বৰাকত অসমীয়া বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনা, ৪ অভিযুক্তক গ্ৰেপ্তাৰ

বৰাকত অসমীয়া বিহু দলৰ ওপৰত আক্ৰমণৰ ঘটনা, ৪ অভিযুক্তক গ্ৰেপ্তাৰ

শ্ৰীভূমিৰ বদৰপুৰত বিহু দলক মাৰপিটৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

বৰাক উপত্যকাত অসমীয়া গীত পৰিৱেশনক কেন্দ্ৰ কৰি এটা থলুৱা বিহু দলৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শ্ৰীভূমি জিলাৰ বদৰপুৰত সংঘটিত এই ঘটনাৰ পাছতে অসমীয়া জাতীয় স্বাভিমান আৰু সাংস্কৃতিক অধিকাৰক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। ইফালে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে সুমিত কুমাৰ দাস, অৰ্ণৱ কুমাৰ ৰয়, প্ৰিয়াংশু পাল আৰু প্ৰিয়াংশু দাস।

উল্লেখ্য যে, ২৩ অক্টোবৰৰ নিশা বদৰপুৰৰ বিসৰ্জন ঘাটত স্থানীয় ‘হিন্দুস্তান ক্লাৱ’ৰ উদ্যোগত দুৰ্গা পূজা উপলক্ষে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত বিহু পৰিৱেশন কৰিবলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনোৱা হৈছিল শ্ৰীভূমি জিলাৰ ‘বৰগুল-আদৰকোনা বিহু দল’ক।

বিহু দলটোৱে মঞ্চত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি থকা সময়তে একাংশ লোকে “বৰাক উপত্যকাত অসমীয়া গান নচলিব” আৰু “অনুষ্ঠান বন্ধ কৰ” বুলি চিঞৰ-বাখৰ কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে বুলি অভিযোগ উত্থাপিত হৈছে।

অসমীয়া আৰু বাংলা গীত পৰিৱেশনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বাক-বিতণ্ডাৰ মাজতে একাংশ লোকে বাঁহ আৰু লাঠী লৈ বিহু দলটোৰ সদস্যসকলৰ ওপৰত আক্ৰমণ চলোৱা বুলি অভিযোগ কৰা হৈছে। এই ঘটনাই সাংস্কৃতিক অনুষ্ঠানৰ নিৰাপত্তা আৰু ভাষিক সম্প্ৰীতিৰ বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।

ঘটনাটোক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিহণা দিছে বুলি জানিব পৰা গৈছে। অসমীয়া ভাষা, সংস্কৃতি আৰু বিহুৰ দৰে পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ দাবীও উত্থাপিত হৈছে।

বৰাক উপত্যকাত বিহু দলৰ ওপৰত সংঘটিত এই আক্ৰমণৰ ঘটনাই ৰাজ্যখনৰ ভাষিক আৰু সাংস্কৃতিক সম্প্ৰীতিৰ প্ৰসংগতো নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে। ঘটনাটোৰ সৈতে জড়িত সকলো দিশৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিভিন্ন মহলে।

এতিয়া প্ৰশ্ন হৈছে—অসমৰ বহুভাষিক আৰু বহুসাংস্কৃতিক সমাজত শিল্পী আৰু সাংস্কৃতিক দলৰ সুৰক্ষা নিশ্চিত কৰাটো কিমান জৰুৰী? এই ঘটনাৰ তদন্তত আৰক্ষীয়ে আৰু কি তথ্য উন্মোচন কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *