আজাৰাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত “আইনৰ শাসন প্ৰতিষ্ঠাত বিশ্ববিদ্যালয়ৰ ভূমিকা” শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয় যে ‎এখন ন্যায়ভিত্তিক আৰু গণতান্ত্ৰিক সমাজৰ মূল ভেটি হৈছে আইনৰ শাসন। আইনৰ আগত সকলো ‎সমান হোৱা, ক্ষমতাশালী ব্যক্তিৰ জবাবদিহিতা নিশ্চিত কৰা আৰু ব্যক্তিৰ অধিকাৰ সুৰক্ষিত ৰখাৰ ‎ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম। পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ‎ঊৰ্ধ্বত নহয় । নাগৰিকৰ অধিকাৰ সুৰক্ষিত ৰখাত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ‎ভূমিকা আছে। বিশ্ববিদ্যালয়সমূহে কেৱল পাঠ্যক্ৰমৰ জ্ঞান প্ৰদানতে সীমাবদ্ধ নাথাকি শিক্ষাৰ্থীৰ মাজত আইন ‎সম্পৰ্কীয় সজাগতা, যুক্তি নিৰ্ভৰ চিন্তা, সাংবিধানিক মূল্যবোধ আৰু আইনৰ প্ৰতি সন্মান গঢ়ি তুলিব ‎লাগে বুলি বুলিও তেওঁ মন্তব্য আগবঢ়ায়। আনহাতে ‎ অনুষ্ঠানত ভাগ লৈ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সভাপতি যশোদা ৰঞ্জন দাসে ভাষণ প্ৰসংগত বিশ্ববিদ্যালয়খন ‎প্ৰতিষ্ঠা কৰাৰ মূল লক্ষ্য আৰু গুণগত শিক্ষা প্ৰদানৰ সপোনৰ কথা উল্লেখ কৰে। অনুষ্ঠানত
বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে ভাষণত কয় যে এখন বিশ্ববিদ্যালয়ৰ প্ৰকৃত ‎সাফল্য কেৱল ইয়াৰ আন্তঃগাথনিৰ পৰিসংখ্যাৰে জুখিব নোৱাৰি। শিক্ষাৰ গুণগত মান, শিক্ষাৰ্থীৰ ‎জীৱনলৈ অনা পৰিৱৰ্তন আৰু সমাজলৈ আগবঢ়োৱা অৱদানেহে এখন শিক্ষানুষ্ঠানৰ প্ৰকৃত মূল্য ‎নিৰ্ধাৰণ কৰে। অনুষ্ঠানত শিক্ষা, গৱেষণা, সেৱা আৰু প্ৰতিষ্ঠানটোৰ প্ৰতি অৱদানৰ স্বীকৃতি স্বৰূপে ‎ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক বঁটা, শিক্ষাৰ্থীৰ প্ৰতিযোগিতাৰ বঁটা, যুৱ গৱেষক বঁটা আৰু ‎শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা প্ৰদান কৰা হয়। সংঘমিত্ৰা দাস ভূঞাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক সম্পদ সমৃদ্ধ ‎কৰাৰ উদ্দেশ্যে গ্ৰন্থ আগবঢ়ায়। ইয়াৰ উপৰিও প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত কুইজ, ভিডিঅ’ নিৰ্মাণ, আলোকচিত্ৰ আৰু দেৱাল চিত্ৰ ‎প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগিতাত ফিজিঅ’থেৰাপী ‎বিভাগৰ বিতোপন অনুৰঞ্জন চৌধুৰী আৰু কৰীণা গোস্বামীয়ে প্ৰথম স্থান লাভ কৰে। ভিডিঅ’ নিৰ্মাণ ‎প্ৰতিযোগিতাত অসামৰিক অভিযান্ত্ৰিক বিভাগৰ তন্মিত্ৰা মহন্তই প্ৰথম স্থান লাভ কৰে। ‎আলোকচিত্ৰ প্ৰতিযোগিতাত বি টেকৰ আৰ্যন দীপ সিঙে প্ৰথম স্থান লাভ কৰে। দেৱাল চিত্ৰ ‎প্ৰতিযোগিতাত প্ৰাণী বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বস্তিকা দাসৰ নেতৃত্বত গঠিত দলে প্ৰথম স্থান লাভ ‎কৰে। আৰম্ভণিতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন, বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটৰ অভিবাদন ৰাষ্ট্ৰীয় সংগীত আৰু বিশ্ববিদ্যালয় সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *