জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিগ্ৰহ কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ ওচৰত হাজিৰ হ’ল মণিপুৰৰ কংগ্ৰেছ সাংসদ ড° আংগোমচা বিমল আকোইজাম। আৰক্ষীৰ চমন লাভ কৰাৰ পিছত বৃহস্পতিবাৰে তদন্তত সহযোগ কৰাৰ উদ্দেশ্যে বসন্ত কুঞ্জ আৰক্ষী থানাত উপস্থিত হৈ নিজৰ জীৱনৰ বহু সময় কটোৱা ৰাজধানী চহৰখনক লৈ গভীৰ আক্ষেপ প্ৰকাশ কৰে সাংসদগৰাকীয়ে।
সাংবাদিকৰ আগত মনৰ ক্ষোভ আৰু হতাশা ব্যক্ত কৰি সাংসদ আকোইজামে কয়, “মই দিল্লীৰ এনে এখন অচিনাকি ঠাইলৈ অহা যেন অনুভৱ হৈছে, য’ত মই জীৱনৰ সিংহভাগ সময় কাম কৰি কটালোঁ। মোৰ এনে লাগিছে যেন মই কোনো শত্ৰুভাৱাপন্ন স্থানলৈহে আহিছোঁ। ইয়াত মই কোনো আত্মীয়তা বা নিজৰ বুলি অনুভৱ কৰিব পৰা নাই।”
তেওঁ পুনৰ কয়, “দিল্লী আৰক্ষীয়ে তদন্তত অংশ ল’বলৈ মাতিছিল বাবেই মই ইয়ালৈ আহিছোঁ। মই সম্পূৰ্ণ সহযোগিতা কৰিব বিচাৰোঁ। ব্যস্ত সময়সূচীৰ মাজতো ইয়ালৈ আহিলোঁ, যাতে পিছত কোনোবাই ক’ব নোৱাৰে যে অধ্যাপকে তদন্তত সহযোগিতা কৰা নাই।”
বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ তদন্ত প্ৰক্ৰিয়াক কঠোৰ সমালোচনা কৰি তেওঁ কয়, “ভগৱানে নিজৰ কাম কৰিব। কিন্তু খাৰ্প পঞ্চায়তৰ দৰে যি ব্যৱস্থা জেএনইউত চলিল, সেই কাণ্ড যাতে ইয়াত পুনৰাবৃত্তি নহয়, সেয়াই মোৰ আশা।” একে সময়তে শেহতীয়া পৰিস্থিতিৰ বাবে তেওঁ নিজ গৃহৰাজ্য মণিপুৰৰ প্ৰতি অধিক টান অনুভৱ কৰা বুলিও সদৰী কৰে।
উল্লেখ্য যে যৌন নিগ্ৰহৰ অভিযোগৰ ভিত্তিত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতেই যোৱা ৯ অক্টোবৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অধ্যাপক আকোইজামক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ইয়াৰ পিছতেই বিশ্ববিদ্যালয়ৰ মুখ্য নিৰাপত্তা বিষয়াৰ এজাহাৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি কংগ্ৰেছ সাংসদগৰাকীলৈ চমন জাৰি কৰে। অৱশ্যে প্ৰথমৰে পৰা নিজৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ মিছা আৰু ভিত্তিহীন বুলি অস্বীকাৰ কৰি অহা আকোইজামে এতিয়া আৰক্ষীৰ জেৰাৰ মুখামুখি হৈছে।
