমটো নমুনা। ২০২৫ চনৰ অক্টোবৰতো আন এক নমুনা সংগ্ৰহ কৰি হাৰ্বাৰিয়াম আৰু ঘনিষ্ঠ প্ৰজাতিসমূহৰ সৈতে তুলনামূলক পৰীক্ষা চলোৱা হয়। বিশেষকৈ কাণ্ডৰ গঠন, ফুলৰ সজ্জা আৰু গুটিৰ আকাৰৰ পাৰ্থক্যৰ ভিত্তিতেই ই যে এক সুকীয়া প্ৰজাতি, সেয়া নিশ্চিত কৰে গৱেষকদ্বয়ে।
মেলাষ্ট’মাটাচিয়া পৰিয়ালৰ অন্তৰ্গত এই উদ্ভিদবিধ এবিধ বহুবৰ্ষজীৱী জোপোহা জাতীয় গছ আৰু ইয়াৰ উচ্চতা প্ৰায় দুইৰ পৰা ২.৫ মিটাৰ পৰ্যন্ত হয়। প্ৰতিটো থোপাত প্ৰায় ৩০ ৰ পৰা ৩৫ টাকৈ গুলাপী ৰঙৰ ফুল ফুলে আৰু এই ফুলবোৰৰ আকাৰ ৩ ৰ পৰা ৩.৫ ছেন্টিমিটাৰ হয়। সাধাৰণতে ছেপ্টেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই গছজোপাত ফুল আৰু ফল দেখা যায়।
মানস ৰাষ্ট্ৰীয় উদ্যানৰ নথিবদ্ধ উদ্ভিদ বৈচিত্ৰ্যক সমৃদ্ধ কৰা এই আৱিষ্কাৰে অসমৰ বনাঞ্চল তথা ঘাঁহনিসমূহৰ জৈৱিক গুৰুত্ব আৰু প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ প্ৰয়োজনীয়তাক পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে।
